🔹 এশ বছৰলৈ সুধাকণ্ঠক নৱপ্রজন্মৰ মাজত জীয়াই ৰখাৰ প্ৰয়াস
🔹 আৰম্ভণী কার্যসূচীত অংশ ল’ব প্রধানমন্ত্রীয়ে
বিশেষ বাৰ্তা, ৫ জুন : বিশ্ববন্দিত গণশিল্পী, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপনৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত কালি লোকসেৱা ভৱনত মূল সমিতিৰ প্রথমখন বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত বহুমুখী প্রতিভাধৰ আজন্ম শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবার্ষিকী সফলভাৱে ৰূপায়ণৰ বিভিন্ন দিশ আলোচনা কৰা হয়৷ বৈঠকত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্য চৰকাৰে চলিত বর্ষৰ ৮ ছেপ্টেম্বৰৰ পৰা অহা বর্ষৰ ৮ ছেপ্টেম্বৰলৈ ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবার্ষিকী উদযাপনৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে৷ ৰাজ্য চৰকাৰে যিদৰে উদযাপন কৰিব বিচাৰিছে ঠিক একেদৰে বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠান, ব্যক্তিবিশেষৰ উদ্যোগতো জন্ম শতবার্ষিকী উদযাপন হোৱাটো বিচাৰে৷
ৰাজ্য চৰকাৰে জনগণৰ অনুষ্ঠান হিচাপে সুধাকণ্ঠৰ জন্ম শতবার্ষিকী পালন কৰিব বিচাৰিছে৷ শিল্পীগৰাকীৰ জন্ম শতবার্ষিকী যাতে স্বতঃস্ফূৰ্তভাৱে উদযাপিত হয় তাৰ বাবে ৰাজ্য চৰকাৰে জনসাধাৰণক প্রেৰণা যোগোৱাৰ লগতে এইক্ষেত্রত সকলো ধৰণৰ সহযোগিতা আগবঢ়াব৷ মুখ্যমন্ত্রীয়ে কয়– গণশিল্পীগৰাকীৰ জন্ম শতবার্ষিকীৰ অংশ হিচাপে ডিব্রুগড বিমানকোঠটোক ড০ ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰে প্রচেষ্টা হাতত লৈছে৷ এই প্রক্রিয়াটো ইতিমধ্যে আগুৱাই লৈ যোৱা হৈছে আৰু অসম চৰকাৰৰ কেবিনেটে এই সন্দর্ভত সিদ্ধান্ত গ্রহণ কৰিছে৷ অসম বিধানসভাই ইয়াক গ্রহণ কৰাৰ পিছত কেন্দ্রীয় চৰকাৰলৈ প্রস্তাৱ প্রেৰণ কৰা হ’ব৷ ড০ ভূপেন হাজৰিকাৰ নামত কেইবাবাৰো ডাক টিকট মুকলি কৰিছে যদিও শিল্পীগৰাকীৰ নামত বর্তমানলৈকে মুদ্রা মুকলি হোৱা নাই৷ এইক্ষেত্রত ৰাজ্য চৰকাৰে ৰিজার্ভ বেংক অৱ ইণ্ডিয়া আৰু বিত্ত মন্ত্রণালয়ৰ লগত যোগাযোগ কৰিছে, যাতে এই শতবার্ষিকীৰ স্মৃতি অধিক যুগমীয়া কৰিব পৰা যায়৷ শিল্পীগৰাকীৰ জীৱন আৰু কৃতি সকলোৱে অধ্যয়ন কৰিব পৰাকৈ এখন গ্রন্থ প্রকাশৰ বাবে অসম