নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত বিষ্ণু খাৰঘৰীয়া-কৰুণা বৰাক ডক্টৰেট ডিগ্ৰী প্ৰদান

বিশেষ বাৰ্তা, ৮ নৱেম্বৰ : মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ শৈক্ষিক ইতিহাসৰ এক অন্যতম খোজস্বৰূপে বিশ্ববিদ্যালয়খনৰ প্ৰথম দীক্ষান্ত সমাৰোহ খনি আজি অনুষ্ঠিত হয়। ২০১৭ চনত অসম চৰকাৰে গৃহীত কৰা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় আইন অনুসৰি ২০২০-২০২১ শিক্ষাবৰ্ষৰ পৰা শিক্ষাদান আৰম্ভ কৰা অসমৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ তথা জনগোষ্ঠীয় থলুৱা সংস্কৃতিৰ বৰপেৰা স্বৰূপ মাজুলীত অজস্ৰ প্ৰত্যাহ্বান আৰু সম্ভাৱনাৰে বিকশিত হৈ অহা এই বিশ্ববিদ্যালয়খনে অতি সীমিত সা-সুবিধাৰ মাজেৰে এক ঐতিহাসিক পদক্ষেপৰ ৰূপত আয়োজিত প্ৰথমখন দীক্ষান্ত সমাৰোহখনি ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই সঞ্চালনাত অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সকলে বিশ্ববিদ্যালয়ৰ শীৰ্ষ গীত পৰিবেশনৰ পাছত  অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে মাজুলী সাংস্কৃতিক  বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নিৰোদ বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰে। সমাৰোহত সন্মানীয় বক্তা হিচাপে ভাষণ প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় তথা শ্ৰীমন্ত শংকৰদেৱ বিশ্ব বিশ্ববিদ্যালয়ৰ ভুতপূর্ব  উপাচাৰ্য   ডঃ কন্দৰ্প কুমাৰ ডেকাই । সমাৰোহত  বিভিন্ন বিষয়ত স্নাতকোত্তৰ আৰু অন্যান্য ডিপ্ল’মাৰ বাবে অৰ্হতা আহৰণ কৰা ১৮২ গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰে। অনুষ্ঠানত ৰাজ্যপাল তথা বিশ্ববিদ্যালয় আচাৰ্যগৰাকীয়ে  বিশিষ্ট শিল্পী আন্তৰ্জাতিক খ্যাতিসম্পন্ন অভিনেতা বিষ্ণু খাৰঘৰীয়া আৰু সত্ৰীয়া সংস্কৃতিৰ শিল্পী, গৱেষক তথা লিখক, সংগীত নাটক অকাডেমি বঁটাপ্ৰাপক কৰুণা বৰাক আনুষ্ঠানিক ভাৱে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ভাষণ প্ৰদান কৰি কয় ,মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহত উপস্থিত থাকি নিজকে ধন্য হোৱা বুলি উল্লেখ কৰে। এইখন সাংস্কৃতিক বিশ্ববিদ্যালয় আৰু ইয়াৰ অৱস্থিতি মাজুলীৰ দৰে ঠাইত ,যিখন ঠাই অসময়ৰ জাতীয় জীৱনৰ বাবে মহত্বপূৰ্ণ আৰু  শ্ৰদ্ধাৰ স্থান। মান পত্ৰ  গ্ৰহণ কৰিবলৈ ইয়াত উপস্থিত হোৱা প্ৰতিভাবান স্নাতক সকলে দীৰ্ঘদিনীয়া কষ্টৰ ফচল আজি বুটলিছে, মই তেওঁলোকক অভিনন্দন কৰিছোঁ। এই সমাবৰ্ত্তনত যি দুগৰাকী প্ৰথিতযশা ব্যক্তিক  সন্মানীয়  ডক্টৰেট উপাধি প্ৰদান কৰা হৈছে  দুয়োজনে অসমৰ সাংস্কৃতিক জগতলৈ অমূল্য অৱদান আগবঢ়াই জাতিটোক সমৃদ্ধিশালী কৰি তুলিছে, মই দুয়োগৰাকীক অভিনন্দন