বিশেষ বাৰ্তা, ৩১ অক্টোবৰ : বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ‘ৰাঘৱ’ সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভূপেন বৰাক ‘পৰাজিত নায়ক’ নামেৰে এখন চিনেমা বনাবলৈ আহ্বান জনায়। তেওঁ কয় যে নিৰ্বাচনৰ পূৰ্বেই ভূপেন বৰাই চিনেমাখন বনাব পাৰিব। তদুপৰি বিৰোধীয়ে দুটা চেনেল বয়কট কৰা প্ৰসংগত ভৱেশ কলিতাই কয় যে বিৰোধীয়ে বয়কট কৰিলে কি হ’ব, তেওঁলোক এনেও জনতাৰ লগত নাই, একো প্ৰভাৱ নপৰে। জনতাই বয়কট কৰা নাই, গতিকে একো প্ৰভাৱ নপৰে।
Prev Post
You might also like