কাজিৰঙাত ভূটান নৃপতি জিগমে খেচাৰ ৱাংচুক
🔹 জীপ ছাফাৰীৰে কঁহৰাৰ নয়নাভিৰাম সৌন্দর্য উপভোগ
🔹 সাংস্কৃতিক অনুষ্ঠানত সপত্নীক মুখ্যমন্ত্রী
নিয়মীয়া বার্তা, কাজিৰঙা, ৫ নৱেম্বৰ : তিনি দিনৰ ভ্রমণসূচীৰে অসমত উপস্থিত হোৱা ভূটানৰ নৃপতি জিগমে খেচাৰ নামগ্যাল ৱাংচুকে কালি উপভোগ কৰিলে কাজিৰঙাৰ নৈসর্গিক দৃশ্য৷ গঁড়, হাতী, হৰিণাৰ অভিবাদনেৰে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত প্রৱেশ কৰা ভূটানৰ ৰজাই কঁহৰা বনাঞ্চলত নয়নাভিৰাম সৌন্দর্য উপভোগ কৰায়েই নহয়, ৰাষ্ট্রীয় উদ্যানখনত মুকলিকৈ বিচৰণ কৰি থকা হাতী, গঁড় দেখি আপ্লুত হৈ পৰে৷ কালি দুপৰীয়া কঁহৰাত পদার্পণ কৰা ভূটানৰ ৰজা ৱাংচুক আৰু তেওঁৰ লগত অহা ৰাজপৰিয়ালৰ সদস্যসকলক ২৫খন জীপছিৰে ৰাষ্ট্রীয় উদ্যান দর্শনৰ বাবে নিয়া হয়৷ উদ্যানলৈ সোমোৱাতে পথৰ দাঁতিত বনৰীয়া হাতী আৰু গঁড় বিচৰণ কৰা দেখি উৎফুল্লিত হৈ পৰে ৱাংচুক৷ উদ্যানখনৰ অন্তর্গত ডাফলাং চূড়াত উঠি নৃপতি ৱাংচুকে কাজিৰঙাৰ প্রাকৃতিক দৃশ্য প্রত্যক্ষ কৰাৰ লগতে কেমেৰাৰে অবিৰতভাৱে ফটো তোলা পৰিলক্ষিত হয়৷ আনহাতে, উদ্যানখনৰ পৰা ওলাই অহাৰ সময়তে প্রৱেশদ্বাৰত ৰখাই থোৱা ১৫টা বন বিভাগৰ হাতীয়ে ৰজা ৱাংচুক অভিবাদন জনায়৷ তাতেই হস্তীৰ গা ধোৱাৰ মনোৰম দৃশ্য প্রত্যক্ষ কৰে ৰজা ৱাংচুকে৷ ইয়াৰ পূর্বে কালি গুৱাহাটী বিমানবন্দৰৰ পৰা উৰা মৰা ভূটানৰ নৃপতিগৰাকী যোৰহাটৰ ৰৰৈয়াস্থিত বায়ুসেনাৰ বিমানবন্দৰত উপস্থিত হয়৷ ভূটানৰ ৰজা আৰু ৰাজপৰিয়ালৰ সদস্য তথা বিষয়াসকল বিমানবন্দৰত পদার্পণ কৰাৰ পিছতে উষ্ম আদৰণি জনায় বিত্তমন্ত্রী অজন্তা নেওগ, শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, বিধায়ক হিতেন্দ্র নাথ গোস্বামীৰ লগতে ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়া, আৰক্ষী মহাপৰিদর্শক জিৎমল দলে, জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু যোৰহাট জিলা প্রশাসনৰ বিষয়া–কর্মচাৰীকে ধৰি বিশিষ্ট লোকসকলে৷ ইয়াৰ পিছতে ভূটানৰ ৰজাগৰাকীয়ে পোনে পোনে কাজিৰঙা ৰাষ্ট্রীয় উদ্যান পৰিদর্শনৰ বাবে কঁহৰাত উপস্থিত হয়৷ ৰাষ্ট্রীয় উদ্যানত উপস্থিত হোৱাৰ পিছতে তেওঁক আদৰণি জনায় বনমন্ত্রী চন্দ্রমোহন পাটোৱাৰী আৰু মন্ত্রী অতুল বৰাৰ লগতে মুখ্য বন সংৰক্ষক এম কে যাদৱ, আৰক্ষী সঞ্চালকপ্রধান জি পি সিং, গোলাঘাটৰ জিলা উপায়ুক্ত পি উদয় প্রবীণকে ধৰি বিষয়া-আমোলাসকলে৷ ভূটানৰ নৃপতিগৰাকীয়ে প্রথমে আয়’ৰা ৰিজ’ৰ্টত পদার্পণ কৰি তাত কিছু সময় জিৰণি লয় আৰু বিয়লি ২.৩০ বজাত কঁহৰা বনাঞ্চলত প্রৱেশ কৰে৷ আনহাতে, ৰাষ্ট্রীয় উদ্যান পৰিদর্শনৰ পিছতে পুনৰ ৱাংচুকে আয়’ৰা ৰিজ’ৰ্টলৈ ঘূৰি যায় আৰু জিৰণি লয়৷ এই অতিথিশালাতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পত্নীসহ উপস্থিত হৈ ভূটানৰ নৃপতিগৰাকীক সম্বর্ধনা জনায় আৰু সাংস্কৃতিক কার্যসূচীলৈ আদৰি আনে৷ উল্লেখ্য যে ভূটানৰ নৃপতিৰ সন্মানার্থে আয়’ৰা ৰিজ’ৰ্টত আয়োজন কৰা হয় বিহু, ঝুমুৰ নৃত্য, শংকৰদেৱৰ সাংস্কৃতিক সৃষ্টিৰাজিৰ আভাস থকা কার্যসূচী৷ সাংস্কৃতিক এই কার্যসূচীত জিগমে খেচাৰ নামগ্যাল ৱাংচুক আৰু ৰাজপৰিয়ালৰ সদস্যসকলে অংশগ্রহণ কৰে৷