অসমত পুনৰ চৰকাৰ গঠন কৰিব বিজেপিয়ে
বৰাকত মৈত্রী আঁচনিৰ পাঁচখন থানা ভৱন উদ্বোধন কৰি মুখ্যমন্ত্রীৰ ঘোষণা
নিয়মীয়া বাৰ্তা ১১ জানুৱাৰীঃ ভাৰতীয় জনতা পার্টীয়ে পুনৰবাৰ অসমত চৰকাৰ গঠন কৰিব৷ এয়া বৰাক–ব্রহ্মপুত্র উপত্যকাৰ উন্নয়নৰ ধাৰাৰ বাবে স্পষ্ট হৈছে৷ দুয়োখন উপত্যকাৰ ৰাইজৰ মিলাপ্রীতিৰ প্রচেষ্টাই অসমখনক শান্তি আৰু সমৃদ্ধিৰ পথত দ্রুত আগুৱাই লৈ যাব৷ আজি মৈত্রী আঁচনিৰ অধীনত বৰাক উপত্যকাৰ উদাৰবন্দ, জয়পুৰ, ধলাই, বদৰপুৰ আৰু হাইলাকান্দিৰ পাঁচখন আৰক্ষী থানাৰ নৱনির্মিত ভৱনৰ শুভ উদ্বোধন কৰি এনেদৰে কয় মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ উদাৰবন্দত অনুষ্ঠিত প্রথমখন সভাত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয়, বৰাকত আন এখন মেডিকেল কলেজ হাস্পতাল স্থাপন হ’ব৷ ইঞ্জিনিয়াৰিং কলেজ হ’ব৷ বৰাক নৈৰ ওপৰত নতুনকৈ দুখন দলং নির্মাণ কৰা হ’ব৷ ভাৰতৰ ভিতৰত অসমক শ্রেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে বৰাক উপত্যকাৰ উন্নয়ন জৰুৰী৷ –তেওঁ কয়৷
মুখ্যমন্ত্রীয়ে কয় যে ২০১৬ চনত ৰাজ্য পৰিচালনাৰ গুৰু দায়িত্ব গ্রহণৰ পিছৰে পৰা অসমৰ আর্থ–সামাজিক অৱস্থা, আন্তঃগাঁথনি আদি সকলো দিশতে পৰিৱর্তন অনাৰ বাবে ২৪ ঘণ্টাই সমর্পিত হৈ ৰাজ্য চৰকাৰখনে কাম কৰি আহিছে৷ চৰকাৰৰ বিগত চাৰে চাৰি বছৰীয়া কার্যকালৰ কাম–কাজ পর্যালোচনা কৰিলেই এই কথাৰ উমান পাব পাৰি বুলি মুখ্যমন্ত্রীয়ে কয়৷ মোদীৰ স্মার্ট পুলিচৰ ধাৰণাৰে উজ্জীৱিত হৈ বর্তমানৰ ৰাজ্য চৰকাৰখনেও নিজৰ কার্যকালৰ প্রথমখন বাজেটতে ৰাজ্যৰ আৰক্ষী থানাসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে মৈত্রী আঁচনি গ্রহণ কৰিছিল৷ প্রথম পর্যায়ত এই আঁচনিৰ অধীনত হাতত লোৱা ৭৩খন থানাৰ আন্তঃগাঁথনি ইতিমধ্যে সাজু হৈ উঠিছে৷ মুখ্যমন্ত্রী সোণোৱালে কয় যে বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ দ্রুত বিকাশৰ ফলত আজি অপৰাধৰ পদ্ধতিসমূহ সলনি হৈছে৷ অসম আৰক্ষীয়ে বিভিন্ন অপৰাধৰ ক্ষেত্রত অতি তৎপৰতাৰে কার্যব্যৱস্থা গ্রহণ কৰি সফলতা অর্জন কৰিছে বুলি তেওঁ উল্লেখ কৰে৷
মুখ্যমন্ত্রীয়ে লগতে কয় যে দিনক–দিনে ৰাইজৰ আৰক্ষীৰ ওপৰত আস্থা বৃদ্ধি পাইছে৷ উল্লেখ্য যে অনুষ্ঠানত উপস্থিত থাকে মন্ত্রী পৰিমল শুক্লবৈদ্য, উপাধ্যক্ষ আমিনুল হক লস্কৰ, সাংসদ ডাঃ ৰাজদীপ ৰয়, বিধায়ক দিলীপ কুমাৰ পাল, বিধায়ক মিহিৰ কান্তি সোম, বিধায়ক কিশোৰ নাথ, বিধায়ক অমৰচান্দ জৈন, ডিজিপি ভাস্কৰজ্যোতি মহন্ত, ডি আই জি দিলীপ কুমাৰ দে’, আৰক্ষী অধীক্ষক বি এল মীনা , উপায়ুক্ত কীর্তি জল্লি আদি৷ সভাত ৰাইজৰ নিৰাপত্তা ব্যৱস্থা গ্রহণৰ ক্ষেত্রত ডিজিপি ভাস্কৰজ্যোতি মহন্তই প্রতিশ্রুতি দিয়ে৷ ‘স্মার্ট পুলিচৰ ধাৰণা বাস্তৱায়িত কৰি অসম আৰক্ষী বাহিনীক অধিক দায়িত্বশীল, শক্তিশালী আৰু বিশ্বাসযোগ্য বাহিনী হিচাপে গঢ়ি তুলিবলৈ প্রচেষ্টা অব্যাহত ৰখা হৈছে৷ ইয়াৰ অংশস্বৰূপে অসম আৰক্ষীয়ে হাতত লোৱা ‘মৈত্রী’ আঁচনিৰ অধীনত প্রতিখন থানাত ২৪ ঘণ্টাই পানীৰ ব্যৱস্থা, বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে প্রয়োজনীয় সুবিধা, ড্রাগছ আসক্ত আৰু শিশু অপৰাধীসকলৰ কাউন্সেলিঙৰ ব্যৱস্থা, ইণ্টাৰনেটৰ ব্যৱস্থা, ৰাইজৰ বাবে প্রয়োজনীয় সকলো সা–সুবিধা, অপৰাধীক ধৰা পেলোৱাৰ বাবে অত্যাধুনিক প্রযুক্তিৰ ব্যৱস্থা থাকিব৷ এই আঁচনিৰ অধীনত প্রথম পর্যায়ত ৰাজ্যখনৰ ৭৩খন আৰক্ষী থানাক সামৰি লোৱা হৈছে৷ ইপিনে আজি সন্ধিয়া কাছাৰ বন বিভাগৰ তত্ত্বাৱধানত ধলাই সমষ্টিত ‘সাহিত্য মনীষী উপবন’ উদ্বোধন কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