নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত ৰ’দে-বৰষুণে পৰি ৰৈছে নৱম শ্ৰেণীৰ ছাত্ৰীৰ বাবে অনা চাইকেল

বিশেষ বাৰ্তা, ২১ ছেপ্টেম্বৰ : ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে নৱম শ্ৰেণীৰ ছাত্ৰীক বিতৰণ কৰিব লগা চাইকেল নগাঁও জিলাত দীৰ্ঘদিন ধৰি ৰ’দে-বৰষুণে মুকলি আকাশৰ তলত পেলাই থোৱা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। শিক্ষা বিভাগৰ এক সূত্ৰে জনা মতে, নগাঁও জিলাত চৰকাৰীকৰণ হোৱা সৰ্বমুঠ ২১৩ খন উচ্চ মাধ্যমিক আৰু ৬৩ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰীৰ বিপৰীতে এই চাইকেলসমূহ বিতৰণ কৰিবৰ বাবে ৰখাই থোৱা হৈছে। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো অৰ্থাৎ ২০২২-২৩ বৰ্ষৰ বাবে আবন্টিত জিলাখনৰ মুঠ ২৭৬খন শিক্ষানুষ্ঠানৰ প্ৰায় কুৰি সহস্ৰাধিক ছাত্ৰীৰ মাজত এই চাইকেলসমূহ বিতৰণ কৰা হ’ব। ইতিমধ্যে বিদ্যালয় কৰ্তৃপক্ষই হিতাধিকাৰীৰ তালিকাসমূহ জিলা বিদ্যালয়সমূহৰ সংমণ্ডল পৰিদৰ্শকৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছে। এই তালিকাসমূহৰ ভিত্তিত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে জিলাই জিলাই ঠিকাদাৰী প্ৰতিষ্ঠানৰ জৰিয়তে চাইকেলসমূহ প্ৰেৰণ কৰিছে। এইদৰে নগাঁও জিলাৰ বিদ্যালয়সমূহলৈও নিৰ্দিষ্ট পৰিমাণৰ চাইকেলসমূহ প্ৰেৰণ কৰা হৈছে। এইখিনিলৈ ঠিকেই আছে। কিন্তু আশ্চৰ্যজনক বিষয় এই যে বিগত প্ৰায় এমাহ দিন ধৰি জিলাখনৰ খাগৰিজান শিক্ষাখণ্ডৰ অধীনস্থ বিদ্যালয়সমূহলৈ বিতৰণ কৰিব লগা চাইকেলসমূহ নগাঁও ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় চৌহদৰ মুকলি পথাৰত ৰখাই থোৱা হৈছে। ফলত ৰ’দে-বৰষুণে কেইবাসহস্ৰ চাইকেলত মামৰে ধৰিবলৈ আৰম্ভ কৰিছে। একেদৰে জিলাখনৰ প্ৰতিটো প্ৰাথমিক শিক্ষাখণ্ড এলেকাৰ এক নিৰ্দিষ্ট স্থানত দীৰ্ঘদিন ধৰি চাইকেলসমূহ মুকলি আকাশৰ তলত পেলাই থোৱাৰ অভিযোগ উঠিছে। জানিব পৰা মতে, নগাঁৱত মন্ত্ৰী-বিধায়কৰ উপস্থিতিত কেন্দ্ৰীয়ভাৱে এই চাইকেলসমূহ আনুষ্ঠানিকভাৱে বিতৰণ কাৰ্যসূচীৰ পিছতহে ছাত্ৰীসকলৰ মাজত বিতৰণ কৰা হ’ব। ইয়াৰ বাবে দিন-বাৰ এতিয়াও ঠিক কৰিবলৈ সক্ষম হোৱা নাই জিলা প্ৰশাসন তথা শিক্ষা বিভাগে। ফলত এই চাইকেলসমূহ বিদ্যালয় কৰ্তৃপক্ষলৈ এই পৰ্যন্ত প্ৰেৰণ কৰিব পৰা নাই। ইপিনে, এইদৰে বিগত বৰ্ষৰ নৱম শ্ৰেণীৰ ছাত্ৰীক বিতৰণ কৰিব লগা ছাত্ৰীগৰাকী বৰ্তমান  দশম শ্ৰেণীত পঢ়ি আছে আৰু দশম শ্ৰেণীৰ শিক্ষাবৰ্ষৰ ছমাহ উকলি গৈছে। তেনে ক্ষেত্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষালৈ মাজত মাথোঁ কেইটামান মাহ বাকী থকাৰ প্ৰাকমূহুৰ্তত ছাত্ৰীসকলৰ মাজত এতিয়ালৈকে শিক্ষা বিভাগে চাইকেলসমূহ বিতৰণ কৰিব নোৱাৰাটো এক ব্যৰ্থতা হিচাপে বিবেচিত হৈছে। এই লৈ শিক্ষাসদী মহলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে। সেয়েহে ৰ’দে-বৰষুণে পৰি থকা চাইকেলসমূহ শীঘ্ৰে বিতৰণ কৰিবলৈ সচেতন মহলে শিক্ষা বিভাগ তথা চৰকাৰক দাবী জনাইছে।
প্ৰেৰক কনক হাজৰিকা
You might also like