নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰীয় পৰ্যায়ৰ জুডো খেলত স্বৰ্ণ পদক তিনিচুকীয়াৰ ভৱানীৰ

🔹 মৰাণক ৰে’ল ষ্টেচনৰ পৰা উষ্ম আদৰণি দল-সংগঠনৰ
বিশেষ বাৰ্তা, ২৭ জানুৱাৰী : জুডো ফেডাৰেচন অৱ ইণ্ডিয়াৰ তত্ত্বাৱধানত মহাৰাষ্ট্ৰ জুডো এছ’চিয়েছন এণ্ড ইন্সপায়াৰ ইনষ্টিটিউট অৱ স্পৰ্টছৰ উদ্যোগত ১৯ আৰু ২০ জানুৱাৰীত মহাৰাষ্ট্ৰৰ পুনেত অনুষ্ঠিত ছাব জুনিয়ৰ এণ্ড কেডেটছ নেচনেল জুডো চেম্পিয়নশ্বিপ ২০২৪-২৫ত তিনিচুকীয়া জিলাৰ বাঘজান গাঁৱৰ ভৱানী মৰাণে অসমৰ হৈ প্ৰতিনিধিত্ব কৰি ৫৭ কেজি শাখাত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়। যি খবৰে তিনিচুকীয়াৰ লগতে ৰাজ্যবাসীলৈ কঢ়িয়াই আনিছে গৌৰৱ। সদৌ অসম জুডো সন্থাৰ সভাপতি বাণীব্রত দাস, সম্পাদক জাপৰ খানৰ লগতে সন্থাৰ তৰফৰ পৰা অসমৰ হৈ প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় জুডো প্ৰতিযোগিতাত স্বৰ্ণ পদক আঁজুৰি আনিবলৈ সক্ষম হোৱা ভৱানী মৰাণক অভিনন্দন আৰু শুভেচ্ছা জনোৱাৰ লগতে তিনিচুকীয়া ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণত প্ৰশিক্ষণ প্ৰদান কৰা পৰমেশ্বৰ আৰু চিকেন্দ্ৰন আছাৰক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰে। স্বৰ্ণ পদক লাভ কৰি ভৱানী মৰাণে ৰে’লৰ জৰিয়তে তিনিচুকীয়াত উপস্থিত হোৱাৰ লগে লগে বিভিন্ন দল-সংগঠন তথা বাঘজানবাসীয়ে ফুলাম গামোচা, চেলেং, ফুলৰ থোপা, জাপি, শৰাইৰে উষ্ম আদৰণি জনাই আনন্দ প্ৰকাশ কৰে। এই সন্দৰ্ভত ভৱানী মৰাণে ১১ বছৰ বয়সৰ পৰা জুডো খেল খেলি থকা বুলি সদৰী কৰি এই সাফল্যত যথেষ্ট আনন্দিত বুলি মন্তব্য কৰে আৰু কয় যে দেশৰ অধিকাংশ ৰাজ্যই অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত কেৰেলা, মণিপুৰ, হাৰিয়ানা, পাঞ্জাব, অৰুণাচল প্ৰদেশৰ খেলুৱৈৰ স’তে মুঠ ৬খন খেল খেলি জয়ী হ’বলৈ সক্ষম হওঁ।  উল্লেখ্য যে খেলৌ ইণ্ডিয়াত অসমৰ পূজা বসুমতাৰীয়ে ২০২০ চনত প্ৰথম স্বৰ্ণ জয় কৰিছিল। ইয়াৰ পাছতে অসমলৈ  দ্বিতীয়টো স্বৰ্ণ জয় আৰু তিনিচুকীয়াৰ বাবে এয়া প্ৰথম স্বৰ্ণ জয় হিচাপে বিবেচিত হৈছে।
প্ৰেৰক বিবেক বড়া
You might also like