🔹 ‘শ্ৰীমদ্ভাগৱত আৰু নৱপ্ৰজন্মক নামঘৰৰ প্ৰতি আগ্ৰহান্বিত কৰা’ শীৰ্ষক আলোচনা-চক্ৰ
নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিল : খুমটাইৰ বৃহত্তৰ কচুপথাৰ অঞ্চলৰ ১৪ ভাগ নামঘৰৰ ধৰ্মপ্ৰাণ গুণী- জ্ঞানী বৈষ্ণৱসকলৰ ঐকান্তিক প্ৰচেষ্টাত জন্ম হোৱা সাৰ্বজনীন অবিৰত ভাগৱত পাঠ কেন্দ্ৰীয় সমিতিৰ সহযোগত গেলেকীয়াল নামঘৰৰ সৌজন্যত দশম বাৰ্ষিক অবিৰত ভাগৱত পাঠ গেলেকীয়াল নামঘৰৰ সেৱকীসকলৰ সহযোগত ৪ এপ্ৰিলৰ পৰা অনুষ্ঠিত হৈছে আৰু ১১ এপ্ৰিলত সামৰণি পৰিব । সেই উপলক্ষে প্ৰথম দিনা পুৱা ভাগত মুখ্য নামাচাৰ্য আৰু নামাচাৰ্য আদৰণিৰ পিছতে প্ৰসংগ। দিনৰ ১২ বজাত ধৰ্মালোচনা সভা অনুষ্ঠিত হয়। “শ্ৰীমদ্ভাগৱত আৰু নৱপ্ৰজন্মক নামঘৰৰ প্ৰতি আগ্ৰহান্বিত কৰা সম্পৰ্কে” শীৰ্ষক আলোচনা-চক্ৰ। মুখ্য আলোচক মাহৰা সত্ৰৰ সত্ৰাধিকাৰ গৌতম গোস্বামী, আলোচক বিশিষ্ট সাহিত্যিক তথা ২০২৪ বৰ্ষৰ অসম চৰকাৰৰ সাহিত্যিক বঁটাপ্ৰাপক পৱিত্ৰ বৰবৰাৰ, জ্যেষ্ঠ সাংবাদিক তথা ২০২৪ বৰ্ষৰ আপকু সদস্য মহীয়ান বঁটা প্ৰাপক নবীন গোহাঁই। আলোচনা সভা মহিলাসকলৰ দ্বাৰা পৰিৱেশন কৰা দিহানামেৰে আৰম্ভ কৰা হয়। অনুষ্ঠানটিৰ আঁত ধৰে স্মৃতিগ্ৰন্থ বিভাগৰ সম্পাদক কুমুদ বৰাই । বিয়লি চাৰি বজাত গেলেকীয়াল নামঘৰৰ নৱনিৰ্মিত পথ উন্মোচন কৰে বিধায়ক মৃণাল শইকীয়াই, অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী মুনিন্দ্ৰ মোহন গগৈৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। সন্ধিয়া প্ৰসংগৰ পিছতে অধিবাস। পিছদিনা পুৱা ৪ বজাত পুৱা প্ৰসংগ কৰে বাবালী ফুকনে, পুৱা ৬ বজাত ধৰ্মধ্বজা উত্তোলন কৰে সাৰ্বজনীন অবিৰত ভাগৱত পাঠ কেন্দ্ৰীয় সমিতিৰ সভাপতি মৃদুল শইকীয়াই, লগতে সহযোগী ১৪ ভাগি নামঘৰৰ ধৰ্মধ্বজা উত্তোলন কৰে সহযোগী নামঘৰৰ সভাপতি আৰু সম্পাদকে। পুৱা ৭ বজাত স্মৃতি তৰ্পণ কৰে সমাজসেৱক শিৱ বৰাই, ৭.৩০ বজাত গছপুলি ৰোপণ কৰে সাৰ্বজনীন অবিৰত ভাগৱত পাঠ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি চিকন চন্দ্ৰ ঠেঙালে, ৮ বজাত স্মাৰক উন্মোচন কৰে এলেঙি মদাৰগুৰি সত্ৰাধিকাৰ উপেন মহন্তই । ইয়াৰ পিছতে ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী তথা সাৰ্বজনীন অবিৰত ভাগৱত পাঠ কেন্দ্ৰীয় সমিতিৰ প্ৰতিষ্ঠাপক প্ৰাক্তন সম্পাদক মুনিন্দ্ৰ মোহন গগৈয়ে। শেষৰ দিনা ভাগৱত সামৰণি, মুকলি সভা, স্মৃতিগ্ৰন্থ উন্মোচন আৰু সন্ধিয়া ভাওনা প্ৰদৰ্শন হ’ব বুলি সাৰ্বজনীন অবিৰত ভাগৱত পাঠ কেন্দ্ৰীয় সমিতিৰ সভাপতি মৃদুল শইকীয়া, সম্পাদক কীৰ্তি গগৈ আৰু সাৰ্বজনীন অবিৰত ভাগৱত পাঠ উদযাপন সমিতিৰ সভাপতি গোলাপ বৰা আৰু সম্পাদক দিগন্ত ফুকনে জানিবলৈ দিয়ে।