প্রকাশন পৰিষদে বিশিষ্ট সাহিত্যিক, সাংবাদিক অনুৰাধা শর্মা পূজাৰীক দায়িত্ব অর্পণ কৰিছিল৷ সাহিত্যিকগৰাকীয়ে ইতিমধ্যে ৰাজ্য চৰকাৰক খচৰা দাখিল কৰিছে৷ এই পুথিখন প্রকাশৰ পিছত দেশৰ ২৩টা ভাষালৈ ইয়াক অনুবাদ কৰা হ’ব৷ মুখ্যমন্ত্রীয়ে কয় যে পুথিভঁৰাল, শিক্ষানুষ্ঠানকে ধৰি ভাৰতবর্ষত ৪ লাখ বিদ্যায়তনিক অনুষ্ঠান আছে৷ এই গ্রন্থখন সমগ্র ভাৰতবর্ষৰ বিদ্যায়তনিক অনুষ্ঠানৰ লগতে অসমত নৱপ্রজন্মৰ হাতত তুলি দিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে৷ এইগৰাকী শিল্পীৰ বিষয়ে নৱপ্রজন্মই জনাৰ প্রয়োজনীয়তা আছে৷ ড০ ভূপেন হাজৰিকাৰ কর্মভূমি অসম, অৰুণাচল প্রদেশ, পশ্চিমবংগ আৰু মহাৰাষ্ট্রত এই শতবার্ষিকীৰ অনুষ্ঠান পালন কৰাৰ কথা সদৰী কৰি মুখ্যমন্ত্রীয়ে কয় যে ২০২৬ চনত নতুন দিল্লীৰ ভাৰত মণ্ডপমত সামৰণী অনুষ্ঠান আয়োজন কৰা হ’ব৷ এই জন্ম শতবার্ষিকী গুৱাহাটীত আৰম্ভ হ’ব আৰু নতুন দিল্লীত সামৰণি পৰিব৷ শতবার্ষিকী অনুষ্ঠান আয়োজনৰ বাবে অৰুণাচল প্রদেশ চৰকাৰ আৰু পশ্চিমবংগ চৰকাৰৰ লগত আলোচনা কৰা হৈছে৷
সুধাকণ্ঠৰ জন্ম শতবার্ষিকীৰ লগত সংগতি ৰাখি ছাত্র–ছাত্রী তথা জনসাধাৰণৰ মাজত ৰচনা প্রতিযোগিতাৰ আয়োজন কৰা হ’ব৷ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদযাপনৰ দৰে এই অনুষ্ঠান আয়োজন কৰা হ’ব৷ দেশৰ বিভিন্ন ভাষা–ভাষীৰ লোকে এই ৰচনা লিখিব পাৰিব আৰু ইয়াৰ বাবে এটা প’র্টেল মুকলি কৰা হ’ব৷ আনহাতে জিলা পর্যায়তো এখন সমিতি গঠন কৰা হ’ব৷ ইয়াৰ জৰিয়তে জিলা পর্যায়ত ড০ ভূপেন হাজৰিকাৰ স্মৰণ অনুষ্ঠান আয়োজন কৰা হ’ব৷ ৰাজ্য চৰকাৰে বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি বিভিন্ন শিক্ষানুষ্ঠানত এনে অনুষ্ঠান আয়োজন কৰাৰ বাবে অনুৰোধ জনাব৷ এই কামবোৰৰ জৰিয়তে প্রতিটো অনুষ্ঠান, প্রতিগৰাকী ব্যক্তিয়ে শিল্পীগৰাকীক স্মৰণ কৰাৰ সুযোগ লাভ কৰিব বুলিও তেওঁ কয়৷ অহা বছৰত অনুষ্ঠিত হ’বলগীয়া বিধানসভাৰ নির্বাচনৰ সময়খিনি বাদ দি এই কার্যসূচী নিয়াৰিকৈ অনুষ্ঠিত কৰা হ’ব৷ এই অনুষ্ঠান সফলভাৱে ৰূপায়ণৰ বাবে তেওঁ পৰামর্শ আগবঢ়াবলৈ জনসাধাৰণক আহ্বান জনায়৷
