নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰী : মাজুলীৰ চুবুৰীয়া লখিমপুৰ জিলাৰ লখিমপুৰ আৰু নাওবৈচা সমষ্টিত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত অংশ লৈ মাজুলীৰে ওভতনি যাত্ৰা কৰাৰ সময়ত অফলামুখ পাৰঘাটত সাংবাদিকৰে মুখামুখি হৈ মন্ত্ৰী অতুল বৰাই বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে। সেই অনুসৰি মাজুলীত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত প্ৰথমে মন্ত্ৰী অতুল বৰাই কয় যে যি সময়ত মোদী চৰকাৰ তথা ৰাজ্য চৰকাৰে জোৰদাৰ গতিত সৰ্বসাধাৰণ ৰাইজৰ কাৰণে কাম কৰি আছে তেন্তে সময়ত ৰাহুল গান্ধীয়ে তেওঁলোকৰ দিনৰে একাংশ সমস্যাৰ বিষয়ে আলোকপাত কৰিবলৈ ন্যায় যাত্ৰা নাম দি কাৰ্যসূচী কৰিছে। যি সময়ত কংগ্ৰেছ সৃষ্ট সমস্যা সমূহ সমাধানৰ বাবে আমি চেষ্টা কৰি আছোঁ সেই সময়তে ন্যায় যাত্ৰা কৰি জনসাধাৰণৰ মাজত আৱেগ সৃষ্টি কৰি লাভ নাই বুলি তেওঁ উল্লেখ কৰি উন্নয়নৰ ঢৌৰ সময়ত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাই কোনো প্ৰভাৱ নেপেলায় বুলি তেওঁ উল্লেখ কৰে। ৰাজ্যখনৰ কিছু পৰিস্থিতি কংগ্ৰেছৰ বাবেই সৃষ্টি হোৱা বুলি তেওঁ লগতে উল্লেখ কৰে। আনহাতে আগন্তুক লোকসভা নিৰ্বাচনক লৈ আঞ্চলিক দল অগপ কিদৰে সাজু হৈছে বুলি সোধা আন এক প্ৰশ্নৰ উত্তৰত অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই কয় যে আগন্তুক নিৰ্বাচনক লৈ আমি সাংগঠনিকভাৱে একপ্ৰকাৰে সাজু হৈছোঁ। কাইলৈও যোৰহাটত বুথ পৰ্যায়ৰ সভা দিয়া হৈছে বুলি উল্লেখ কৰে। ইফালে মিত্ৰ দল বিজেপিৰে আসন ভাগ-বাটোৱাৰা সম্পর্কত তেওঁ এতিয়াও নিশ্চিত হোৱা নাই বুলি লগতে উল্লেখ কৰে। আনহাতে গোলাঘাট জিলা ছাত্র সন্থাই মন্ত্ৰী অতুল বৰাসহ আন স্থানীয় বিধায়কক কাৰ্যালয়লৈ নিমন্ত্ৰণ দি প্ৰীতি ভোজ অনুষ্ঠিত কৰি আছুৰ কেন্দ্ৰীয় নেতৃত্বৰ ৰোষত পৰা সন্দৰ্ভত মন্ত্ৰী গৰাকীৰ পৰা সাংবাদিকে জানিবলৈ বিচৰাত তেওঁ সেইটো তেওঁলোকৰ নিজৰ বিষয় বুলি গা এৰাহে মন্তব্য কৰে।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড