বিশেষ বাৰ্তা, ২৫ মাৰ্চঃ অসমৰ লোককৃষ্টি সমুহৰ ভিতৰত অন্যতম হল বিহু। এই বিহুক সঠিক ভাবে উপস্থাপনৰ বাবে বিহু সুৰক্ষা সমিতি অসমৰ নগাঁও জিলা সমিতিয়ে পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপৰ অংশ হিচাপে সমিতিৰ নগাঁও জিলা সমিতিয়ে বিগত বৰ্ষসমূহৰ দৰে এইবাৰো ১৬ মাৰ্চৰ পৰা অনুস্থিত কৰা বিহুনাচ, বিহুবাদ্য বাদনৰ কৰ্মশালাৰ কালি সন্ধিয়া সামৰণি পৰে। কালি কৰ্মশালাৰ সামৰণি সভা অনুস্থিত হোৱাৰ পিছত প্ৰশিক্ষাৰ্থীৰ বিহুনাচ আৰু ঢোল বাদনৰ অনুষ্ঠিত হয়। সামৰণি সভাত বিশিষ্ট কণ্ঠশিল্পী কৃষ্ণমণি নাথ, দুলুমণি শইকীয়া, খগেন বৰুৱা, খগেন বৰুৱা, চিম্পী বৰা আদিয়ে অংশগ্ৰহণ কৰে। নগাঁও জিলা বিহু সুৰক্ষা সমিতিৰ সভাপতি ধৰ্মেশ্বৰ হাজৰিকাই আতধৰা অনুষ্ঠানত নগাঁও জিলা বিহু সুৰক্ষা সমিতিৰ মহিলা মঞ্চৰ বিহুৱতীসকলে বিহুনাচ প্ৰদৰ্শন কৰে। অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।
প্ৰেৰক কনক হাজৰিকা