নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰঃ নামনি অসমৰ উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰস্থল ঐতিহ্যমণ্ডিত বজালী মহাবিদ্যালয়ক দুবছৰ পূৰ্বে ভট্টদেৱ বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ’ল যদিও পর্যাপ্ত আন্তঃগাঁথনিৰ অভাৱত স্থবিৰ হৈ পৰিছে বিশ্ববিদ্যালয়খনৰ শৈক্ষিক বাতাবৰণ৷ যাৰ বাবে শিক্ষানুষ্ঠানখনৰ ছাত্ৰ ছাত্ৰী আৰু বজালীৰ বিভিন্ন দল-সংগঠনে লব লগা হৈছে আন্দোলনৰ কাৰ্যসূচী৷ বিশ্ববিদ্যালয়ৰ নিচিনা এখন অনুষ্ঠানত খোৱা পানীৰ সমস্যা, ডেস্ক বেঞ্চৰ সমস্যা, শিক্ষক শিক্ষয়িত্ৰীৰ নাটনি, বিভিন্ন বিষয়ৰ পাঠ্যক্ৰম নোহোৱাটো দৰাচলতে শিক্ষা জগতৰ বাবে এক ভয়ানক সমস্যা৷ কিন্তু এই লৈ যেন কাণসাৰ নাই ভট্টদেৱ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ৷ আনহাতে বিশ্ববিদ্যালয়খনৰ বৰ্ধিত মাচুলেও ছাত্ৰ-ছাত্ৰীক শিক্ষা লাভৰ পৰা বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ আছে৷ এনে সকলো বিষয় সামৰি আজি বিশ্ববিদ্যালয়ৰ চৌহদত পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ সহযোগত এই সমস্যাসমূহ সমাধানৰ দাবীত ৰূপায়ণ কৰে ৬ ঘন্টীয়া প্ৰতিবাদী অনশন কাৰ্যসূচী৷ প্ৰতিবাদী অনশনত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে শীঘ্ৰে বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিৰ মান উন্নত কৰিবলৈ কৰ্তৃপক্ষক দাবী জনায়৷ যদিহে ভট্টদেৱ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ সমস্যাসমূহৰ ওপৰত গুৰুত্ব আৰোপ নকৰে তেন্তে ভৱিষ্যতে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰো হুংকাৰ দিয়ে৷ প্ৰতিবাদকাৰীসকলে ৭টাকৈ দাবীৰে ৰূপায়ণ কৰা অনশন কাৰ্যসূচীত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক, ছাত্ৰ কল্যাণ সঞ্চালক আৰু ছাত্ৰ কল্যাণ পৰিষদৰ সহযোগী ডীন আহি উপস্থিত হয় আৰু তেওঁলোকৰ দাবীসমূহৰ ওপৰত আলোচনা কৰে৷ আলোচনাৰ অন্তত এইবৰ্ষৰ শ্ৰেণীসমূহ অন্ত পৰাৰ পিছত যেতিয়া নতুন শ্ৰেণী আৰম্ভ হব অৰ্থাৎ দ্বিতীয় বৰ্ষৰ ভিতৰত নতুনকৈ নিৰ্মিত হৈ থকা শ্ৰেণী কোঠাসমূহ মুকলি কৰি দিয়া হব আশ্বাস দি ছাত্ৰ- ছাত্ৰী নিবাসৰ বৰ্দ্ধিত মাছুল হ্ৰাস কৰাৰ ক্ষেত্ৰতো পুনৰ আলোচনা কৰা হব বুলি সদৰী কৰে৷ উল্লেখ্য যে এই মাচুল সন্দৰ্ভত পূৰ্বে আলোচনা হৈ গৈছিল৷ আনহাতে অহা সাত দিনৰ ভিতৰত বিশুদ্ধ খোৱা পানী ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব বুলি আশ্বাস দি শ্ৰেণী কোঠাসমূহৰ বোৰ্ড, ডেক্স, বেঞ্চ, ফেন, লাইট আদি যোগান ধৰা, বিজ্ঞান ভৱনটোৰ দুৰ্বল আন্তঃগাঁথনিৰ বাবে নিৰ্মীয়মান শ্ৰেণী কোঠাসমূহত বিজ্ঞান ভৱনত থকা শ্ৰেণীসমূহ সলনি কৰাৰ লগতে নতুন ছাত্ৰাবাস নিৰ্মাণৰ বাবে ঊৰ্ধ্বতন বিষয়াসকলক লগ কৰি কামসমূহ ক্ষিপ্রতাৰে আৰম্ভ কৰিব বুলি কৈ শিক্ষক-শিক্ষয়িত্ৰীৰ অভাৱ জানুৱাৰী মাহৰ ভিতৰত শেষ হব বুলি বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়কগৰাকীয়ে প্ৰতিবাদকাৰীসকলক আশ্বাস প্ৰদান কৰে৷ উল্লেখযোগ্য যে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ আছু গোটৰ তৰফৰ পৰা কতৃপক্ষক বাৰম্বাৰ দাবী জনাই অহাৰ পিছত ও কৰ্তৃপক্ষই তেওঁলোকক কোনো ধৰণৰ ইতিবাচক সিদ্ধান্ত দিয়া নাছিল যাৰ পৰিপ্ৰেক্ষিতত আজি এই অনশন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল৷ আজিৰ অনশন কাৰ্যসূচীত পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ধৃতিৰাজ তালুকদাৰ, সাধাৰণ সম্পাদক অংকুৰ মেধিৰ লগতে আছু নেতা- কৰ্মী বিজিত তালুকদাৰ, সীমান্ত কাকতি, ভট্টদেৱ বিশ্ববিদ্যালয় আছু গোটৰ সভাপতি দিম্পল পাটগিৰি, সাধাৰণ সম্পাদক অংকুৰ মালাকৰ, সীমান্ত দাসসহ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷ ৬ ঘণ্টাৰ অন্তত বজালী মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিমাংশু শৰ্মাই অনশনকাৰীসকলৰ অনশন ভংগ কৰায়৷
প্ৰেৰক কল্যাণ কলিতা