নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এ ডি পি কলেজত ব্যতিক্ৰমী বিহু অনুষ্ঠান, লোকশিল্পী খগেন গগৈলৈ ‘বিহুগিৰি’ অভিধা

'বিহু তলী' শীৰ্ষক এটি মুকলি মঞ্চ উন্মোচন, 'এ ডি পি কলেজ হাট'ৰো আয়োজন

বিশেষ বাৰ্তা, ১২ এপ্ৰিল : অসমৰ অগ্ৰণী উচ্চশিক্ষানুষ্ঠান নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে দুদিনীয়াকৈ মহাবিদ্যালয়ৰ চৌহদত এটি বিহু বিষয়ক কৰ্মশালা আৰু আদৰণি অনুষ্ঠান আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰে৷ প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে মহাবিদ্যালয়ে বিহুৰ কৃষিভিত্তিক অৰ্থনীতি আৰু উৎপাদনমুখী চৰিত্ৰটোৰ সৈতে ছাত্ৰ-ছাত্ৰীসকলক পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° চন্দ্ৰকমল চেতিয়াৰ তত্ত্বাৱধানত লোকবাদ্য  টকা, গগনা, সুতুলী ইত্যাদি কাৰিকৰী বিদ্যাৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’য় ৷

ক্ৰীড়া-জগতৰ বা-বাতৰি চাবলৈ ক্লিক কৰক  খেলৰ বাতৰি চাওক

দ্বিতীয় দিনাৰ কাৰ্যসূচীত অসমৰ বিশষ্ট লোকশিল্পী খগেন গগৈক মহাবিদ্যালয়ৰ তৰফৰ পৰা প্ৰথমবাৰৰ বাবে নতুন চিন্তাৰে ‘বিহুগিৰি’ উপাধি প্ৰদান কৰে ৷ উক্ত অনুষ্ঠানতেই লোকশিল্পীগৰাকীয়ে মহাবিদ্যালয়ত সদ্যনিৰ্মিত— ‘বিহু তলী’ শীৰ্ষক এটি মুকলি মঞ্চ উন্মোচন কৰে ৷ উন্মোচন অনুষ্ঠানত উপস্থিত থাকে মহাবিদ্যালয়ৰ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি, প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ জয় কুমাৰ সিংহ,  প্ৰাক্তন উপাধ্যক্ষ দেৱপ্ৰসাদ হাজৰিকাকে প্ৰমুখ্য কৰি নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কুলেন চন্দ্ৰ দাস, নগাঁৱৰ জি এন ডি জি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মৃগাংক শইকীয়া, খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰমেশ চন্দ্ৰ নাথকে প্ৰমুখ্য কৰি নিমন্ত্ৰিত ব্যক্তিৰ অধ্যাপক-অধ্যাপিকা সমন্বিতে মহাবিদ্যালয়ৰ প্ৰাক্তন আৰু অধ্যয়নৰত অগণন ছাত্ৰ-ছাত্ৰী৷

অনুষ্ঠানৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ে ‘এ ডি পি কলেজ হাট’ এখনৰো আয়োজন কৰে ৷ মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ প্ৰায় ২০ খন মান  স্ব-দক্ষতা আৰু অনুপম কৰ্মৰ প্ৰতিফলন ঘটা বিপনীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক পাঠগত তথা বিদ্যায়তনিক দিশৰ সমান্তৰালকৈ ছাত্ৰ ছাত্ৰীৰ দক্ষতা বিকাশৰ প্ৰতিও উৎসাহিত, অনুপ্ৰাণিত কৰাৰ যত্ন কৰা হ’য় ৷

📌 মেট্ৰিকত দৰিদ্ৰতাক নেওচি জুয়ে পোৰা সোণ হৈ জিলিকিল খুমটাইৰ মেধাৱী ছাত্ৰী ৷ উৰুখা পজাৰ পৰা ৫টা বিষয়ত লেটাৰ মাৰ্কসহ ৮৮ শতাংশ নম্বৰেৰে উজলিল চিনাতলীৰ পৰী বৰা ৷ কন্যাৰ ফলাফলত চকুলো নিগৰিল পিতৃ-মাতৃৰ।

য’ত বিক্ৰীৰ অৰ্থে পৰিবেশিত হ’য়— লোকখাদ্য সম্পৰ্কীয় এশ এবিধ শাককে ধৰি থলুৱা পিঠা-পনা, দৈ, চিৰা, মিঠৈ, তাঁতশালত বোৱা গামোছা, চাদৰ-মেখেলা, চিত্ৰশিল্প, লোকশিল্পজাত সা-সামগ্ৰি— গহনা গাঁথৰি ইত্যাদি ৷ আনহাতে অনুষ্ঠানত উপস্থিত থাকে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী- DY বিহুৰাণী, চিজন ১৬ৰ ফাইনেলিষ্ট হিচাপে নিৰ্বাচিত হোৱা দীপামণি বৰা ৷ সমান্তৰাভাৱে মহাহাবিদ্যায় কতৃপক্ষই বিহুৰ বিভিন্ন আহাৰ অভ্যাগত সকলক যোগান ধৰে৷ বিয়লি ৪ বজাত নৃত্য গীতৰ মাজেৰে অনুষ্ঠানৰ সফল সামৰণি পৰে ৷

প্ৰেৰক কনক হাজৰিকা

You might also like