নিয়মীয়া বাৰ্তা, ২০ জুলাই : অসম বাপ্তিষ্ট সভাৰ উদ্যোগত আৰু শিৱসাগৰ বাপ্তিষ্ট সভা তথা শিৱসাগৰ যুৱ সন্মিলনীৰ সহযোগত আজি শিৱসাগৰ বাপ্তিষ্ট সভাৰ কাৰ্যালয়ত অসমীয়া ভাষাৰ অন্যতম কাণ্ডাৰী মাইলছ ব্ৰনছনৰ ওপজা দিন পালন কৰাৰ লগতে মাইলছ ব্ৰনছনৰ জীৱনৰ ওপৰত ৰচনা লিখা প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজিৰ এই উদযাপন অনুষ্ঠানত উপস্থিত থাকি অসম বাপ্তিষ্ট সভাৰ বিত্ত সম্পাদক কেনেডি নায়কে অসমীয়া ভাষাৰ সন্ধি ক্ষণত অসমীয়া ভাষা ৰক্ষাৰ সেনাপতি হোৱা ব্ৰনছনৰ সন্দৰ্ভত ব্যাখ্যা আগবঢ়াই।অসমীয়া ভাষা আৰু সাহিত্যৰ অন্যতম কাণ্ডাৰী মাইলছ ব্ৰনছন যদিও ধৰ্ম প্ৰচাৰৰ বাবে অসমলৈ আহিছিল, কিন্তু তেওঁ সামান্তৰাল ভাৱে অসমীয়া ভাষা আৰু সাহিত্যলৈ প্ৰভুত বৰঙণি আগবঢ়াই যায়।১৮৩৬ চনত অসমলৈ অহা ব্ৰনছনৰ মুখ্য অৰিহণা হৈছে তেতিয়া বৃটিছ কোম্পানীৰ শাসনে অসমত শিক্ষা আৰু প্ৰশাসনিক মাধ্যম ৰূপে প্ৰৱৰ্তন কৰা বঙালী ভাষাৰ বিতাড়ণ।আনন্দ ৰাম ঢেকিয়াল ফুকনৰ,নাথান ব্ৰাউন আদিৰ দৰে লোকৰ লগত একত্ৰিত হৈ ব্ৰনছনে আৰম্ভ কৰিলে অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠাৰ আন্দোলন।সুদীৰ্ঘ ৩৭ বছৰৰ সংগ্ৰামৰ অন্তত অসমত বঙালী ভাষা উঠাই পুনৰ অসমীয়া ভাষা প্ৰৱৰ্তন কৰা হয়।আনহাতে অসমীয়া সাহিত্যৰ ক্ষেত্ৰত ব্ৰনছনৰ অৰিহণা আজিও লেখত লবলগীয়া।তেওঁ প্ৰকাশ কৰে প্ৰথমখন অসমীয়া-ইংৰাজী অভিধান।ইয়াৰ লগতে পাঠ্যপুথিৰ লগতে আন বহু কেইখন অসমীয়া কিতাপ ব্ৰনছনে ৰচনা কৰি থৈ যায়। অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন,স্ত্ৰী শিক্ষাক অগ্ৰাধিকাৰ, সমাজত চলি থকা কু-সংস্কাৰ দূৰ কৰা,অসমীয়া লোকক অৰ্থনৈতিক দিশত স্বাৱলম্বী কৰা আদিও ব্ৰনছনৰ উল্লেখযোগ্য অৰিহণা। এইগৰাকী মহান লোকৰ ওপজা দিনটো আজি শিৱসাগৰ বাপ্তিষ্ট সভাৰ কাৰ্যালয়ত কেক কাটি জন্মদিন উদযাপন কৰাৰ লগতে একাংশ ছাত্ৰ-ছাত্ৰীৰ মাজত মাইলছ ব্ৰনছনৰ জীৱনৰ ওপৰত ৰচনা লিখা প্ৰতিযোগিতাও অনুষ্ঠিত হয়।শিৱসাগৰ পুখুৰীৰ পাৰত অৱস্থিত মাইলছ ব্ৰনছনৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ণ কৰি অসমীয়া ভাষাৰ বাটকটীয়া গৰাকীলৈ সন্মান প্ৰদৰ্শন কৰা হয়।আজিৰ এই অনুষ্ঠানত শিৱসাগৰ বাপ্তিষ্ট সভাৰ কাৰ্যবাহী সম্পাদক হেম ওৰাং,শিৱসাগৰ যুৱ সন্মিলনীৰ নেতা যিচয়া কণ্যাক আদিকে কৰি আন আন নেতৃবৰ্গ উপস্থিত থাকে।
প্ৰেৰক আশ্ৰফুৰ ৰহমান