অসমীয়াৰ তেজত চিৰপ্ৰৱাহিত বিহুৰ ঢোল-পেঁপাৰে মুখৰ পাঠশালাৰ ভগৱতী ক্ষেত্ৰ
নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ অসমীয়া মন প্ৰাণ আন্দোলিত কৰা বাপতিসাহোন ৰঙালী বিহুক আদৰিবলৈ পূৰ্ণ প্ৰস্তুতি চলিছে বজালী জিলা সদৰ পাঠশালাত৷ হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটিমান দিন বাকী থকাৰ সময়তে ঢোল, পেপা, বাঁহী, টকা, গগনাৰ শব্দই ৰজনজনাইছে অযমৰ নাট্য সংস্কৃতিৰ নগৰী পাঠশালা৷ বিহু নাচনিৰ নাচনিৰ ককাল ভাঙি নাচ দিয়াৰ পূৰ্ণ আখৰাই সন্মোহিত কৰিছে ৰাইজক৷ ৰঙালী বিহুৰ মাদকতা লবলৈ বিগত কিছুদিন ধৰি পাঠশালাৰ ভগৱতী ক্ষেত্ৰত দিন ৰাতি একাকাৰ কৰিছে প্ৰায় ডেৰ শতাধিক বিহু বলীয়া ডেকা গাভৰুৱে৷ বজালী বিহুৱা দলৰ উদ্যোগত আয়োজন কৰা এটি দহদিনীয়া কৰ্মশালা অংশ লৈছে তিনি-চাৰি বছৰীয়া শিশু নাচনিৰ পৰা আৰম্ভ কৰি বিশ-পঁচিশ বছৰ বয়সৰ নাচনীলৈকে৷ কৰ্মশালাত প্ৰশিক্ষাৰ্থীসকলে অংশ লৈ অকল বিহু নাচৰ চৰ্চা কৰাই নহয় বিহু নৃত্য সম্পৰ্কেও বহু নজনা কথা জানিব পৰা বুলি ব্যক্ত কৰি আনন্দিত হৈ পৰিছে৷ আনহাতে কৰ্মশালাত অংশগ্ৰহণ কৰা বিহু গীত আৰু নৃত্যৰ বিশিষ্ট প্ৰশিক্ষণক বিপ্লৱ গগৈয়ে কয় যে বিহুক শুদ্ধ ৰূপত প্ৰতিষ্ঠা কৰিবলৈ প্ৰশিক্ষণৰ অতিব প্ৰয়োজন৷ ইয়াক বিশ্বৰ দৰবাৰত প্ৰতিস্থা কৰিবলৈ বিহুৰ নৃত্য আৰু গীতত শৃংখলাবদ্বতা অতিকৈ প্ৰয়োজন৷ বিহু নৃত্যৰ কৰ্মশালাত অংশ লৈ নলবাৰী এগৰাকী প্ৰশিক্ষাৰ্থী চুইতি সৰকাৰে কয় যে প্ৰতিজন অসমীয়াৰ তেজত দগমগাই থাকে বিহুৰ নৃত্য- গীতৰ পৰম্পৰা৷ কেবাজনো বিশিষ্ট প্ৰশিক্ষকে অংশ গ্ৰহনণএই কৰ্মশালাত উদ্যোগ গ্ৰহণ কৰিছে পাঠশালা বিশিষ্ট ঢুলীয়া পোনা ৰয়ে৷ ইপিনে পাঠশালাৰ আৱাহন গ্ৰুপ অফ ইনষ্টিটিউচনৰ উদ্যোগতো বিহুনাচৰ কৰ্মশালাত যথেষ্ট সংখ্যক নাচনীৰ অংশগ্ৰহণেৰে অঞ্চলটি ৰঙালীময় কৰি তুলিছে৷
প্ৰেৰক কল্যাণ কলিতা