নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰ : বিহালীৰ বৰগাঙস্থিত বিহালী ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয় তথা বিহালী কনিষ্ঠ মহাবিদ্যালয়ত ২০২৩ বৰ্ষত নামভৰ্ত্তি কৰা একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে নৱাগতা আদৰণী সভা কালি অনুষ্ঠিত হয়। দিনৰ ১০ বজাত ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ সন্মিলন অনুষ্ঠিত হয়। পিছত ১ বজাৰ পৰা বিদ্যালয়ৰ অধ্যক্ষ পৰশু চেত্ৰীৰ পৌৰোহিত্যত মূল সভা অনুষ্ঠিত হয়। ছাত্ৰ-ছাত্ৰীসকলে সমৱেত সংগীত পৰিৱেশনৰ পিছতে ২০২৩ বৰ্ষত বিদ্যালয়খনৰ পৰা প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক গামোচা, মানপত্ৰ আৰু একোটা গছপুলিৰে সম্বৰ্ধনা জনোৱা হয়। তাৰ পিছত ক্ৰমান্বয়ে প্ৰাচীৰ পত্ৰিকা “জ্ঞান বিকাশ” উন্মোচন কৰে স্থানীয় সাহিত্যিক অৰ্পণা শইকীয়া দাসে। মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰে বিহালী স্নাতক মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰমেন বৰাই। ভাষণত বৰাই ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিযোগিতাৰ ধামখুমীয়াত পুৱা বিছনাৰ পৰা “বেলিয়ে উঠালে নহ’ব ছাত্ৰ-ছাত্ৰীয়ে বেলিকহে উঠাব লাগিব” বুলি কৈ ছাত্ৰ-ছাত্ৰীসকলক কঠোৰ পৰিশ্ৰমেৰে অধ্যয়নৰত হোৱা, চৰিত্ৰৱান হোৱা আৰু সমাজৰ প্ৰতি দায়বদ্ধশীল হ’বলৈ পৰামৰ্শ আগবঢ়ায়। লগতে সমাজকৰ্মী প্ৰদীপ গোস্বামীয়ে বিশিষ্ট অতিথিৰ বক্তব্য প্ৰদান কৰে। ছাত্ৰ-ছাত্ৰীসকলে বিহুনৃত্য, নেপালী নৃত্য, ঝুমুৰ নৃত্য, আধুনিক নৃত্য, গীত আদি বিভিন্ন কৃষ্টি পৰিৱেশন কৰি নিজ নিজ প্ৰতিভা প্ৰদৰ্শন কৰে। এই সভাতেই বিদ্যালয়ৰ অধ্যক্ষ পৰশু চেত্ৰীয়ে বিশ্বৰ কেইগৰাকীমান খ্যাতিসম্পন্ন বিশেষভাৱে সক্ষম ব্যক্তিৰ জীৱনাদৰ্শৰ ওপৰত লিখি প্ৰকাশ কৰা “এমুঠি অসাধাৰণ ব্যক্তিত্বৰে উজ্জীৱিত মানুহৰ অন্য এক পৃথিৱী ” প্ৰবন্ধ পুথিখন উন্মোচন কৰে কবি-সাহিত্যিক তথা সাংস্কৃতিক মহাসভা, অসমৰ বিশ্বনাথ জিলা সমিতিৰ সম্পাদিকা ৰূপালী দাসে। নিজ বক্তব্যত দাসে উন্মোচিত পুথিখন ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্নজনৰ বাবে এখন অতি প্ৰয়োজনীয় মূল্যৱান পুথি বুলি উল্লেখ কৰে। সভাত পদ্মলোচন বৰা, দোলন দাস, ফিৰোজ দাস, প্ৰদীপ গোস্বামী, নীলকান্ত দাস, বৈশাকু ৰয়, থানুৰাম শৰ্মা, স্বৰাজ হাজৰিকা, প্ৰেমলাল গঞ্জু, তৰুণ দাস, মিহিৰ চৌধুৰী, প্ৰণীতা ৰায় ভূঞা, অম্লান কাশ্যপ সাহা, ভুবন লুইটেল, খগেন মটক আদি বিহালীৰ বিশিষ্ট ব্যক্তি, সমাজকৰ্মী তথা বিদ্যালয়ৰ শুভাকাংক্ষীসকলে অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে সভাত অংশগ্ৰহণ কৰে।
প্ৰেৰক ভুবন লুইটেল