নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ শুভ উদ্বোধন

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰী : উজনি মাজুলীৰ অন্যতম শিক্ষানুষ্ঠান ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ শুভ উদ্বোধনী অনুষ্ঠান ২৫ জানুৱাৰীত অনুষ্ঠিত হৈ যায়৷ পুৱা পৰিৱেশ নিকাকৰণ, পতাকা উত্তোলনৰ পিছত বৃহত্তৰ ভকতিদুৱাৰ অঞ্চলৰ পঞ্চাশজন বয়োজ্যেষ্ঠ ব্যক্তি তথা বিদ্যালয়খনৰ প্ৰতিষ্ঠা কালত অৰিহণা যোগোৱা পৰিয়ালৰ লোকসকলে ৫০গছি বন্তি প্ৰজ্বলন কৰি বছৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । এই উপলক্ষে অনুষ্ঠিত হোৱা ৰাজহুৱা সভাখন নাৰিকল ভাঙি শুভাৰম্ভ কৰে ভকতিদুৱাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠা কালৰ প্ৰধান শিক্ষক জগেশ্বৰ বৰুৱাই ৷ সভাখনত ৰাঙলীবাহাৰ গাঁৱৰ শিশু বৈষ্ণৱসকলে গায়ন-বায়নেৰে সভাৰ শুভাৰম্ভ কৰাৰ পিছত বিদ্যালয়ৰ ছাত্ৰীসকলে মাংগলিক প্ৰাৰ্থনা আৰু বিদ্যালয় সংগীতেৰে পৰিৱেশটো মধুৰ কৰি তোলে ৷ বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দুৰ্গেশ্বৰ শইকীয়াই আঁত ধৰা সভাখনত সভাপতিত্ব কৰে বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত  অধ্যক্ষ ঋষভ মহন্তই ৷ সভাখনত সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীৰ ওপৰত বক্তব্য প্ৰদান কৰে বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ কৃষ্ণৰাম বৈৰাগী, প্ৰাক্তন ছাত্ৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰাক্তন সভাপতি ঋষেশ্বৰ হাজৰিকা, বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সুবেট চন্দ্ৰ ঘোষ, বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি তথা জেংৰাইমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জীৱন চন্দ্ৰ শইকীয়াই ৷ সভাখনত প্ৰতিজন বক্তাই বিদ্যালয়ৰ ঐতিহ্য সুঁৱৰি বিদ্যালয়খনৰ শিক্ষাৰ মান, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ কৰণীয় আদি দিশৰ ওপৰত আলোকপাত কৰাৰ লগতে সকলোৱে এই ঐতিহ্যমণ্ডিত সোণালী জয়ন্তী বৰ্ষটো উলহ-মালহেৰে উদযাপন কৰি বিদ্যালয়খনৰ মান উজলাই ৰখাৰ ওপৰত বক্তব্য প্ৰদান কৰে ৷
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড
You might also like