নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূপেন হাজৰিকাৰ আপোন মৰমী কুঠৰী আজি স্তব্ধ: চৰকাৰী আশ্বাসতেই সময় বাগৰিল সুধাকণ্ঠৰ ভগ্ন বাসগৃহ সংৰক্ষণৰ

নিয়মীয়া বাৰ্তা, ৯ছেপ্টেম্বৰ: প্ৰত্যাশিত ভাবেই কলিয়াবৰৰ কুঠৰীৰ সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ বাসগৃহত আজি উদযাপিত নহল সুধাকণ্ঠৰ ওপজা দিন। আইনী প্ৰক্ৰিয়াৰ বাধাৰ বাবেই সম্পূৰ্ণ নহ’ল কলিয়াবৰীয়া ৰাইজৰ সপোন। অসমীয়াৰ হিয়াৰ আমঠু ডঃ ভূপেন হাজৰিকাৰ স্মৃতি বিজড়িত কুঠৰীৰ বাসগৃহটিত এক গাম্ভীৰ্য পূৰ্ণ পৰিবেশত বিগত বৰ্ষসমূহত উদযাপিত হৈ আছিল সুধাকণ্ঠৰ জন্মদিন। কিন্ত ৰাজ্য চৰকাৰে মাজুলী কেবিনেটত  সুধাকণ্ঠৰ গৃহটো সংৰক্ষণ আৰু সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত লোৱাৰ পাছতে যেন কালিকা লাগিল বাসগৃহটোত। সংৰক্ষণ আৰু সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ হোৱাটো দুৰৰে কথা, এক আইনী মেৰপাছৰ বাবে আজি দুবছৰৰ মানৰ পৰা সুধাকন্ঠ গৰাকীৰ বাসগৃহটোৰ চৌহদত ৰাইজৰ প্ৰৱেশ নিষিদ্ধ কৰা হ’ল। ফলশ্ৰুতিত বিশ্ববৰেণ্য শিল্পী গৰাকীৰ জন্মদিন আৰু মৃত্যু দিৱস ৰাজহুৱা ভাবে উদযাপন কৰাৰো দিন উকলিল। উলহ-মালহৰে উদযাপিত দিনদুটিটো নিজম পৰি ৰয় সুধাকণ্ঠৰ বাসগৃহ প্ৰাংগন । অতি সোনকালে এই আইনী মেৰপেচৰ পৰা মুক্ত হৈ কলিয়াবৰীয়া ৰাইজৰ সপোন পুৰণ হব বুলি আজি মন্তব্য কৰে মন্ত্ৰী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই ।
      ইফালে এই জন্মদিৱসতে আকৌ এবাৰ চৰ্চালৈ আহিছে ভূপেন হাজৰিকাৰ আপোন মৰমী কুঠৰীৰ কথা। সুধাকণ্ঠৰ একালৰ প্ৰানৱন্ত আৰু বৰ্তমানে জৰাজীৰ্ণ কলিয়াবৰৰ কুঠৰীৰ ঘৰখনৰ লগতে চোতালৰ বগীজামুজোপাৰ কথা৷ উল্লেখ্য যে এইজোপা বগীজামুৰ তলতে জোনাকী নিশা নিৰলে বহি সুধাকণ্ঠই সৃষ্টি কৰিছিল বহুকেইটা কালজয়ী গীতৰ৷ আজি জামুজোপাৰ তলখনৰ লগতে ঘৰটোৰো অৱস্থা তথৈৱচ৷ ’মন প্ৰজাপতি’ কথাছবিৰ একালৰ ছুটিং স্থলী এই বাসগৃহটোৰ মজিয়াত বৰ্তমান বেংছতা, কাঠফুলাৰ পয়োভৰ৷ এজাক সামান্য বৰষুণতে ছালেৰে ভিতৰত সৰি পৰে বৰষুণৰ টোপাল৷ সুধাকণ্ঠই জিৰণি লোৱা বিছনাখনো বৰ্তমানে ভগ্নাৱশেষৰ ৰূপত হে আছে৷ দেশৰ ভিন্ন প্ৰান্তৰ ৰাইজৰ মৰম বুটলি লাভ কৰা বহু স্মাৰক আজি ঘৰটোৰ বেৰতেই উৱলি গৈছে৷ যেন এক ভুতবাংলালৈহে পৰিণত হৈছে সুধাকণ্ঠৰ একালৰ প্ৰাণবন্ত ঘৰখন৷

