নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত বিনামূলীয়া চাইকেল বিতৰণৰ শুভাৰম্ভ মন্ত্ৰী অতুল বৰাৰ

বিশেষ বাৰ্তা, ১৩ অক্টোবৰঃ ৰাজ্যজুৰি আৰম্ভ হৈছে বিনামূলীয়া চাইকেল বিতৰণ কাৰ্যসূচী। সেই অনুসৰি আজি মৰিগাঁৱতো প্ৰদান কৰা হয় নৱম শ্ৰেণীৰ ছাত্ৰীলৈ চাইকেল। এই চাইকেল বিতৰণী কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী অতুল বৰাই। মন্ত্ৰী বৰাই মৰিগাঁৱত উপস্থিত হৈ চাইকেল বিতৰণী অনুষ্ঠানৰ শুভাৰম্ভ কৰে। মৰিগাঁও জিলাৰ ১২১খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১২,৫৯৯গৰাকী শিক্ষাৰ্থীয়ে মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত বিনামূলীয়াকৈ চাইকেল লাভ কৰিব।উল্লেখ্য যে ২০২৩-২৪ শৈক্ষিক বৰ্ষৰ নৱম শ্ৰেণীত অধ্যয়নৰত ৰাজ্যৰ ৩,৬৯,৪৫৪গৰাকী শিক্ষাৰ্থীলৈ আগবঢ়োৱা হৈছে বিনামূলীয়া বাইচাইকেল। চাইকেল বিতৰণৰ শুভাৰম্ভ কৰি কয় যে ৰাজ্যখনৰ শৈক্ষিক খণ্ডৰ উত্তৰণৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত অসম চৰকাৰে নিৰৱচ্ছিন্নভাৱে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। চাইকেল বিতৰণৰ এই পদক্ষেপে আমাৰ শিক্ষাৰ্থীসকলক যথেষ্ট অনুপ্ৰাণিত কৰিব। শাৰীৰিক আৰু মানসিক স্বাস্থ্য গঢ়াৰ দিশতো চাইকেল এক গুৰুত্বপূৰ্ণ আহিলা। দূৰৈৰপৰা বিদ্যালয়লৈ অহা-যোৱা কৰা ছাত্ৰ-ছাত্ৰীসকলক এই পদক্ষেপে সুচল পৰিবহণৰ দিশত উপকৃত কৰাৰ লগতে শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনতো সহায় কৰিব। তেওঁ সভাত উপস্থিত চাইকেলপ্ৰাপক শিক্ষাৰ্থীসকলক চাইকেলৰ সদ্ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনায়। লগতে অধ্যয়নৰ জৰিয়তে শিক্ষাৰ্থীসকলক সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত কৰি সমাজৰ হিতৰ হকে কাম কৰি যোৱাৰ লক্ষ্য ল’বলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানত মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জিলা উন্নয়ন আয়ুক্ত দেৱযানী চৌধুৰী, অতিৰিক্ত জিলা আয়ুক্ত দ্যুতিভা বৰা, বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলি গগৈ, সমাজকৰ্মী খালিছউদ্দিন আহমেদ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজ উপস্থিত আছিল।
You might also like