নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ অপৰাধ নিৰাময়ৰ ক্ষেত্ৰত পাৰদৰ্শিতাৰ বাবে ৰাজ্যৰ ভিতৰতে শ্ৰেষ্ঠ থানা হিচাবে নিৰ্বাচিত হৈছে বিহালী থানা। দেশৰ গৃহ মন্ত্ৰালয়ৰ এটি দলে ৰাজ্যৰ সকলো থানাসমূহত চলোৱা সমীক্ষাৰ পিছত ৰাজ্যৰ ভিতৰত শ্ৰেষ্ঠ থানা হিচাবে নিৰ্বাচিত হৈছে বিহালী থানা। যোৱা আৰক্ষী সঞ্চালক জি পি সিঙে আৰক্ষী সঞ্চালকৰ কাৰ্যালয়ত বিহালী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বুচিঙ বেৰ হাতত উৎকৃষ্টতাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে। ইফালে আজি বিহালী থানাত বিহালী থানা কমিটীৰ সভাপতি-কুমুদ শইকীয়া,সম্পাদক চিৰাজ হাজৰিকা, প্ৰাক্তন সভাপতি জৈনুনন্দিন আনচাৰী, ব্যৱসায়ী কৃষ্ণ পাল, বৰগাং গাঁওৰক্ষী বাহিনীৰ সম্পাদক ফাৰুক মুল্লা, ৰাংচালী গাঁওৰক্ষী বাহিনীৰ সম্পাদক কেশৱ শৰ্মা, ৰাংচালী দলনী গাঁওৰক্ষী বাহিনীৰ সম্পাদক সঞ্জীৱ হুমগাই, সাংবাদিক ভুবন লুইটেল, পলাশ প্ৰিয়ম উপস্থিত হৈ আৰক্ষী বিষয়া বুচিঙ বেক আদৰণি জনায়।
প্ৰেৰক ভুবন লুইটেল