নিয়মীয়া বাৰ্তা, ২১ আগষ্ট : জোনাইত শনিবাৰে বিধায়ক ভুবন পেগুৱে বিভিন্ন অঞ্চলৰ বান-খহনীয়া পৰিদৰ্শন কৰে। বিশেষকৈ জোনাইৰ গালি পঞ্চায়তৰ অন্তৰ্গত গালি বৰবালি অঞ্চলত দেপী নদীৰ খহনীয়াই অঞ্চলটোৰ শ শ পৰিয়ালৰ ঘৰ-বাৰীৰ লগতে শ শ হেক্টৰ কৃষিভূমি দেপী নদীৰ খহনীয়াত প্ৰতি বছৰে জাহ যোৱাৰ লগতে অঞ্চলটোৰ ৰাইজৰ নিদ্ৰাহৰণ কৰি আহিছে। চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পৰা বৈ অহা দেপী নদীৰ বাঢ়নী পানীৰ খহনীয়া প্ৰতিৰোধৰ বাবে আজি পৰ্যন্ত চৰকাৰে কোনোধৰণৰ স্থায়ী ব্যৱস্থা কৰা নাই। ফলত প্ৰতিবছৰে অঞ্চলটোৰ ৰাইজে যমৰ যাতনা ভুগি থকা পৰিলক্ষিত হৈছে। সেয়ে গালী বৰবালি অঞ্চলৰ দেপী নদীৰ খহনীয়া পৰিদৰ্শন কৰি বিধায়ক ভুবন পেগুৱে নদীৰ খহনীয়া স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে অঞ্চলটোৰ ৰাইজক। বিধায়কগৰাকীক বান-খহনীয়া পৰিদৰ্শনৰ সময়ত সংগ দিয়ে পূব জোনাই জিলা পৰিষদৰ সদস্য অতুল পেগুৰ লগতে অঞ্চলটোৰ কেইবাজনো ব্যক্তিয়ে।
প্ৰেৰক কৰবী দলে