নিয়মীয়া বাৰ্তা, ৩ জুলাইঃ আজি নলবাৰীত ৮ টা বিভিন্ন কাৰ্যসূচী ৰূপায়নৰ বাবে নলবাৰীত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে নলবাৰী গণেশ মন্দিৰৰ পৰা হৰিমন্দিৰ চ’কলৈ যোৱা “গৌৰৱ” নামৰ পথটো উদ্বোধন কৰাৰ পিছতে সমীপত থকা ভাগ্যশ্ৰী টাটা মটৰ্চৰ পৰিচালন সঞ্চালক দিলীপ কুমাৰ দাসৰ নেতৃত্বত প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী সকলে বিশেষ সম্বৰ্ধনা জনায়। সম্বৰ্ধনা গ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলক নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ লগত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ দিলীপ শইকীয়া আদি।
প্ৰেৰক বীৰেন কলিতা