নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্রেডিঙৰ নামত বিশাল অংকৰ ধন লুণ্ঠনকাৰী বিশাল ফুকনক গ্রেপ্তাৰ

বিশেষ বাৰ্তা, ৩ ছেপ্টেম্বৰঃ কোন এই বিশাল ফুকন? ২২ বছৰীয়া বিশালৰ ২ হাজাৰ কোটিৰ অধিক টকাৰ গৰাকী হল কেনেকৈ? হঠাৎ আজি সৰব হৈ উঠিল অসম আৰক্ষী। অনলাইন ট্রেডিঙৰ নামত বৃহৎ পুঁজি সংগ্রহৰ অভিযোগ উঠা নামৰূপৰ বিশাল ফুকনক (২২) আজি আৰক্ষীয়ে নিজ গৃহৰ পৰা গ্ৰেপ্তাৰ কৰে। ডিব্ৰুগড় সদৰ থানাৰ আৰক্ষীয়ে মহানগৰখনৰ লাচিত নগৰৰ এটা এৰ্পাটমেন্টৰ পৰা বিশালক অভিযান চলাই আটক কৰি সদৰ থানাত মাৰথন জেৰা আৰম্ভ কৰিছে। অভিযোগ অনুসৰি বিশালে বহু লোকৰ পৰা নটাৰীযোগে বৃহৎ পুঁজি ইতিমধ্যেই সংগ্রহ কৰি ৰিয়েল ইষ্টেটত বিনিয়োগ কৰাৰো অভিযোগ উঠিছে। অভিযোগ মতে ডিব্ৰুগড়ৰ বহু ব্যৱসায়ীয়ে ইতিমধ্যে বিশালক কোটিৰ অধিক টকা আদায় দিছে। আনকি গুৰুতৰ অভিযোগ মতে বিশালে এমাহত ১ লাখ টকাক দুই লাখ কৰাৰ প্ৰতিশ্ৰুতি দি বিনিযোগকাৰীৰ পৰা টকা লয়। ডিব্ৰুগড়ৰ লাচিত নগৰ প্ৰভাঞ্জলী ৰেচিডেঞ্চী নামৰ এটা এপাৰ্টমেন্টত বিশালে এই সম্পৰ্কত মিটিং পাতে বুলি জানিব পৰা গৈছে।বৰ্তমানলৈকে অৱশ্যে কোনেও বিশালৰ বিৰুদ্ধে পোনপটীয়াকৈ অভিযোগ দিবলৈ আগবাঢ়ি অহা নাই। ইফালে ৰীলছৰ পৰা নাচি জনপ্রিয় হোৱা ক’ৰিঅগ্ৰাফাৰ তথা ডিব্ৰুগড়ৰ বাণীপুৰৰ চুমী বৰাই বিশালক ভাতৃ পাতি ৰাজস্থানৰ উদয়পুৰত destination wedding পাতিবলৈকো সক্ষম হৈছিল। য’ত বিশালে চুমীৰ বিয়াৰ বাবদ এক কোটিৰ অধিক টকা ব্যয় কৰাৰো অভিযোগ আছে। কেৱল সিমানেই নহয়, যতীন বৰা অভিনীত এখন বোলছবিৰ এটা অংশৰ বাবে অৰ্থসাহাৰ্য, আৰবত ১২ লাখ টকীয়া হোটেলৰ কোঠাত চুমীক ভাড়াত থাকিবলৈ সুবিধা কৰি দিয়াগৰাকী ডিব্ৰুগড়ৰ বিশাল ফুকনেই বুলিও অভিযোগ আছে। অতি কম বয়সতে বিশাল সাম্ৰাজ্য গঢ়া বিশালে কেৱল নৃত্যশিল্পী চুমী বৰাকেই যে ধনৰ টোপোলাৰে পুতি ঠৈছিল এনে নহয়, বহু যুৱতীৰ সান্নিধ্যত থকা বিশালে অৱসৰ-বিনোদনৰ নামত ডুবাই, চিংগাপুৰ, মালয়েচিয়া, পাটায়া, আবু-ধাবি ইত্যাদি দেশত এক বিলাসী জীৱন উদযাপন কৰাৰো অভিযোগ আছে। ডিব্ৰুগড়ৰ নামৰূপৰ এপিজিচিএলৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বিশালৰ দেউতাকে অৱসৰৰ পাছত ডিব্ৰুগড়ৰ লাচিত নগৰৰ উক্ত এৰ্পাটমেন্টত থাকি অনলাইন ট্ৰেডিঙৰ সাম্ৰাজ্য গঢ়ি তুলিছিল। বহু হাজাৰ কোটি টকাৰ কেলেংকাৰিত জৰিত বিশালে PERCELIA PHARMACEUTICAL নামৰ এটা PHARMA COMPANYও খুলিছিল বুলিও জানিব পৰা গৈছে। এতিয়া প্ৰশ্ন হয়, চেবিৰ নীতি-নিয়ম উলংঘা কৰি বিশালে নিশাৰ ভিতৰতে কোটিপতি হোৱাৰ আঁৰত বহু ব্যৱসায়ীৰ কলা ধন বুলি এতিয়া সকলোতে ব্যাপক চৰ্চা লভিছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like