নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড় সাহিত্য সভাত বিহুনাচ আৰু বিহুনামৰ কৰ্মশালা

বিশেষ বাৰ্তা, ৭ এপ্ৰিলঃ বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব,ডিব্ৰুগড় সাহিত্য সভা,নৃত্যাংগন কলাকেন্দ্র আৰু মুৰ্চনা সংগীত বিদ্যালয়ৰ যৌথ সহযোগত আজিৰে পৰা ‘বিহুনাচ আৰু বিহু নামৰ’ কৰ্মশালা খন বিয়লি ৪ বজাত শুভাৰম্ভ কৰা হয়।ডিব্ৰুগড় সাহিত্য সভাৰ ৰূপকোঁৱৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এই কৰ্মশালাৰ শুভাৰম্ভনিতে ‘অসম আদিত্য’ কাকতৰ কাৰ্যবাহী সম্পাদক মনজিৎ বৰা আৰু ডিব্ৰুগড় সাহিত্য সভাৰ উপ-সভাপতি বিভাস দুৱৰা আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁয়ে বন্তি প্ৰজ্বলন কৰে।সহযোগ কৰে বৰ বিহুৱতী ৰুবী গগৈ সন্দিকৈ,বৰ বিহুৱা তথা বিশিষ্ট লোক শিল্পী জিতেন দাস আৰু অনাতাঁৰ শিল্পী ভূৱন গগৈয়ে।কৰ্মশালাখনিৰ শুভ উদ্ধোধনী ভাষণত কাৰ্যবাহী সম্পাদক মনজিৎ বৰাই কয় যে বিহু নাম আৰু বিহু গীতৰ মাজত বহু পাৰ্থক্য,আছে।সেয়ে সিবিলাক সমিলমিল কৰা অনুচিত।কেঁচা মাটি বা কৃষিৰ সৈতে বিহুৰ সৰ্ম্পক আছে।তিনিওটা বিহুতে মাটিৰ গোন্ধ আছে বুলি উল্লেখ কৰি কৰ্মশালাৰ সমল ব্যক্তি কেইগৰাকীৰ গুনৰাজিক প্ৰশংসা কৰে।ৰাতুল বুঢ়াগোহাঁয়ে আঁত ধৰা অনুষ্ঠানত ডিব্ৰুগড় সাহিত্য সভাৰ উপ-সভাপতি বিভাস দুৱৰাই সকলো প্ৰশিক্ষাৰ্থী কন-কন শিশু সকলৰ উজ্জ্বল ভবিষ্যত কামনা কৰি কৰ্মশালাখনিৰ পৰাই ভবিষ্যতৰ দিনত বহু প্ৰতিভা সম্পন্ন বিহুৱতীয়ে জাতিৰ সংস্কৃতি টনকিয়াল কৰি তুলিব বুলি মন্তব্য কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে।উজনি অসমৰ দুটাকৈ জনপ্ৰিয় বিহু দল ডিবৰু বিহু দল আৰু ৰং বসন্ত বিহুৱা দলে বাদ্য সংগত কৰা কৰ্মশালাত সমল ব্যক্তি হিচাপে বৰ বিহুৱতী ৰুবী গগৈ সন্দিকৈ,বৰ বিহুৱা তথা বিশিষ্ট লোক শিল্পী জিতেন দাস আৰু অনাতাঁৰ শিল্পী ভূৱন গগৈয়ে অংশ গ্ৰহণ কৰে।আজিৰে পৰা অহা ১২ এপ্রিললৈ অনুষ্ঠিত হব লগা বিহুৰ আজিৰ শুভাৰম্ভ অনুষ্ঠানত শতাধিক প্ৰশিক্ষাথী আৰু বহু অভিভাৱক উপস্থিত থাকি অনুষ্ঠানটো জীপাল কৰি তোলে।

প্ৰেৰক বিভাস দুৱৰা

You might also like