নিয়মীয়া বাৰ্তা ১২ ফেব্ৰুৱাৰীঃ বেদখলকাৰীৰ কবলৰ পৰা সাৰি যোৱা নাই সাহিত্যৰথী, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ নামত থকা মাটিও৷ শিৱসাগৰৰ পাছিপথাৰত থকা ৫ বিঘা ভূমি বেদখলক লৈ চাঞ্চল্য সৃষ্টি হৈছে৷ সাহিত্যৰথীৰ নামত থকা উক্ত ভূমি উত্তৰাধিকাৰী সূত্রে পৰিয়ালৰ লোকে লাভ কৰিছিল৷ কিন্তু শিৱসাগৰ ৰাজহ চক্র বিষয়াৰ কার্যালয়ত কর্মৰত দুর্নীতিগ্রস্ত মণ্ডল আৰু বিষয়াৰে মিলি এই ভূমিখিনি বিদ্যাধৰ গোহাঁই, আনন্দি গোহাঁই, নিৰেন চন্দ্র গোহাঁই আৰু বিমল চন্দ্র গোহাঁইৰ নামত নামজাৰি কৰা হৈছে৷ আজি গুৱাহাটী প্রেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত এই গুৰুতৰ অভিযোগ উত্থাপন কৰে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ পৰিনাতি অৰুন্ধতী বেজবৰুৱা আৰু সত্যকাম বেজবৰুৱাই৷ সংবাদ মেলত সত্যকাম বেজবৰুৱাই কয় যে শিৱসাগৰৰ পাছিপথাৰৰ ১১৮নং পট্টাৰ ১০৩ আৰু ৫৬৫নং দাগৰ ভূমি লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা উত্তৰাধিকাৰী সূত্রে আনন্দ বেজবৰুৱাই লাভ কৰিছিল৷ শিৱসাগৰ ৰাজহ চক্র বিষয়াৰ কার্যালয়ত ২০১২ চনৰ ১৬ ফেব্রুৱাৰীত নামজাৰি গোচৰৰ ১০০৬/২০১১–১২নং হুকুমমর্মে ১০৩নং দাগৰ মাটি আৰু নামজাৰি গোচৰৰ ১০০৭/২০১১–১২নং হুকুমমর্মে আনন্দ বেজবৰুৱাৰ নামত থকা ভূমিখিনি প্রফুল্ল বেজবৰুৱা, প্রকাশ বেজবৰুৱাৰ নামত নামজাৰি কৰা হয়৷
কিন্তু এই দাগ আৰু পট্টাৰ ভূমি ২০১৮ চনৰ ৭ ডিচেম্বৰত প্রবীৰ ফুকন নামৰ লাট মণ্ডলগৰাকীৰ টোকাৰ ভিত্তিত শিৱসাগৰ ৰাজহ চক্র বিষয়া সম্প্রীতি গোস্বামীয়ে আনন্দ বেজবৰুৱা আৰু প্রফুল্ল বেজবৰুৱাৰ নাম কর্তন কৰাৰ লগতে অৰুণা মুখার্জী, প্রজ্ঞা সুন্দৰীৰ নামো কর্তন কৰে৷ ১১৮নং পট্টাৰ ১০৩নং দাগৰ ২ বিঘা ২ কঠা ১৩ লেচা আৰু ৫৬৫নং দাগৰ ৪ বিঘা, ২ কঠা, ১৩ লেচা ভূমি বিদ্যাধৰ গোহাঁই, আনন্দি গোহাঁই, নিৰেন চন্দ্র গোহাঁই আৰু বিমল চন্দ্র গোহাঁইৰ নামত নামজাৰি কৰি মালিকী স্বত্ব প্রদান কৰে চক্র বিষয়া সম্প্রীতি গোস্বামীয়ে৷ আজিৰ সংবাদ মেলত সাহিত্যৰথীৰ পৰিনাতি সত্যকাম বেজবৰুৱাই শিৱসাগৰ ৰাজহ চক্র বিষয়াৰ কার্যালয়ৰ মণ্ডল প্রবীৰ ফুকন আৰু চক্র বিষয়া গোস্বামীৰ দুর্নীতিৰ বাবেই লক্ষ্মীনাথ বেজবৰুৱাৰ পৰিয়ালে উত্তৰাধিকাৰী সূত্রে লাভ কৰা ভূমি হেৰুৱাবলগীয়া হৈছে বুলি অভিযোগ কৰে৷ লগতে লক্ষ্মীনাথ বেজবৰুৱাৰ পৰিয়ালে উত্তৰাধিকাৰী সূত্রে লাভ কৰা ভূমিত চলি থকা নির্মাণকার্য শেহতীয়াকৈ জিলা উপায়ুক্তই বন্ধ কৰি দিয়া বুলিও সংবাদ মেলত জানিবলৈ দিয়ে৷ সংবাদ মেলৰ জৰিয়তে পৰিনাতি সত্যকাম বেজবৰুৱা আৰু প্রফুল্ল বেজবৰুৱাৰ পত্নী অৰুন্ধতী বেজবৰুৱাই বেদখলকৃত ভূমিত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ এটা লাইব্রেৰী স্থাপন কৰাৰ কথা পৰিকল্পনা কৰিছিল৷ কিন্তু বেদখলৰ বাবেই এয়া সম্ভৱ হৈ নুঠিল বুলি সংবাদ মেলত তেওঁলোকে ক্ষোভ প্রকাশ কৰে৷ চৰকাৰক এইক্ষেত্রত ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনায় ৰসৰাজৰ পৰিনাতি দুগৰাকীয়ে৷