তেওঁ লগতে কয় যে ইতিমধ্যে কেইবাটাও গ্রহণযোগ্য লিখিত পৰামর্শ আহিছে৷ এইক্ষেত্রত প্রয়োজনীয় ব্যৱস্থা সাংস্কৃতিক বিভাগে গ্রহণ কৰিব৷ অহা ৮ ছেপ্টেম্বৰত গুৱাহাটীৰ খানাপাৰাত এই জন্ম শতবার্ষিকী উদযাপনৰ শুভাৰম্ভণী অনুষ্ঠানৰ আয়োজন কৰা হ’ব৷ কালিৰ এই বৈঠকত বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠান আৰু বৰেণ্য ব্যক্তিসকলে শিল্পীগৰাকীৰ জন্ম শতবার্ষিকী সফল উদযাপনৰ বাবে পৰামর্শ আগবঢ়ায়৷ মুখ্যমন্ত্রীয়ে কয় যে শুভাৰম্ভণী অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্র মোদী উপস্থিত থাকিব৷ এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে উত্তৰ–পূর্বাঞ্চলৰ মুখ্যমন্ত্রীসকলকো আমন্ত্রণ জনোৱা হ’ব৷ এই অনুষ্ঠান কেৱল অসমতে আবদ্ধ নাৰাখি নতুন এটা দিশ আৰম্ভ কৰিব পৰা যাব বুলিও তেওঁ আশা প্রকাশ কৰে৷ বিভিন্ন সাহিত্য সভাক লৈ সমিতিখন সম্প্রসাৰণৰ বাবে অহা পৰামর্শ ৰাজ্য চৰকাৰে গ্রহণ কৰিব৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে ড০ ভূপেন হাজৰিকাৰ স্মৃতি যুগমীয়া কৰাৰ বাবে যিবোৰ পৰামর্শ আহিছে তাক ৰাজ্য চৰকাৰে তন্নতন্নকৈ পৰীক্ষা কৰিব৷ পৰৱর্তী বৈঠকত কোনোবা আহিব নোৱাৰিলেও ভিডিঅ’ কনফাৰেঞ্চযোগে সংলগ্ণ হোৱাৰ বাবে ব্যৱস্থা কৰা হ’ব৷ এই অনুষ্ঠান গাম্ভীর্যপূর্ণ পৰিৱেশত অনুষ্ঠিত কৰা হ’ব, যাতে এশ বছৰলৈ নৱপ্রজন্মৰ মাজত গণশিল্পীগৰাকীক জীয়াই ৰাখিব পৰা যায়৷ ইতিমধ্যে বিশ্ববিদ্যালয়সমূহে শতবার্ষিকী উদযাপন অনুষ্ঠান পালন কৰাৰ বাবে ইচ্ছা প্রকাশ কৰি ৰাজ্য চৰকাৰক অৱগত কৰিছে৷ কালিৰ এই বৈঠকত মন্ত্রী বিমল বডা, অতুল বৰা, মন্ত্রী ৰঞ্জিত কুমাৰ দাস, প্রশান্ত ফুকন, কেশৱ মহন্ত, জয়ন্ত মল্ল বৰুৱা, ইড জি ব্রহ্ম, পীয়ূষ হাজৰিকা, যোগেন মহন, নন্দিতা গার্লোছা, কৌশিক ৰয়, ৰূপেশ গোৱালা, বিধায়ক ক্রমে পৃথ্বিৰাজ ৰাভা, দুর্গাদাস বডো, মুখ্য সচিব ড০ ৰবি কোটা, অতিৰিক্ত মুখ্য সচিব এ কে তিৱাৰী, অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্রৱর্তী, অতিৰিক্ত মুখ্য সচিব ড০ জে বি এক্কাকে ধৰি কেইবাখনো বিশ্ববিদ্যালয়ৰ ডপাচার্য, ড০ ভূপেন হাজৰিকাৰ পৰিয়ালবর্গৰ হৈ আভাসীয়ভাৱে নিউয়র্কৰ পৰা পুত্র তেজ হাজৰিকা, ভাতৃ সমৰ হাজৰিকা, মনীষা হাজৰিকা প্রমুখ্যে বিশিষ্ট শিল্পী, বিভিন্ন সামাজিক অনুষ্ঠানৰ প্রতিনিধি আৰু বৰেণ্য ব্যক্তিসকল উপস্থিত থাকে৷