নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীৰ ধমধমাত বিৰিণা ৰিজৰ্ট মুকলি কণ্ঠশিল্পী কুমাৰ ভবেশৰ

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ নতুন বছৰক আদৰাৰ প্ৰাক মুহূৰ্তত আজি নলবাৰীত মুকলি কৰা হয় এখন ৰিজৰ্ট৷ কৃষি ফাৰ্মেৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা নলবাৰীৰ ধমধমাৰ নিকটবৰ্তী মাজুশিৰাল গাঁৱৰ বিৰিণা কৃষি ফাৰ্মক আজি বিৰিণা ৰিজৰ্টলৈ উন্নীতকৰণ কৰা হয়৷ শিক্ষিত যুৱক মৃনাল শৰ্মা, ছাইদুৰ ৰহমান, ডেনাচা বড়ো আৰু বিনয় বড়োৰ পৰিচালনাত গঢ় লৈ উঠিছে বিৰিণা কৃষি ফাৰ্ম এণ্ড ৰিজৰ্ট৷ আজি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ নলবাৰী বিভাগ প্ৰচাৰকজ্ঞান মোহন মণ্ডলে ৰিজৰ্টখন আনুষ্ঠানিকভাবে উদ্বোধন কৰে৷ পাগলদিয়া নৈৰ পাৰৰ নৈসৰ্গিক পৰিৱেশত মুকলি কৰা ৰিজৰ্টখনৰ উদ্বোধনী অনুষ্ঠানত নলবাৰী জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডাঃ মনোজ কুমাৰ ভূঞাই পাগলদিয়া নৈয়ে অঞ্চলবাসীক প্ৰেৰণা যোগাই অহাৰ লগতে সংগ্ৰামী হবলৈ শিকাইছে বাবেই পাগলাদিয়াৰ পাৰৰ লোকসকল চহকী বুলি মন্তব্য কৰে৷ বিৰিণা ৰিজৰ্টকো পাগলাদিয়াই প্ৰেৰণা যোগাব বুলি কৃষিবিজ্ঞান কেন্দ্ৰৰ মুৰব্বীজনে ভাষণ প্ৰসঙ্গত ক‍য়৷ উদীয়মান যুবক মজিদ আলী চৌধুৰীয়ে আঁত ধৰা অনুষ্ঠানটোত সংগীত শিল্পী কুমাৰ ভবেশে শিশু উদ্যানখন মুকলি কৰি প্ৰাকৃতিক দৃশ্যৰে মনোমোহা ৰিজৰ্টখনলৈ সকলোকে যাবলৈ আহ্বান জনায়৷ উদ্বোধনী অনুষ্ঠানটোত নলবাৰী জিলা কৃষি বিষয়া যোগেশ্বৰ ৰাজ মেধী, নলবাৰী বিধানসভাৰ প্ৰাক্তন বিধায়ক তথা ৰাজ্যিক বৃক্ষাৰোপণ আৰু উদ্যোগ শস্য উন্নয়নৰ অধ্যক্ষ অশোক শৰ্মা, নলবাৰী জলসিঞ্চন বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ উল্লেখযোগ্য যে নলবাৰীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰৰ গণেশ মন্দিৰৰ পৰা উত্তৰে প্ৰায় পোন্ধৰ কিলোমিটাৰ দূৰৈত অৱস্থিত এই বিৰিণা ৰিজৰ্টখন৷

 

প্ৰেৰক জেহেৰুল ইছলাম

You might also like