নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুধনৈত নিৰ্বাচনী কাৰ্যালয় মুকলি বিজুলী কলিতা মেধিৰ

নিয়মীয়া বাৰ্তা, ২১ মার্চ : দুধনৈত সহস্ৰাধিক বিজেপিৰ নেতা কৰ্মীয়ে পুস্পবৃষ্টিৰে আদৰিলে ৫নং গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলি কলিতা মেধিক৷ “আকৌ এবাৰ মোদী চৰকাৰ” শীৰ্ষক গীতৰ তালে তালে নাচিবাগি আদৰণি জনালে দলীয় কৰ্মীসকলে ৷ বিভিন্ন দলৰ দুই শতাধিক লোকৰ বিজেপিত যোগদানেৰে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে দুধনৈত নিৰ্বাচনী ৰণদুন্দুভি বজালে বিজুলী কলিতা মেধিয়ে ৷ বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে আজি দুধনৈত সহস্ৰাধিক দলীয় কৰ্মী আৰু সমৰ্থকৰ উপস্থিতিত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে। দলীয় নিৰ্বাচনী বিশেষ সভাত উপস্থিত থাকি বিজুলী কলিতা মেধিয়ে সংবাদ মাধ্যমক কয় যে মই দুটা কাৰ্যকালৰ বাবে প্ৰায় ছয় বছৰ বিজেপিৰ মহিলা মৰ্চাৰ নেতৃত্ব বহন কৰিছোঁ, গোটেই অসমখনৰে নেতৃত্ব দিছোঁ, অসমৰ ৰাইজে মোক শুভেচ্ছা জনাইছে, মৰম-চেনেহ দিছে, মই সমগ্ৰ অসমৰে নেত্ৰী গতিকে মই মীৰা বৰঠাকুৰৰ কথা শুনাৰ প্ৰয়োজন নাই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ ইপিনে যোৱা ১৯ মাৰ্চত দুধনৈত কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে কংগ্ৰেছৰ দলীয় কাৰ্যালয় মুকলি কৰি বিজেপিৰ প্রাৰ্থীগৰাকীক কটাক্ষ কৰি সংবাদ মেলত কৈছিল- বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে ৰাইজৰ সমস্যা কেনেকৈ দেখিব? তেওঁ অভাৰব্ৰিজৰ ওপৰেৰে অহা-যোৱা কৰে যাৰ বাবে ৰাইজৰ সমস্যা দেখা নাপায়৷ সেই কথাৰ প্ৰত্যুত্তৰত আজি বিজেপিৰ নির্বাচনী কাৰ্যালয় উদ্বোধন কৰি বিজুলী কলিতা মেধিয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয়- “আমাৰ দলে, আমাৰ চৰকাৰে বনোৱা অভাৰব্ৰিজৰ ওপৰেৰে মই নগৈ তলেৰে যাম নেকি? বিজেপিৰ প্রাৰ্থীগৰাকীয়ে পুনৰ কয়- মই গাঁৱলৈ যাওঁ নে নাযাওঁ মীৰা বৰঠাকুৰে কেনেকৈ জানিলে? তেওঁ চিচি টিভি লগাই থৈছে নেকি বুলিও তীব্ৰ সমালোচনা কৰে। আজি দিনৰ প্ৰায় এক বজাত অনুষ্ঠিত বিজেপিৰ নিৰ্বাচনী সভাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উপস্থিত থাকি কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰি কয় যে বিগত ১৫ বছৰে অসমত কংগ্ৰেছ দলৰ চৰকাৰে একো উন্নয়ন কৰিব নোৱাৰিলে ৷ বিজেপিয়ে ২০১৬ চনত শাসনত অহাৰ লগে লগে অসম তথা উত্তৰ পূৰ্বাঞ্চলত তীব্ৰ গতিত উন্নয়ন হৈছে ৷ তেওঁ কয়- বিজেপিয়ে অসমত এইবেলি ১২খনতকৈ অধিক আসন লাভ কৰিব। গুৱাহাটী লোকসভা সমষ্টিত কোনো দল বিজেপিৰ বাবে ফেক্টৰ নহয় বুলি মন্তব্য কৰি বিজুলি কলিতা মেধিক বিপুল ভোটত জয়যুক্ত কৰিব বুলি দৃঢ়তাৰে কয় ৷ আজিৰ সভাত ৰাজ্যিক বিজেপিৰ সম্পাদিকা টিনামণি দৈমাৰী, জিলা বিজেপিৰ সভাপতি ভৃগুৰঞ্জন ৰাভা, এ পি ডি চি এলৰ সঞ্চালক প্ৰকাশ কাশ্যপৰ লগতে কেবাগৰাকীও দলীয় নেতা কৰ্মী উপস্থিত থাকে। ইপিনে বিজেপিৰ নির্বাচনী সভাত কংগ্ৰেছকে ধৰি অন্যান্য দলৰ প্ৰায় দুই শতাধিক ব্যক্তিয়ে বিজেপিত যোগদান কৰে।

প্ৰেৰক বেনজিন বড়ো

You might also like