নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় জনতা কৃষক মৰ্চাৰ কাতি বিহু উদযাপন

বিশেষ বাৰ্তা, ১৮ অক্টোবৰ : প্ৰত্যেক বৰ্ষৰ দৰে এই বৰ্ষতো ভাৰতীয় জনতা কৃষক মৰ্চা অসম প্ৰদেশৰ উদ্যোগত আৰু ভাৰতীয় জনতা পাৰ্টী গুৱাহাটী মহানগৰ জিলাৰ সহযোগত সোণাপুৰ মণ্ডলত কাতি বিহু উদযাপন কৰা হয় । কৃষক মৰ্চা অসম প্ৰদেশৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যই তুলসীৰ তলত মাটি চাকি প্ৰজ্বলনেৰে আৰম্ভ কৰা কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টীৰ গুৱাহাটী মহানগৰ জিলাৰ সভাপতি তপন দাসে আকাশবন্তি প্ৰজ্বলন কৰে। ইয়াৰ পিছতেই আয়তীসকলে হৰিনামৰ ধ্বনিৰে এই কাৰ্যসূচী সুন্দৰ কৰি তোলে । কাতি বিহু সন্দৰ্ভত কৃষক মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য, কৃষক মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভাপতি প্ৰাণকুমাৰ দাস, জিলা সভাপতি তপন দাসে আলোকপাত কৰে । ইয়াৰ পিছতেই সোণাপুৰৰ স্থানীয় লোকৰ ঘৰত সকলো গৈ পৰম্পৰাগতভাৱে তুলসীৰ তলত মাটি চাকি জ্বলায় । এই কাৰ্যসূচীত কৃষক মৰ্চা অসম প্ৰদেশৰ আনগৰাকী সাধাৰণ সম্পাদক সঞ্জীৱ বড়া, কৃষক মৰ্চাৰ ৰাজ্যিক বিষয়ববীয়াসকল, ভাৰতীয় জনতা পাৰ্টীৰ জিলাৰ কাৰ্যকৰ্তাসকল, সোণাপুৰ মণ্ডলৰ সভাপতিৰ লগতে মণ্ডলৰ বিষয়ববীয়া, সকলো সদস্য আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ।

You might also like