পেচ বলাৰ হিচাপে সর্বাধিক উইকেট দখল, আইপিএলত ইতিহাস ভুবনেশ্বৰ কুমাৰৰ
নিউজ ডেস্ক, ৯ এপ্ৰিলঃ পেচ বলাৰ হিচাপে সর্বাধিক উইকেট দখল কৰি আইপিএলত ইতিহাস ৰচিলে ভুবনেশ্বৰ কুমাৰে৷ চলিত ছিজনৰ আইপিএলত সোমবাৰে মুম্বাই ইণ্ডিয়ানছৰ তিলক বার্মাৰ উইকেটটো দখল কৰি অভিলেখৰ পৃষ্ঠাত নাম লিপিবদ্ধ কৰিলে ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ তাৰকা পেচ বলাৰ ভুবনেশ্বৰে৷ ভুবনেশ্বৰ কুমাৰে প্রাক্তন খেলুৱৈ ডুৱেইন ব্রেভোক অতিক্রম কৰি পেচ বলাৰ হিচাপে আইপিএলত সর্বাধিক উইকেট দখল কৰাৰ গৌৰৱ অর্জন কৰে৷ আইপিএলত আৰচিবিৰ লগতে পুনে ৱাৰিয়র্ছ আৰু ছানৰাইজার্ছ হায়দৰাবাদক প্রতিনিধিত্ব কৰা ভুবনেশ্বৰ কুমাৰে এতিয়ালৈকে ১৮৪টা উইকেট দখল কৰিছে৷ ইফালে, ডুৱেইন ব্রেভোৱে আইপিএল কেৰিয়াৰত ১৮৩টা উইকেট দখল কৰিছিল৷ পেচবলাৰ হিচাপে আইপিএলত সর্বাধিক উইকেট দখল কৰা তালিকাৰ পঞ্চম স্থানত আছে যশপ্রীত বুমৰাহ৷ বুমৰাহে এতিয়ালৈকে ১৬৫টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে৷ ছানৰাইজার্ছৰ হৈ ১১ বছৰ খেলা ভুবনেশ্বৰে সামগ্রিকভাৱে আইপিএলত সর্বাধিক উইকেট দখল কৰা বলাৰৰ তালিকাত তৃতীয় স্থানটো অধিকাৰ কৰিছে৷ এই তালিকাত ২০৬টা উইকেট দখল কৰি য়ুজবেন্দ্র চাহালে শীর্ষ স্থানত থকাৰ বিপৰীতে ১৯২টা উইকেটেৰে পীয়ূষ চাওলাই দ্বিতীয় স্থানটো অধিকাৰ কৰি আছে৷