নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আশী শতাংশলৈ হ্রাস পৰিভ্রমী পক্ষীৰ সংখ্যা

নিয়মীয়া বাৰ্তা ৪ মেঃ  বিগত ২০০০ বর্ষৰ পৰা চলিত ২০২০ বর্ষৰ ভিতৰত অসমলৈ অহা প্রব্রজনকাৰী পক্ষীৰ সংখ্যা উদ্বেগজনকভাৱে হ্রাস পাইছে৷ অৰণ্য সুৰক্ষা সমিতি, অসমে নমুনা ভিত্তিত কৰা এক অধ্যয়নৰ আধাৰত এই তথ্য সদৰী কৰিছে৷

উল্লেখ্য যে অসমৰ নদ–নদী, বিল–খাল,  ডোং আদিলৈ বছৰি কোটিৰো অধিক প্রব্রজনকাৰী পক্ষীৰ আগমন হয় যদিও তীব্র গতিত ক্রমান্বয়ে হ্রাস পাই আহিছে ইয়াৰ সংখ্যা৷ এই সম্পর্কত প্রকাশ কৰা এক প্রেছ বিবৃতিত সংগঠনটোৰ সচিবপ্রধান তথা সমিতিয়ে প্রকাশ কৰা গ্লোবেল ৰিছার্চ মেথেড’লজী জার্নালৰ মুখ্য সম্পাদক ড০ হৰিচৰণ দাসে উল্লেখ কৰে যে ২০০০ চনলৈ বৰাক আৰু ব্রহ্মপুত্রৰ প্রায় পঞ্চাশখন উপনৈ আৰু এশৰো অধিক শাখা নৈ, এহেজাৰৰো অধিক বিল–খাল, প্রায় পাঁচ হাজাৰ খাল –পুখুৰী আৰু ডোঙলৈ কোটিৰো অধিক প্রব্রজনকাৰী পক্ষীৰ আগমন ঘটিছিল৷ কিন্তু অতি সম্প্রতি ইয়াৰ সংখ্যা সোতৰৰ পৰা বিশ লাখমানলৈকে হ্রাস পাইছে৷ অসমৰ ৰাষ্ট্রীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ জলাশয় আৰু মাজুলীৰ জলাশয়লৈ অহা প্রব্রজনকাৰী পক্ষীৰ সংখ্যা বিশেষ হ্রাস পোৱা নাই যদিও জনবসতি এলেকাৰ কাষৰীয়া বিল, খাল আৰু উপনৈসমূহত ব্যাপক হাৰত হ্রাস পাইছে প্রব্রজনকাৰী পক্ষী৷

এক নমুনাভিত্তিক তথ্য দাঙি ধৰি ড০ দাসে অৱগত কৰে যে বিগত ২০১৯ বর্ষত জলাশয়লৈ অহা হিমালয়ান শগুনৰ সংখ্যা আছিল ৪৬টা৷ কিন্তু ২০২০ বর্ষত এই সংখ্যা মাথোঁ ৬টা৷ আনহাতে হাকামা বিললৈ ২০০০ চনত প্রায় ৪ হাজাৰ পখীৰহে আগমন ঘটিছে৷ পৰিৱেশ প্রদূষণ, গোলকীয় উষ্ণতা বৃদ্ধি, কৃষি ক্ষেত্রত প্রয়োগ কৰা কীটনাশকৰ প্রভাৱ, খাদ্যাভ্যাস, ওখ গছৰ সংখ্যা হ্রাস, ম’বাইল টাৱাৰৰ পার্শ্ব প্রভাৱ, মানুহৰ চিকাৰ আৰু উৎপীডন আদিৰ ফলত প্রব্রজনকাৰী পক্ষীৰ সংখ্যাব্যাপক হাৰত হ্রাস পাইছে বুলি প্রেছ বিজ্ঞপ্তিখনত উল্লেখ কৰিছে প্রকৃতিপ্রেমীগৰাকীয়ে৷ বিশেষকৈ জলাশয় আৰু নদীবোৰত ঔদ্যোগিক আৱর্জনা পেলাই সৃষ্টি কৰা প্রদূষণে প্রব্রজনকাৰী পক্ষীকূলৰ বাসস্থানবোৰ উচ্ছেদ কৰি পেলাইছে৷

প্রব্রজনকাৰী পক্ষীৰ সংখ্যা হ্রাস পোৱাটো জৈৱ–বৈচিত্র্যৰ দিশৰ পৰা অশুভ লক্ষণ আৰু প্রাকৃতিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্রত ই উদ্বেগৰ বিষয়৷ অসমৰ বর্ণাঢ়্য প্রাকৃতিক পৰিৱেশৰ জৈৱ–বৈচিত্র্য হ্রাস পালে বিশ্বৰ মানচিত্রত অসমে পাই অহা গুৰুত্বও হ্রাস পাব বুলি প্রেছ বিজ্ঞপ্তিটোত ড০ দাসে ব্যক্ত কৰিছে৷

You might also like