নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটৰ সাংবাদিক-শিশু সাহিত্যিক বিকাশ শৰ্মাৰ দেহাৱসান

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰ : ৰাজ্যখনৰে এজন সুপৰিচিত বিশিষ্ট সাংবাদিক তথা গোলাঘাট জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সম্পাদক, সভাপতি, জ্যেষ্ঠ সাংবাদিক, শিশু সাহিত্যিক বিকাশ শৰ্মা আৰু নাই। নিৰ্ভীক-নিৰপেক্ষ সাংবাদিকতাৰে সমগ্ৰ ৰাজ্যত পৰিচিত আছিল জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মা। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিনে শয্যাগত হৈ আছিল সাংবাদিকগৰাকী। আজি পুৱা প্ৰায় ৫-৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিকগৰাকীয়ে। শয্যাগত হৈয়ো কলম স্তব্ধ হোৱা নাছিল বিকাশ শৰ্মাৰ। শোৱাপাটীৰ পৰাই জীৱনৰ শেষমুহূৰ্তলৈকে সাংবাদিকতা কৰি গৈছিল তেখেতে। সাংবাদিকতাৰ সমান্তৰালকৈ এগৰাকী শিশু সাহিত্যিক হিচাপেও খ্যাতি আছিল শৰ্মাৰ। কেইবাখনো শিশু উপন্যাস ৰচনা কৰি সমাদৰ লাভ কৰিছিল তেওঁ। “নামবৰত ৰাজু,নীতু আৰু চন্দ্ৰ” নামৰ শিশু উপন্যাসখনৰ বাবে শিশু সাহিত্যিক বঁটা লাভ কৰিছিল প্ৰয়াত শৰ্মাই। নৰিয়া দেহাৰেই শেহতীয়াকৈ “চিকাৰী ককা” নামৰ এখনি শিশু উপন্যাস প্ৰকাশৰ বাবে কৰিছিল যো-জা।ইতিমধ্যেই চপা কাৰ্য চলি আছে উপন্যাসখনৰ। কিন্তু জীৱনৰ শেষৰখন উপন্যাস মুকলি কৰিবলৈ নহ’ল প্ৰবীণ সাংবাদিকগৰাকীৰ। আজি গোলাঘাট জিলা সাংবাদিক সংস্থাৰ কাৰ্যালয় চৌহদত প্ৰাক্তন সতীৰ্থগৰাকীৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি  অনুষ্ঠানৰ আয়োজন কৰা হয়। গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক গিৰীন বৰাই আঁত ধৰা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গোলাঘাট জিলা সাংবাদিক সংস্থা, আপকু কেন্দ্ৰীয় আৰু গোলাঘাট জিলা সমিতি, খুমটাইৰ বিধায়ক মৃণাল শইকীয়া, নুমলীগড় শোধনাগাৰৰ মহা প্ৰৱন্ধক কাজল শইকীয়া, নিৱন্ধকাৰ, প্ৰাক্তন পৌৰপতি  ডাঃ  অজিত বৰুৱা, গোলাঘাট প্ৰেছ ক্লাৱ, মৰঙি প্ৰেছ ক্লাৱ, খুমটাই সাংবাদিক সন্থা, বাদুলিপাৰ সাংবাদিক সন্থা, কমাৰবন্ধা প্ৰেছ ক্লাৱ, আপকু ধনশিৰি, সৰুপথাৰ প্ৰেছ ক্লাৱ, বৰপথাৰ প্ৰেছ ক্লাৱ, দেৰগাঁও সাংবাদিক সন্থা, বৰুৱা বামুণগাঁও প্ৰেছ ক্লাৱ,গোলাঘাট পৌৰসভা, সন্মিলিত মটৰ পৰিবহন সন্থা, গোলাঘাট জিলা ছাত্ৰ সন্থা,টাই আহোম ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদ, এমেছাৰ থিয়েটাৰ ছ’ছাইটি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসম ক্ৰিকেট সন্থা, গোলাঘাট জিলা ক্ৰীড়া সন্থা, অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টী, ভাৰতীয় জাতীয় কংগ্ৰেছ, আপ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, চন্দন নগৰ যুৱ সংঘ, দূৰ্নীতি নিবাৰক প্ৰকৃতি সুৰক্ষা সমিতি, অসম যুৱ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, উজ্জ্বল জ্যোতি সংঘ, মাৰোৱাৰী সন্মিলন, অসম চেম্বাৰ অৱ কমাৰ্চ, গোলাঘাট নাগৰিক মঞ্চ,কবি সন্মিলন,চাহ জনজাতি ছাত্ৰ সন্থা, ইউনাইটেড চেম্বাৰচ অৱ কমাৰ্চ,লায়ণ্স ক্লাব, উজনি অসম মুছলিম কল্যাণ পৰিষদ, গোলাঘাট কেন্দ্ৰীয় ৰাস উদযাপন সমিতি, অসম আন্দোলন সতীৰ্থ মঞ্চ, গোলাঘাট জিলা সত্ৰ মহাসভা, গোলাঘাট জিলা সাহিত্য সন্মিলনী, প্ৰয়াস একাডেমী, কোঁচ ৰাজবংশী সন্মিলনী, গোশালা, গোলাঘাট, ৰিলায়েঞ্চ জুনিয়ৰ কলেজ, সত্যসাই বিদ্যা বিহাৰ, অনুসূচীত জাতি ছাত্ৰ সন্থা, টেনপুৰ ৰাজহুৱা নামঘৰ, বীৰ লাচিত সেনা, সাহিত্য সংস্কৃতি বিকাশ মঞ্চ, জিলা সাহিত্য সভা, সমন্বয় গোলাঘাট, তথ্য আৰু জনসংযোগ বিভাগ আদি বিভিন্ন দল,সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে শেষ শ্ৰদ্ধাৰ্ঘ জ্ঞাপন কৰে। গোলাঘাটৰ নোগোৰাত জন্ম গ্ৰহণ কৰা সাংবাদিকগৰাকীৰ শেষকৃত্য‌ও সম্পন্ন কৰা হয় জন্মস্থান নোগোৰাত। তেওঁৰ মৃত্যুত গোলাঘাটৰ চৌদিশে পৰিছে শোকৰ ছাঁ।আজিৰে পৰা গোলাঘাট জিলা সাংবাদিক সংস্থাই তিনি দিনৰ বাবে পতকা অৰ্ধনমিতভাৱে ৰাখি শোক দিৱস পালন কৰিব।
প্ৰেৰক প্ৰণৱ চক্ৰৱৰ্তী
You might also like