নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিভ্ৰমী পক্ষীৰ কাকলিৰে মুখৰ ঢকুৱাখনাৰ শ্ৰীশ্ৰীবাসুদেৱ থান নৰোৱা সত্ৰ

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ জাক জাক পক্ষীৰ কলৰৱত মুখৰিত ৰাজ্যৰ এখন অন্যতম প্ৰাচীন তীৰ্থক্ষেত্ৰ।মুক্ত বিহংগৰ বিচৰণত গুঞ্জৰিত আকাশ-বতাহ। বুজা-নুবুজাৰ এই সুৰত আহ্লাদিত হৈ পৰে প্ৰতিজন প্রকৃতিপ্ৰেমী। সুন্দৰ প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ উত্তৰ অসমৰ অন্যতম বৈষ্ণৱপীঠ ঢকুৱাখনাৰ ইতিহাসপ্ৰসিদ্ধ শ্ৰী শ্ৰী বাসুদেৱ থানৰ পৰিৱেশ এতিয়া উদুলি-মুদুলি। প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা তীৰ্থযাত্ৰীৰ বাবে এক আকর্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এজাক দেশী-বিদেশী পক্ষী। নৰোৱা সত্ৰৰ চাৰিওকাষে থকা গছ -গছনি আৰু পুখুৰী-জলাশয় বোৰৰ বক্ষ শুৱনি কৰি ভৰি পৰে বিভিন্ন দেশী বিদেশী পৰীভ্ৰমী চৰাই। পৰিভ্ৰমী পক্ষী শামুকভঙা চৰাইৰ লগতে মনিয়ৰি, পানী কাউৰী, দৈকলা,বগলী, কণামুছৰি আদি বিভিন্ন পক্ষীৰ কলৰৱত মূখৰিত হৈ পৰিছে ঐতিহ্যমণ্ডিত থানখনৰ চৌদিশ।পক্ষীৰ মনোৰম নৃত্য আৰু কোলাহলে মুগ্ধ কৰিছে থানখনৰ বাসিন্দা আৰু যান্ত্ৰিকতাৰ মাজত থকা সদাব্যস্ত নাগৰিকক। যি সময়ত প্ৰকৃতিৰ ওপৰত মানুহে চলোৱা নিৰ্মম অত্যাচাৰৰ ফলত পশু পক্ষীৰ বিচৰণ ক্ষেত্ৰ হ্ৰাস পাইছে তেনে সময়তে বাসুদেৱ থান নৰুৱা সত্ৰত এনেদৰে পক্ষীকূলৰ নিৰ্বিঘ্ন বিচৰণে সকলোকে মোহিত কৰি তুলিছে।কোনোৱে যদি বাঁহ সাজিছে, কোনোৱে উমনিত বঢ়িছে, কোনোৱে আকৌ নতুনকৈ জগা পোৱালিক আনি আহাৰ খুৱাইছে। মুঠতে ব্যস্ততাৰ অন্ত নাই পক্ষীকুলৰ। উল্লেখ্য যে প্রত্যক বছৰেই বিভিন্ন প্ৰজাতিৰ পক্ষীয়ে ইয়াত এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰি আহিছে। এইবাৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাই । বিশেষকৈ এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আৰু জৈৱ-বৈচিত্ৰৰে ভৰপূৰ থানখনৰ চৌহদলৈ বিভিন্ন সময়ত পৰিভ্ৰমী পক্ষীৰ লগতে থলুৱা প্ৰজাতিৰ চৰাইৰ আগমন ঘটে। এই পক্ষীসমূহৰ উপস্থিতিয়ে ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বাসুদেৱ থানৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ লগতে এক অনন্য নৈসৰ্গিক পৰিৱেশ সৃষ্টিতো অৰিহণা যোগাইছে।বিভিন্ন পক্ষীৰ কলৰৱে এতিয়া ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বাসুদেৱ থানক কার্যতঃ এখন ক্ষুদ্ৰ পক্ষী উদ্যানলৈ পৰিণত কৰিছে।উল্লেখ্য যে থানখনলৈ প্ৰতি বছৰৰ মে’ মাহত আগমন ঘটে শ শ শামুকভঙা চৰাইৰ। জুন-জুলাই ভাগত আগমনঘটা চৰাই জাকটোৱে বাহসাঁজি আশ্ৰয় লয়হি বাসুদেৱ থানৰ প্ৰৱেশ পথত শাৰী শাৰীকৈ থকা বহু পুৰনি এজাৰ গছত।এই এজাৰ গছত আশ্ৰয় লৈয়ে চৰাইৰ জাকটোৱে কণী পাৰি পুৱালী জন্ম দিয়ে আৰু জানুৱাৰী মাহত পুনৰ পুৱালীসহ ঘূৰি যায় গৈ পৰিভ্ৰমী পক্ষীৰ জাকটো অজান মূলুকলৈ। যি সময়ত প্ৰকৃতিৰ ওপৰত মানুহে চলোৱা নিৰ্মম অত্যাচাৰৰ ফলত পশু- পক্ষীৰ বিচৰণ ক্ষেত্ৰ হ্ৰাস পাইছে তেনে সময়তে থানখনৰ নিৰিবিলি পৰিবেশত এনেদৰে পক্ষীকূলৰ নিৰ্বিঘ্ন বিচৰণে সকলোকে মোহিত কৰিছে।থানখনৰ এই পৰিৱেশ পক্ষীকুলৰ বাবে চিনাকী হৈ পৰাৰ বিপৰীতে ইয়াৰ প্ৰতিজন ব্যক্তিৰেও পক্ষীকুলৰ এক আত্মিক সম্পর্ক গঢ় লৈ উঠিছে।প্ৰকৃতি ৰক্ষাৰ স্বাৰ্থতেই সত্ৰবাসীয়ে প্ৰতিবছৰে এই সময়ছোৱাত পক্ষীকুলক সুৰক্ষা দি আহিছে। যাৰ বাবে হয়টো এতিয়া প্ৰতিবছৰে বাসুদেৱ থানৰলৈ অহা পৰীভ্ৰমী চৰাইৰ সংখ্যা বৃদ্ধি পাইছে।মনকৰিবলগীয়া যে বন্য পক্ষীকুলৰ প্ৰতি থানখনৰ পৰিচালনা সমিতি তথা স্থানীয় লোকে নিজৰ সক্ষমতা অনুসৰি পক্ষীসমূহক সংৰক্ষণৰ বাবে প্ৰচেষ্টা হাতত লৈছে।আলহী পক্ষীসমূহক যাতে কোনো দুস্কৃতিকাৰীয়ে নিধন কৰিব নোৱাৰে সেই বিষয়ত ঢকুৱাখনা মহকুমা প্ৰশাসনে সম্পূর্ণ নিৰাপত্তাৰ ব্যৱস্থা সুনিশ্চিত কৰি পক্ষীৰ আৱাসস্থল, পুৰণি পিতনী পুখুৰীসমূহক লৈ এখন ক্ষুদ্ৰ পক্ষী উদ্যানৰূপে গঢ়ি তুলিবলৈ চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like