অসম গ্ৰন্থমেলাত বিকিয়ান বাইলুঙৰ কাব্যগ্ৰন্থ ‘বৌদ্ধিক আমলখি’ উন্মোচন
নিয়মীয়া বাৰ্তা, ২ জানুৱাৰী : ডুমডুমাৰ সমীপৰ ৰূপাই মিলনতীৰ্থৰ নিবাসী যুৱ কবি বিকিয়ান বাইলুংৰ প্ৰথমখন কাব্যগ্ৰন্থ ‘বৌদ্ধিক আমৰখি’ অলপতে অসম গ্ৰন্থমেলাত উন্মোচন কৰে বিশিষ্ট কবি নীলিম কুমাৰে। এই গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট কবিগৰাকীয়ে কয় যে কবিতা এতিয়া বচোৱাৰ সময় আহি পৰিছে, কবিতাৰ কচৰৎ কৰি মানুহৰ বাবে কবিতা লিখিব লাগিব । ‘বৌদ্ধিক আমলখি’ এই নামটোৰ দৰে আন কিতাপ দেখা নাই । নামটোৰ দৰে গ্ৰন্থখনে মানুহক আমলখিৰ ভিটামিন দিব। এই উন্মোচনী অনুষ্ঠানত বিশিষ্ট লেখক, সাহিত্যিক ইছমাইল হুছেইন, কবি কুকিল শইকীয়া, বিশিষ্ট কেৰিয়াৰ পৰামৰ্শদাতা ড০ বুলজিৎ বুঢ়াগোহাঁইৰ লগতে আন কেইবাগৰাকীও কবি উপস্থিত আছিল। উল্লেখযোগ্য যে, ডুমডুমা মহাবিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰি সম্প্ৰতি ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় (IGNOU) ৰ অধীনত ৰসায়ন বিজ্ঞানৰ স্নাতকোত্তৰ মহলাৰ পাঠ্যক্ৰম গ্ৰহণ কৰি থকাৰ সমান্তৰালকৈ ডুমডুমাৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰূপাই জাতীয় বিদ্যালয়ত বিজ্ঞান আৰু গণিত বিষয়ৰ বিষয় শিক্ষক হিচাপেও কৰ্মৰত হৈ আছে যুৱ কবি বিকিয়ান বাইলুং। নিয়মীয়াকৈ সাহিত্য চৰ্চা কৰি অহা তথা এগৰাকী লেখক হিচাপেও সুপৰিচিত বিকিয়ানৰ বিভিন্ন প্ৰৱন্ধ, কবিতা আদি বিভিন্ন কাকত-আলোচনী আদিত নিয়মীয়াকৈ প্ৰকাশ পাই আহিছে। প্ৰতিভাৱান লেখক-কবি বিকিয়ান বাইলুঙৰ প্ৰথম কাব্য সংকলন ‘বৌদ্ধিক আমলখি’ত কবিগৰাকীৰ ৪৪ টা কবিতা সন্নিবিষ্ট হৈ আছে আৰু গ্ৰন্থবাৰ্তা প্ৰকাশনে সম্পাদনা কৰিছে। যুৱ প্ৰতিভাৱান লেখক-কবি বিকিয়ান বাইলুং-এ এনে সাহিত্য চৰ্চাৰে অসমীয়া সাহিত্য জগতত আত্মপ্ৰকাশ কৰাক লৈ চাহ নগৰী ডুমডুমাৰ বৌদ্ধিক মহলে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে।
প্ৰেৰক মনোজ বৰুৱা