বকোত সাংসদ হিচাপে প্ৰথমবাৰৰ বাবে উপস্থিত বিজুলী কলিতা মেধি
নিয়মীয়া বাৰ্তা, ১১ জুলাই : বিজেপিৰ দক্ষিণ কামৰূপ জিলাৰ বকো মণ্ডল আৰু ছমৰীয়া মণ্ডলৰ উদ্যোগত আজি বকো চিলাৰায় ভৱনত অনুষ্ঠিত হয় এক সম্বৰ্ধনা অনুষ্ঠান। উল্লেখ্য যে গুৱাহাটী লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ বিজুলী কলিতা মেধিক উষ্ম আদৰণিৰ লগতে সম্বৰ্ধনা জনোৱাৰ বাবে আজি অনুষ্ঠিত কৰা হয় এই সম্বৰ্ধনা অনুষ্ঠান। সম্বৰ্ধনা অনুষ্ঠানত দক্ষিন কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামী, বকো মণ্ডলৰ সভাপতি বুদ্ধেশ্বৰ ৰাভা, ছমৰীয়া সত্ৰ মণ্ডলৰ সভাপতি পাৰ্থকৃষ্ণ অধিকাৰী, বনগাঁও মণ্ডলৰ সভাপতি ধীৰাজ ঠাকুৰীয়াৰ লগতে জিলাৰ বহুকেইজন বিষয়ববীয়া আৰু মণ্ডলৰ বিষয়ববীয়াসকল উপস্থিত থাকে। অনুষ্ঠানত ৰাভা জাতীয় পাজাৰ, এটা ফুলাম জাপি আৰু এখনি শৰাইৰে সম্বৰ্ধনা জ্ঞাপন কৰে। সাংসদগৰাকীয়ে ভাষন প্ৰসংগত কয় যে মোক সম্বৰ্ধনা জনোৱাৰ বাবে একো প্ৰয়োজন বুলি মই নাভাৱো। কাৰণ মই আজিলৈ সদায় দলৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে কাম কৰি আহিছো। অনাগত দিনতো দলৰ লগতে ৰাইজৰ হিতৰ বাবে কাম কৰি যাম। যোৱা নিৰ্বাচনত বকো-ছয়গাঁও সমষ্টিৰ ৰাইজে মোক যি মৰম দিলে সেই মৰম মোৰ বাবে আৰ্শীবাদ। অনাগত দিনতো আপোনালোকে মোক মৰম ভালপোৱা দি যাব। মই যেন গুৱাহাটী সমষ্টিবাসীৰ অভাৱ অভিযোগবোৰ নোহোৱা কৰিব পাৰো। লগতে সাংসদগৰাকীয়ে সাংবাদিকে সমষ্টিক লৈ তেওঁৰ পৰিকল্পনাৰ বিষয়ে সোধাত তেওঁ কয় যে আমি ৰাইজৰ লগত মত বিনিময় কৰি ৰাইজৰ দিহা পৰামৰ্শ লৈ অনাগত দিনত গুৱাহাটী লোকসভা সমষ্টিক কেনেদৰে সৰ্বাঙ্গসুন্দৰ কৰি সজাই তুলিব পাৰো তাক লৈয়ে আমাৰ পৰিকল্পনা।
প্ৰেৰক প্ৰীতম বায়ন