লাভলীনাৰ সাফল্যত মই বুজাব নোৱাৰাকৈ সুখীঃ ভোগেশ্বৰ বৰুৱা
নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ লাভলীনাৰ এই অভাৱনীয় সাফল্যত মই কিমান সুখী হৈছোঁ, সেয়া ভগৱানেহে জানে৷ আমাৰ ল’ৰা–ছোৱালীয়ে যে কোৱালিফাই কৰিছে, সেইটোৱে মোৰ কাৰণে বহুত ডাঙৰ কথা৷ কোৱালিফাই হোৱাৰ পাছত আমাৰ ছোৱালীয়ে যে খালী হাতে নাই অহা সেইটো তাতকৈও ডাঙৰ কথা৷ এতিয়া কমপ্লিট হ’ল৷ পদকটো পাবই৷ আৰু দুখন খেল আছে৷ ভগৱানক প্রার্থনা কৰিছেছা ভাল হওক৷ লাভলীনাৰ সফলতাই নতুন প্রজন্মক এক নতুন মাত্রা প্রদান কৰিলে৷ এতিয়া মোৰ এনে লাগিছে যেন অসমৰ ক্রীড়া ক্ষেত্রখনত কিবা এটা নতুন পৰিৱর্তন আহিব৷ পৰিৱেশটো সলনি হোৱাৰ প্রয়োজন আছে৷ আমি বিচাৰি আছিলোঁ অসমৰ ক্রীড়া ক্ষেত্রখন সলনি হওক৷ ক্রীড়াৰ আন্তঃগাঁথনি সুলভ হওক৷ আন্তঃগাঁথনিৰ অভাৱত আমাৰ দিনত ৰাষ্ট্রীয় পর্যায়ত সীমিত হৈ ৰৈছিলোঁ৷ এতিয়া কিন্তু আন্তঃগাঁথনি উন্নত হৈছে৷ ক্রীড়াবিশেষে প্রশিক্ষক নিয়োগ কৰা হৈছে৷ কিন্তু খেলপথাৰ নোহোৱা হৈ গৈছে৷ এই দিশটো সলনি হোৱা দৰকাৰ৷ নহ’লে নহ’ব৷ ক্রীডাভিত্তিক এক আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ দৰকাৰ আছে৷ য’ত খেলক প্রাধান্য দি আনুষ্ঠানিক শিক্ষাও লাভ কৰিব পাৰে৷ যাৰ বাবে অসমত এন আই এছ এখনৰ কথা কৈ আহিছিলোঁ৷ বঙাইগাঁৱত মাটিও চাইছিলোঁ৷ কিন্তু সেইখন মণিপুৰে লৈ ল’লে৷ কেন্দ্রই উত্তৰ–পূবত দুখন এন আই এছ নিদিয়ে৷ এই প্রয়াস চৰকাৰে কৰা ভাল৷ চৰকাৰে কৰো বুলি ক’লে কোনো কাম নোহোৱাকৈ নাথাকে৷ ছোৱালীজনীলৈ মোৰ আশীর্বাদ আৰু শুভেচ্ছা আছে৷ তাই পৃথিৱীৰ ক্রীড়াৰ মানচিত্রত অসমক জিলিকাই তোলক৷ স্বর্ণপদক আনক৷ আমাৰ আশীর্বাদ আছে লাভলীনালৈ৷