 

উল্লেখ্য যে, কাৰ্বিপাহাৰৰ নামনিত তেতিয়াতে ভূপেন হাজৰিকাই নিজা তত্ত্বাৱধানত নিৰ্মাণ কৰোৱাইছিল ঘৰটো৷ ঘৰটোৰ চৌহদত পাছফালেই আছে এটা প্ৰানচঞ্চল নিজৰা৷ ইয়ো সুধাকণ্ঠৰ এক সৃষ্টিৰ আকৰ৷ ১৯৭৪ চনৰেপৰা ঘৰটোৰ তত্ত্বাৱধানত থকা সুৰেণ নেওগে আজি কিছু দিনৰ পৰা চিনাকি মানুহ পালেই ক্ষোভেৰে কয়- ’ ভূপেনদাৰ কলিয়াবৰৰ কুঠৰীৰ ঘৰখন আজি শেষ হৈ গ’ল৷ কোনেও নাচালে, কোনেও নাভাৱিলে৷ মাথোঁ ঘোষণা আৰু আস্বাসতে ৰৈ গ’ল সকলো৷ চৰকাৰে নোৱাৰিলে ৰাইজক দিয়ক, ৰাইজে বুকুত জীয়াই ৰাখিব সুধাকণ্ঠক৷’ চৰকাৰী সদিচ্ছাৰ অভাৱে জুৰুলা কৰা ঘৰটোৰ ক্ষেত্ৰত পূৰ্বৰ বিজেপিৰ সৰ্বানন্দ সোনোৱাল চৰকাৰখনে মাজুলীত হোৱা বিশেষ অধীৱেশনত বিশেষ প্ৰস্তাৱ লৈ সংৰক্ষণৰ ব্যৱস্থা ঘোষণা কৰিছিল যদিও আজিকোপতি নহ’ল কোনো ব্যৱস্থা৷  সুধাকণ্ঠৰ মৰমৰ বাসগৃহ কলিয়াবৰৰ কুঠৰীত বিপৰীত ছবিৰে হৈ ৰৈছে মৰিশালিৰ নিস্তব্ধতা৷ এক নিমাও মাও পৰিবেশ৷ ৰজাঘৰীয়া প্ৰজাঘৰীয়া কাৰোৰে যেন অৱকাশ নাই সুধাকণ্ঠক স্মৰণ কৰাৰ । এসময়ৰ ভূপেন হাজৰিকাৰ সহকৰ্মী, কুঠৰীৰ বাসগৃহ চোৱাচিতা কৰা সুৰেন নেওগেই জন্ম মৃত্যুৰ প্ৰতিটো দিনত বন্তি প্ৰজ্বলন, পুষ্পঞ্জলি দি শ্ৰদ্ধাঞ্জলি জনাই আহিছে সুধাকন্ঠৰ প্ৰতিমূৰ্তিত। সৰ্বানন্দ সোণোৱাল চৰকাৰে সুধাকণ্ঠৰ গৃহটো সংৰক্ষণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও আজি পৰ্যন্ত কাৰ্যকৰী নহ’ল৷ বৰ্তমানৰ চৰকাৰখনৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰীগৰাকীয়েও এবছৰ পূৰ্বে এই সুধাকণ্ঠৰ গৃহ সম্পৰ্কত সেই স্থানত উপস্থিত হৈ সংৰক্ষণৰ লগতে সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ আশ্বাস দিছিল যদিও সি আজিও কাৰ্যকৰী ৰূপ নাপালে৷ নিজৰ মা-দেউতাকো একপ্ৰকাৰ এৰি আহি ভুপেন হাজৰিকাৰ সান্নিধ্যতে জীৱনৰ আধা বয়স পাৰ কৰা ৬৮ বছৰীয়া সুৰেণ নেওগে প্ৰকাশ কৰা মতে, ১৪ বিঘা ভুমিৰে পৰিবেষ্টিত এই সুধাকণ্ঠৰ গৃহ চৌহদত আছে বহু মূল্যবান ফলমূলৰ লগতে ঔষধি গছ৷ একালত পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ থলী আছিল এই ঘৰখন৷ কিন্তু আজি এই চৌহদত যেন মৰিশালিৰ নিস্তব্ধতা৷ এই লৈ এতিয়া ক্ষোভ সুধাকণ্ঠপ্ৰেমীৰ মাজত ৷
You might also like