নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিয়মীয়া বাৰ্তাৰ সাংবাদিক ভুবন লুইটেলক সংবাদ সৌৰভ বঁটা প্ৰদান

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰী : জনগোষ্ঠীয় সা্ংস্কৃতিক ঐক্য মঞ্চ অসম, কেন্দ্ৰী‌য় সমিতি, ওদালগুৰি জিলা সমিতি আৰু কলাইগাও আঞ্চলিক সমিতিৰ যুটীয়া উদ্যোগত কলাইগাঁও ৰাজহ চক্ৰৰ সভা গৃহত ২০ ফেব্ৰুৱাৰীত সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। এই অনুষ্ঠানত বিশ্বনাথ জিলাৰ বিহালী অঞ্চলৰ জেষ্ঠ সাংবাদিক ভুবন‌ লুইটেলক সংবাদ সৌৰভ বঁটা প্ৰদান কৰা হয়। জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ সভাপতি ৰেৱকান্ত গগৈৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত এই বঁটা প্ৰদান কৰা হয়। উল্লেখ্য যে ১৯৯২ চনত সাপ্তাহিক দেওবাৰ কাকতত বিহালীৰ পৰা সাংবাদিকতা আৰম্ভ কৰা সাংবাদিক লুইটেলে পৰৱৰ্তী সময়ত আজিৰ অসম, নতুন দৈনিক, আজিৰ দৈনিক বাতৰি, আমাৰ অসম, দৈনিক অগ্ৰদুত, পূৰ্বাঞ্চল প্ৰহৰী, হাম্ৰো প্ৰজা শক্তি আদি বাতৰি কাকতত সাংবাদিকতা কৰি বৰ্তমান নিয়মীয়া বাৰ্তা দৈনিক বাতৰিকাকতত সা্ংবাদিকতা কৰি আছে। সাংবাদিকতাৰ সমান্তৰালকৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতো জড়িত লুইটেল।

প্ৰেৰক প্ৰাঞ্জল বৰা

You might also like