নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগষ্টত ঐতিহাসিক টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন : মুখ্যমন্ত্ৰী

🎯 জাগীৰোডক নতুন ৰূপ দিবলৈ ৫০০ কোটিৰ প্ৰস্তাৱ

নিয়মীয়া বাৰ্তা, ১৩ জুলাই: “জাগীৰোডত স্থাপন হ’বলগীয়া ২৭ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন অহা আগষ্টৰ ৩ তাৰিখে কৰিম আৰু দুবছৰৰ ভিতৰত এই প্ৰকল্পৰ নিৰ্মাণ সম্পূৰ্ণ হ’ব।”- আজি জাগীৰোডৰ সমীপৰ জোনবিলত জাগী-ভকতগাঁ‌ও মণ্ডল বিজেপিৰ কাৰ্যালয়ত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে জাগীৰোড আৰু গুৱাহাটীৰ মাজৰ যাতায়ত ব্যৱস্থা উন্নয়নৰ উদ্দেশ্যে আমি ভাৰত চৰকাৰক পাঁচশ কোটি টকাৰ এখন  আঁচনি দি থৈছোঁ। এতিয়া যিটো ৰিংৰোড নিৰ্মাণ হ’ব সেইটোৱে আমাৰ যাতায়তৰ এটা পৰ্যায়লৈ আমাক উন্নয়ন দিব। কিন্ত বাকী যোগাযোগৰ অধিক উন্নয়ন বাবে আৰু আন আন সুবিধা, যেনে ভাল ষ্টেডিয়াম, বিদ্যালয়,মহাবিদ্যালয় আদিৰ বাবে আমি এখন পাঁচশ কোটি টকাৰ আঁচনি কেন্দ্ৰক দিছোঁ আৰু কেন্দ্ৰই অনুমোদন জনাব। জাগীৰোডৰ টাটা প্ৰকল্পটোক কেন্দ্ৰ কৰি বহুখিনি সামাজিক আন্তঃগাঁথনিৰ উন্নয়ন হ’ব। মুখ্যমন্ত্ৰী ড° শৰ্মাই এই কথা সদৰি কৰি কয় যে  লগে লগে আমি এইটো কথাও সচেতন যে জাগীৰোডৰ আশে-পাশে আমাৰ তিৱা জনজাতি লোকসকল বসবাস কৰে। আমি সম্প্ৰসাৰণটো তেওঁলোকৰ ক্ষতি কৰিও বিচৰা নাই। য’তে-ত’তে কাম আৰম্ভ কৰিলে মানুহে মাটি হেৰুৱাবলগীয়া হয়। সেয়েহে আমি কামবোৰ লাহে লাহে কৰি গৈছোঁ যাতে তিৱা লোক সকলে মাটিৰ অধিকাৰ হেৰুৱাবলগীয়া নহয়।সেয়েহে আমি খুউব সাৱধানেৰে কামখিনি কৰি গৈছোঁ আৰু আন্তঃগাঁথনি উন্নয়ন ষ্টেডিয়াম, বিদ্যালয়, মহাবিদ্যালয়ত কৰিব বিচাৰিছোঁ যাতে জনজাতীয় লোকসকলে মাটি নেহেৰুৱাই আৰু মানুহৰ মাজত ক্ষোভ থাকি নাযায়। মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা কৰা ত্ৰিশ হাজাৰ কোটি টকাৰ  বিনিয়োগৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজনৰ পিছতে দ্ৰুতগতিত চলিব নিৰ্মাণ কাৰ্য। টাটা প্ৰকল্পৰ আশে-পাশে বহুকেইটা বিদেশী কোম্পানী আহিব। এই কোম্পানীবোৰে ছেমি কণ্ডাক্টৰবোৰ বিদেশলৈ লৈ গৈ তেওঁলোকৰ কামত ব্যৱহাৰ কৰিব। তেওঁলোকৰ বিভিন্ন কাৰ্যালয়ো জাগীৰোডত স্থাপন কৰিব বিদেশী কোম্পানীবোৰে। টাটা প্ৰকল্পৰ উদ্যোগ আৰু কাৰ্যালয় হোৱাৰ লগতে জাগীৰোডত এই উদ্যোগলৈ কেঁচা সামগ্ৰী যোগান ধৰা কম্পেনী সমূহৰো কাৰ্যালয় সমুহ স্থাপন হ’ব। গতিকে টাটা প্ৰকল্পকে ধৰি আৰু বহু কেইটা প্ৰতিষ্ঠান আমাৰ জাগীৰোডৰ কাগজ কল ক্ষেত্ৰত স্থাপনৰ সম্ভাৱনা আছে। চেটেলাইট চিটি সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে তাৰ বাবে আন্তঃগাঁঠনিৰ উন্নয়ন কৰিব লাগিব। বাট পথৰ উন্নয়নৰ লগতে জাগীৰোড আৰু গুৱাহাটী সংযোগী পথৰ সংখ্যা বঢ়াব লাগিব আৰু বৰ্তমানৰ পথকেইটাৰো উন্নয়ন কৰিব লাগিব। যোৰাবাটৰ পাহাৰ কাটি ভাঁজবোৰ কমাব বিচাৰিছোঁ যাতে তিনি মিনিটতে যোৰাবাট পাৰ হ’ব পাৰি। নতুন ৰিংৰোড আঁচনিৰ অধীনত যোৰাবাটৰ পথৰ ভাঁজবোৰ নাইকীয়া কৰা হ’ব। আজি বিয়লি জাগীৰোডৰ জোনবিলত থকা বিজেপিৰ জাগী ভকত গাঁও মণ্ডলৰ কাৰ্যালয়ত উপস্থিত হৈ দলীয় মন্ত্ৰী-বিধায়কৰ সৈতে এক বৈঠকত মিলিত হোৱা মুখ্যমন্ত্ৰীয়ে কয় যে আজিকালি গুৱাহাটীৰ বাহিৰলৈ গ’লে তেওঁ চৰকাৰী বঙলাৰ পৰিৱৰ্তে দলীয় কাৰ্যালয়তে বহি দলীয় কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে।

প্ৰেৰক হৰি প্ৰসাদ মল্লিক

You might also like