নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰঃ মহাপুৰুষ শঙ্কৰদেৱ গুৰু জনাই সমাজৰ পৰা অপসংস্কৃতি-অজ্ঞানতা আঁতৰাই জ্ঞানৰ পোহৰেৰে ধৰ্ম প্ৰচাৰৰ লক্ষ্য হিচাপে আয়োজন কৰিছিল অঙ্কীয়া ভাওনা৷ এই অঙ্কীয়া ভাওনাই মৰিগাঁৱৰ ঐতিহ্যমণ্ডিত শঙ্কৰী কলা সংস্কৃতি আৰু পৰম্পৰা বহন কৰা সাৰ্বজনীন চৰাইবাহী কমিটি ভাওনা মহোৎসৱে ইতিমধ্যে ৰাজ্যখনৰ সাংস্কৃতিক জগতখনত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ মহাপুৰুষজনাৰ আদৰ্শকে শিৰত লৈ চৰাইবাহী অঞ্চলৰ বিভিন্ন জাতি-উপজাতি মিলিত হৈ একেনিশাতে ২০ৰ পৰা ২৫খন অংকীয়া ভাওনা অনুষ্ঠিত কৰা এই মহোৎসৱে শংকৰী কলা কৃষ্টি বিকাশত অৰিহনা যোগাই অহাৰ উপৰি জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে উজ্জ্বল আদৰ্শৰ ধ্বজা উৰুৱাই সকলো লোকৰ মাজত একতা, সমন্বয় আৰু ভাতৃত্ববোধৰ এনাজৰী গঢ়ি তুলিছে ৷ ১৮৫৮ চনত চিপাহী বিদ্ৰোহৰ শেষত ভাৰত সম্ৰাজ্ঞী হোৱা ৰাণী ভিক্টোৰিয়াক আদৰণি জনাই আনন্দ উৎসৱ কৰা এই ভাওনা তথা উৎসৱে ক্ৰমাৎ কমিটি ভাওনা নাম লৈ তেতিয়াৰে পৰা অনুষ্ঠিত হৈ আহিছে ৷ বিগত বৰ্ষবোৰৰ দৰে এইবাৰো ২ নবেম্বৰৰ পৰা মৰিগাঁৱৰ বৃহত্তৰ চৰাইবাহী ৰাইজৰ জাতীয় উৎসৱ হিচাপে চিহ্নিত কমিটি ভাওনা ১০ নৱেম্বৰলৈ বিভিন্ন বৰ্ণাঢ়্য কাৰ্যসূচীৰে সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰ, সাৰ্বজনীন শংকৰ মন্দিৰ আৰু বড়িগাঁও ৰাস মন্দিৰত অনুষ্ঠিত হ’ৱ৷ ইতিমধ্যে সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰত কমলেন্দ্ৰ দেৱ নাথক সভাপতি আৰু দিগন্ত কুমাৰ নাথ সম্পাদক , সাৰ্বজনীন শংকৰ মন্দিৰত গিৰীন্দ্ৰ সাটনীয়াৰক সভাপতি আৰু চিত্ৰ দাসক সম্পাদক আৰু বড়িগাঁও ৰাস মন্দিৰত নিতুল বৰদলৈক সভাপতি আৰু জিত্ৰ বৰদলৈক সম্পাদক হিচাপে লৈ কমিটি ভাওনাৰ ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে ৷ উল্লেখ যে তিনিওখন সমিতিৰ পৰা জানিব পৰা মতে এই বৰ্ষত সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰত মুঠ ১২খন খন, সাৰ্বজনীন শংকৰ মন্দিৰত ১০খন আৰু বড়িগাঁও ৰাস মন্দিৰত এখন অংকীয়া নাটেৰে মুঠ ২৩খন অংকীয়া ভাওনা একে নিশাতে প্ৰদৰ্শন হ’ৱ ৷ এই লৈ ভাৱৰীয়াসকলেও নিজৰ দক্ষতা প্ৰকাশ কৰিবলৈ প্ৰস্তুতি অব্যাহত ৰাখিছে ৷ ইতিমধ্যে চৰাইবাহী অঞ্চলৰ ২৩টা নামঘৰত সন্ধিয়া সন্ধিয়া নাটসমূহৰ আখৰা কৰা দেখা গৈছে৷ সন্ধিয়া হোৱাৰ লগে লগে অঞ্চলটোৰ গায়ন বায়ন আৰু ভাৱৰীয়াসকল নিজৰ নিজৰ নামঘৰত আখৰাত ব্যস্ত হৈ পৰিছে ৷ মহাভাৰতৰ ভীম-জয়দ্ৰথ যুদ্ধ, ৰামায়ণ ৰাম-ৰাৱণৰ যুদ্ধ আদিৰ আখৰা, ভাৱৰীয়াৰ বিলাপ, প্ৰয়াৰ, আদিৰ লগতে গায়ন-বায়নৰ খোল তালৰ শব্দত অঞ্চলটোত এতিয়াৰে পৰা এক উৎসৱমুখৰ হৈ পৰিছে ৷ আনহাতে গৃহিণীসকলেও তিনি বছৰৰ অন্তত হ’ৱলগা কমিটি ভাওনালৈ অহা অতিথিক আপ্যায়ন কৰিবলৈ অধীৰ আগ্ৰহেৰে ৰৈ থকা পৰিলক্ষিত হৈছে ৷
প্ৰেৰক মানস নাথ