নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৬-১৭ মাৰ্চত সৰ্থেবাৰীত হিতেশ ডেকাৰ জন্ম শতবৰ্ষৰ সামৰণী অনুষ্ঠান

🎯ঔপন্যাসিক হিতেশ ডেকাৰ জন্ম শতবৰ্ষৰ সামৰণী অনুষ্ঠানৰ আয়োজন
🎯হিতেশ ডেকা আছিল জাতিৰ সঁচা সেৱক : ড০ উপেন্দ্ৰজিত শৰ্মা
নিয়মীয়া বাৰ্তা, ৮ মাৰ্চ :  অহা ১৬ আৰু ১৭ মাৰ্চত সৰ্থেবাৰীত উদযাপন কৰা হব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট ঔপন্যাসিক হিতেশ ডেকাৰ জন্ম শতবৰ্ষ সামৰণী অনুষ্ঠান। সৰ্থেবাৰীত আজি এক সংবাদ মেল সম্বোধন কৰি এই ঘোষণা কৰে অসম সাহিত্য সভাৰ সম্পাদক প্ৰধান উপেন্দ্ৰজিত শৰ্মাই। জাতীয় দায়বদ্ধতাৰে সাহিত্য ৰচনা কৰা প্ৰথিতযশা সাহিত্যিক ঔপন্যাসিক হিতেশ ডেকাৰ আদৰ্শ নৱ প্ৰজন্মৰ মাজলৈ নিয়াৰ বাবে অসম সাহিত্য  সভাই সৰ্থেবাৰীৰ স্বৰ্ণ শাখা ভাৰতী অধ্যয়ন চক্ৰৰ উদ্যোগত সৰ্থেবাৰীত অনুষ্ঠিত কৰিব এই অনুষ্ঠানৰ। দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিব লোৱা ভাৰাঘৰ মাটিৰ মানুহ, মাটিকাৰ আদিৰ স্ৰষ্টা হিতেশ ডেকাৰ জন্ম শতবৰ্ষ উদযাপনৰ সামৰণী অনুষ্ঠান উপলক্ষ্যত আয়োজন কৰা বক্তৃতানুষ্ঠানত অসমৰ কেইবাগৰাকীও বিশিষ্ট লোকে অংশ গ্ৰহণ কৰি ভাষণ প্ৰদান কৰিব বুলি আজি সংবাদ মেলত যোগে ঘোষণা কৰে উপেন্দ্ৰজিত শৰ্মাই।আজি সৰ্থেবাৰীত ভাৰতী অধ্যয়ন চক্ৰৰ কাৰ্যালয় কোহিৰাম ভৱনত সংবাদ মেল সম্বোধন কৰি এই কথা ব্যক্ত কৰে অসম সাহিত্য সভাৰ সম্পাদক প্ৰধান উপেন্দ্ৰজিত শৰ্মাই। সংবাদ মাধ্যমক সম্বোধন কৰি অসম সাহিত্য সভাৰ সম্পাদক প্ৰধান ড০ উপেন্দ্ৰজিত শৰ্মাই কয় যে হিতেশ ডেকাৰ জন্ম শতবৰ্ষ এইবাৰ বছৰযোৰা কাৰ্যসূচীৰে অসম সাহিত্য সভাই পালন কৰে। উল্লেখ্য যে জাতীয় জীৱনলৈ অনবদ্য অৱদান আগবঢ়াই যোৱা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সৰ্থেবাৰীৰ সু সন্তান ঔপন্যাসিক হিতেশ ডেকাৰ জন্ম শতবৰ্ষ উদযাপন উপলক্ষ্যত ভাৰতী অধ্যয়ন চক্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে সৰ্থেবাৰীৰ বাপুজী মহাবিদ্যালয়ৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন আলোচনা সত্ৰ অনুষ্ঠিত কৰি প্ৰথিতযশা সাহিত্যিক তথা জাতীয় চেতনাৰে উদ্বুদ্ধ হিতেশ ডেকাৰ আদৰ্শক মুল্যাংকন কৰে। আজি সংবাদ মেল সম্বোধন কৰি ড০ উপেন্দ্ৰজিত শৰ্মাই কয় যে বাস্তৱতাক আধাৰ কৰি জীৱনৰ সচা ছবিবোৰ উদঙাই সাহিত্য ৰচনা কৰা হিতেশ ডেকাৰ সাহিত্যত মাটিৰ গোন্ধ পোৱা যায়। জাতীয়তাবাদী পুৰুষ নীতি নিষ্ঠ লেখক হিতেশ ডেকা এগৰাকী সচাঁ অৰ্থত জাতিৰ সেৱক আছিল বুলিও মন্তব্য প্ৰকাশ কৰে উপেন্দ্ৰজিত শৰ্মাই। আজিৰ এই সংবাদ মেলত ভাৰতী অধ্যয়ন চক্ৰৰ সভাপতি খগেন্দ্ৰ নাথ ভূঞা,বৰপেটা জিলা সাহিত্য সভাৰ উপ সভাপতি বাণীকান্ত ভূঞা, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ডাঃ বিপিন কলিতা, সাংবাদিক পেন্সনাৰ মৃণাল মল্ল পাটোৱাৰী উপস্থিত থাকে। ভাৰতী অধ্যয়ন চক্ৰৰ সম্পাদক গুণজিত চৌধুৰীয়ে আঁত ধৰা সংবাদ মেলত ঘোষণা কৰা অনুসৰি ১৭ মাৰ্চ তাৰিখে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় বিষয় ববীয়াৰ লগতে বিজনী মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ড০ প্ৰমথেশ বায়ন, চন্দ্ৰ প্ৰকাশৰ ডাঃ ৰবীন্দ্ৰ কুমাৰ শৰ্মা, বি এইচ মহাবিদ্যালয়ৰ অধ্যাপক ড০ হেমন্ত ডেকাৰ সৰ্থেবাৰীৰ বাপুজী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰমেশ দাস সন্মানীয় অতিথি হিচাপে উপস্থিত থকাৰ লগতে বিশিষ্ট সাহিত্যিক ডাঃ ধ্ৰুৱজোতি বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।
প্ৰেৰক নকুল তালুকদাৰ
You might also like