নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চ : শোণিতপুৰৰ বালিপৰাত ৭০ সংখ্যক সদৌ বালিপৰা ৰঙালী বিহু মেলা উদযাপন সমিতিৰ বলিষ্ঠ উদ্যোগত আৰু বালিপৰীয়া ৰাইজৰ সহযোগত বিহু নাচ আৰু ঢোলবাদনৰ কৰ্মশালা শুভাৰম্ভ কৰা হয়। বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কৰ্মশালা শুভাৰম্ভ কৰে অঞ্চলটোৰ জ্যেষ্ঠ সমাজকৰ্মী ,সংস্কৃতিৰ সাধক ক্ৰমে বালিগাঁৱৰ ভাবিৰাম মেধি আৰু এৰাগাঁৱৰ ধনেশ্বৰ দাসে। অনুষ্ঠানৰ প্ৰথম দিনা অঞ্চলটোৰ অভিজ্ঞ ঢুলীয়া অজিৎ দাসৰ পৃষ্ঠপোষকতাত তেখেতৰ সতীৰ্থ ঢুলীয়া, নাচনীসকলে অঞ্চলটোৰ কণ কণ শতাধিক শিশুক শৃঙ্খলাৱদ্ধ শৈলীৰে বিহু নাচ আৰু ঢোলবাদনৰ প্ৰশিক্ষণ আগবঢ়ায়। প্ৰশিক্ষণত অঞ্চলটোৰ বালিগাঁও, এৰাগাঁও, কমাৰীগাঁও, বামগাঁও, বোকাগাঁও ইত্যাদি কেইবাখনো গাঁৱৰ শতাধিক কণ কণ শিশুৱে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। ঢোল, পেঁপা, গগণা, বিহু গীতৰ শব্দত মুখৰিত হৈ পৰে সমগ্ৰ বালিপৰা অঞ্চলৰ আকাশ-বতাহ। অনুষ্ঠানটোত ৭০সংখ্যক সদৌ বালিপৰা ৰঙালী বিহু মেলা উদযাপন সমিতিৰ সভাপতি কিনাৰাম শইকীয়া, কাৰ্যকৰী সভাপতি অপূৰ্ব সেন ডেকা, যুটীয়া সম্পাদকদ্বয় ক্ৰমে সঞ্জীৱ নাথ আৰু ৰত্নেশ্বৰ দাস, সাংস্কৃতিক শিল্পী বিষ্ণু ৰঞ্জন নাথ, সমাজসেৱক নিৰঞ্জন নাথ, সমাজসেৱক চিটু শইকীয়া, ধৰ্ম দাসৰ লগতে সমিতিৰ সমূহ বিষয়ববীয়া, বালিপৰীয়া ৰাইজ, প্ৰশিক্ষণত অংশগ্ৰহণ কৰা শিশুসকলৰ অভিভাৱকসকল, শুভাকাংক্ষীসকল উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। উল্লেখ্য যে সদৌ বালিপৰা ৰঙালী বিহু মেলা সমিতিয়ে প্ৰতিবছৰৰ দৰে এইবেলিও নতুন উদযাপন সমিতিখনে কণ কণ শিশুসকলক বিহুৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰা, বিহুৰ মাধ্যমেদি অসমীয়া জাতীয় চেতনা সজীৱ কৰি ৰখা, যুৱ প্ৰতিভাক যোগ্য স্থান দিয়া, বিভাজনমুখীতাক পৰিহাৰ কৰি বালিপৰাত এক সমন্বয়ৰ সুস্থ বাতাৱৰণ সৃষ্টি কৰাৰ ধনাত্মক মানসিকতাৰে বিহু নাচ আৰু ঢোলবাদন কৰ্মশালা, মুকলি বিহু প্ৰতিযোগিতাৰ লগতে অন্যান্য কাৰ্যসূচী অনুষ্ঠিত কৰিছে। সমিতিয়ে কাকতৰ যোগেদি বিহুৰ লগত সংগতি ৰাখি আয়োজন কৰা প্ৰতিটো কাৰ্যসূচীত সমগ্ৰ বালিপৰা অঞ্চলৰ জাতি-বৰ্ণ-ধৰ্ম-ভাষা নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজ, দল-সংগঠন, অভিভাৱক, সমাজ সচেতন ব্যক্তিক ধনাত্মক মানসিকতাৰ দিহা-পৰামৰ্শৰ মাজেদি অংশগ্ৰহণ কৰি বালিপৰাৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ ধাৰা অটুট ৰখাত হাত উজান দিবলৈ আহ্বান জনাইছে। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে সদৌ বালিপৰা ৰঙালী বিহু মেলা উদযাপন সমিতিৰ উদ্যোগত অহা ২১ এপ্ৰিলত (৭ ব’হাগ) বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মুকলি বিহু প্ৰতিযোগিতাও আয়োজন কৰিছে।
প্ৰেৰক প্ৰাঞ্জল বৰা