গ্ৰন্থ ভৱিষ্যত প্ৰজন্মৰ বৌদ্ধিক বিকাশ আৰু মন-মগজুৰ উত্তৰণৰ আধাৰস্বৰূপঃ মৃণালিনী দেৱী- সদৌ অসম ৰেচম বিষয়া সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশন
বিশেষ বাৰ্তা, ১২ জুনঃ গ্ৰন্থ অধ্যয়নে শিক্ষা-দিক্ষা, ক্স্টি- সংস্কৃতি আদিৰ বিষয়ে বিষদ জ্ঞান প্ৰদান কৰে ৷ গ্ৰন্থ ভবিষ্যত প্ৰজন্মৰ বৌদ্ধিক বিকাশ আৰু মন মগজু উত্তৰণৰ আধাৰ স্বৰূপ ৷ এই মন্তব্য অসম সাহিত্য সভাৰ উপ সভানেত্ৰী তথা বিশিষ্টা মহিলা মৃণালিনী দেৱীৰ ৷ আজি শুৱালকুছিৰ ফ্ৰেচন প্ৰযুক্তি প্ৰতিস্টান চমুকৈ চিফট ত অনুষ্ঠিত হোৱা সদৌ অসম ৰেচম বিষয়া সন্হাৰ দ্বি বাৰ্ষিক অধিবেশনৰ মুকলি সভাত স্মৃতিগ্ৰন্থ “কিংখাপ” উন্মোচন কৰি কয় যে গ্ৰন্থ অধ্যয়নে মানুহক বহুত নজনা কথাৰ সম্ভেদ দিয়ে ৷ আজি উন্মোচন কৰা “কিংখাপ” অধ্যয়ন কৰিলে ৰেচম শিল্পটো সম্পৰ্কে সবিশেষ জানিব পাৰিব বুলি উল্লেখ কৰি তেওঁ অসমৰ ৰেচম আৰু পাট মুগা শিল্পৰ ওপৰত কিছু বক্তব্য আগবঢ়ায় ৷ অসমৰ ৰেচম শিল্পক মহামানৱ মহাত্মা গান্ধীয়েও ভূয়সী প্ৰশংসা কৰা বুলি দোহাৰে ৷ শুৱালকুছিৰ শিপিনীৰ পৰশত প্ৰাণ পাই উঠা পাট মুগা শিল্প আজি বিশ্ব বিখ্যাত হোৱাৰ কথাও অসম সাহিত্য সভাৰ উপ সভানেত্ৰী গৰাকীয়ে উল্লেখ কৰে ৷ ৰেচম সন্থাৰ সভাপতি নীলোৎপল বুঢ়াগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাবে অংশ লৈ ৰাজ্যৰ হস্ততাঁত বস্ত্ৰ আৰু ৰেচম মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই ৰেচম প্ৰক্তিৰ লগত জড়িত বুলি উল্লেখ কৰি কয় যে ৰেচম শিল্পক সুৰক্ষিত কৰা, গতিশীল কৰাটো বৰ্তমানৰ চৰকাৰখনৰ দ্বায়িত্ব আৰু কৰ্তব্য ৷ চৰকাৰে স্ব নিৰ্ভৰশীল আচনিৰ জৰিয়তে শিপিনীসকলক স্বনিৰ্ভৰশীল কৰি গ্ৰাম্য অৰ্থনীতি উন্নয়ন কৰা অভিলাষী আঁচনি এখন জুন মাহৰ ভিতৰতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ৷ তেওঁ পুনৰ কয় যে গ্ৰাম্য অৰ্থনীতিৰ বিকাশ সাধনা কৰা হস্ততাঁত আৰু ৰেচম শিল্পৰ উন্নয়নৰ বাবে পূৰ্বে কোনো আচনি কাৰ্যকৰী কৰণৰ সু নিৰ্দিষ্ট পৰিকল্পনা নাছিল ৷ কিন্ত অৰ্থনীতিৰ গভীৰ জ্ঞানপুষ্ট আৰু কৰ্মদ্যোগী অসমৰ মুখ্যমন্ত্ৰীয়ে বিচৰামতে হস্ততাঁত বস্ত্ৰ আৰু ৰেচম বিভাগক গতিশীল কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ তেওঁ ২০২৪ চনত এখন ৰেচম মহাবিদ্যালয় মুকলি কৰাৰ কথায়ো দোহাৰে ৷ মুকলি সভা উদ্বোধন কৰে প্ৰাক্তন সভাপতি মৃণাল কলিতাই ৷ সভাত নিৰ্দিষ্ট বক্তা হিচাবে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি প্ৰদীপ দত্ত, অৱসৰ প্ৰাপ্ত ভাৰপ্ৰাপ্ত সঞ্চালক, ড°যোগেশ দেউৰী, সন্মানীয় অতিথি হিচাবে শুৱালকুছি পাটসুতা ভড়ালৰ সভাপতি দীনেশ বৈশ্য, যুটীয়া সঞ্চালক মঃআতাউৰ ৰহমান প্ৰমুখ্যে কেবাজনো বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে ৷
প্ৰেৰক দিলীপ মেধি