নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূপেন হাজৰিকাৰ নামত বিশ্ববিদ্যালয়ত আসন সংৰক্ষণ

🔹 সুধাকণ্ঠৰ পুণ্যতিথিত সমুজ্জ্বল ভট্টাচাৰ্য 

🔹 অসমত সাম্প্ৰদায়িকতাৰ কোনো স্থান নাই-  ভট্টাচাৰ্য 

ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ নৱেম্বৰ : অসমীয়া জাতীয় জীৱনৰ হিয়াৰ আমঠু সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ আজি পুণ্যতিথি ৷ ৰাজ্যজুৰি জনসাধাৰণে সুধাকণ্ঠৰ মহাপ্রয়াণৰ এই দিনটো স্মৰণীয় কৰি ৰাখিবলৈ বিভিন্ন আয়োজন কৰিছে ৷ ২০১১ বর্ষৰ ৫ নৱেম্বৰৰ দিনটোতে অসমীয়া জাতিটোক কন্দুৱাই মহাশূন্যৰ সৈতে বিলীন হৈছিল সুধাকণ্ঠ৷ বিশ্ব দৰবাৰত অসমীয়াক প্রতিষ্ঠা কৰিবলৈ অহোপুৰুষার্থ কৰা সুধাকণ্ঠৰ মৃত্যুৰ দিনটোত আন সংগঠনৰ দৰে এইবাৰো ৰাজ্যজুৰি শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে সদৌ অসম ছাত্র সন্থা, চমুকৈ আছুৱে ৷ এই উপলক্ষে দীঘলীপুখুৰীৰ প্রতিমূর্তিস্থলীত সদৌ অসম ছাত্র সন্থাৰ নেতৃত্বই সুধাকণ্ঠলৈ শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। সুধাকণ্ঠগৰাকীলৈ শ্রদ্ধাঞ্জলি জনাই আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কয় আমি সদায় অসম চৰকাৰক ৭টা দাবী উত্থাপন কৰি আহিছোঁ আৰু আজিও পুনৰ কৰিছোঁ। সেই দাবীকেইটা হৈছে- ভূপেনদাৰ সৃষ্টিক জীয়াই ৰাখিবলৈ শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে, আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ত ভূপেন হাজৰিকাৰ সৃষ্টিৰজিক গৱেষণাৰ বাবে গৱেষণা প্ৰতিষ্ঠান স্থাপন হ’ব লাগে, ভূপেন হাজৰিকাৰ নামত বিশ্ববিদ্যালয়সমূহত আসন সংৰক্ষণ কৰিব লাগে, টাইম কেপচুলৰ জৰিয়তে ভূপেন হাজৰিকাৰ সৃষ্টিৰাজি সংৰক্ষণ কৰিব লাগে, ভূপেনদাৰ নামত এখন সাংস্কৃতিক ৰে’ল হ’ব লাগে, ট্ৰেইন টাৰ্মিনেল ভূপেন হাজৰিকাৰ নামত হ’ব লগে আৰু ভূপেনদাৰ সমাধিক্ষেত্ৰ আৰু বহল কৰিব লাগে । আজি সুধাকণ্ঠগৰাকীৰ পুণ্যতিথিত আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে আকৌ এই দাবীকেইটা উত্থাপন কৰে। আন এক প্ৰসংগত সমুজ্জ্বল ভট্টাচাৰ্যই এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। বদৰুদ্দিন আজমলৰ প্ৰসংগত সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে অসমত সাম্প্ৰদায়িকতাৰ কোনো স্থান নাই। অসমত কেৱল স্থান আছে খিলঞ্জীয়াৰ।

You might also like