জনাইছোঁ। অনুষ্ঠানত  অসমৰ বহুকেইগৰাকী বৰেণ্য শিক্ষাবিদ, বিশিষ্ট সাহিত্যিক, শিল্পী আৰু সমাজকৰ্মীয়ে বিভিন্ন দায়িত্বৰ ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত শেষত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক বিনোদ চন্দ্ৰ বৰাই শলাগৰ শৰাই আগবঢ়াই ৰাজ্যপাল, জিলা প্ৰশাসন, সংবাদ মাধ্যম আৰু সমূহ ৰাইজৰ আন্তৰিক ধন্যবাদ আৰু জ্ঞাপন কৰে। সত্ৰীয়া সংস্কৃতিৰ গবেষক কৰুণা বৰালৈ এই সন্মান আগবঢ়োৱাৰ বাবে মাজুলীৰ বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠান আৰু বিশিষ্ট ব্যক্তি সকলে বৰালৈ অভিনন্দন জনাৱাৰ লগতে ব্যতিক্ৰমী দুগৰাকী শিল্পীক এই সন্মানেৰে বিভূষিত কৰাত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ মহানুভৱতাক কৃতজ্ঞতা জ্ঞাপন কৰিছে। উল্লেখযোগ্য যে, ৭০ৰ দশকতে উত্তৰ কমলাবাৰী সত্ৰৰ সাংস্কৃতিক পৰিক্ৰমাৰ মাজত সত্ৰীয়া সংস্কৃতিৰ মন্থন কৰি সাধনা আৰু গবেষণা কাৰ্য একৈশ শতিকাতো স্থবিৰ নোহোৱাকৈ অব্যাহত ৰাখি বৰাই সত্ৰীয়া নৃত্য বিষয়ক কেইবাখনো গ্ৰন্থ উপহাৰ দিয়ে। যিবোৰ কেইবাখনো বিশ্ববিদ্যালয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছে। তাৰ ভিতৰত  সত্ৰীয়া নৃত্যৰ ৰূপ দৰ্শন,  কমলাবাৰী সত্ৰ: সত্ৰীয়া নৃত্য প্ৰসংগ , মাজুলীৰ নৃত্য কথা , অংকীয়া নাটৰ পৰা সত্ৰীয়া নাচলৈ’ আদি উল্লেখযোগ্য গ্ৰন্থ। তাৰোপৰি ১০খন সম্পাদিত গ্ৰন্থ আৰু শতাধিক প্ৰবন্ধ কাকত আলোচনীত সিচঁৰিত হৈ আছে। মাজুলীৰ উচ্চ শিক্ষাৰ প্ৰথমখন উচ্চ শিক্ষানুষ্ঠান  মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ দৰে গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰিও সংগীত নাটক অকাডেমী, বিভিন্ন বিশ্ববিদ্যালয়ত সমল ব্যক্তি ৰূপে ৰাষ্ট্ৰীয় পৰ্যায়ত গবেষণামুলক বক্তৃতা প্ৰদান কৰি আনএক দিশত দক্ষতা প্ৰতিপন্ন কৰি আহিছে।কৰুণা বৰাৰ জীৱনজোৰা সাধনাৰ ফলশ্ৰুতিত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ২০১৩চনত-অধ্যাপক বলোৰাম বৰ গায়ন বঁটা, ২০১৯ চনত ৰাজ্যিক কৃতি শিক্ষকৰ বটা,২০২১ চনত ড জগন্নাথ মহন্ত সোঁৱৰণী বঁটা,২০২২ চনত সন্মানীয় সংগীত নাটক অকাডেমী বঁটা আৰু সংস্কৃতি সুজান বটা,২০২৩ চনত ৰসেশ্বৰ শইকীয়া বৰবায়ন সত্ৰীয়া বটা, আৰু ২০২৪ চনত সংস্কৃতি সাধনা বঁটা লাভ কৰে। মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা আগবঢ়োৱা সন্মান লাভ কৰা বিষয়ত প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত তেওঁ কয়- গুৰুজনাৰ সোণসেৰীয়া সংস্কৃতিৰ চৰ্চাত আত্মনিয়োগ কৰিছিলোঁ উত্তৰ কমলাবাৰী সত্ৰত ১৯৭০ চনৰ পৰা।এতিয়াও সেই সাধনা অব্যাহত আছে, সত্ৰৰ লগত সম্পৰ্ক অটুট ৰখাৰ চেষ্টা অব্যাহত আছে। এই চেষ্টাৰ সুমধুৰ ফল সেই কৃতিত্ব সত্ৰ আৰু সত্ৰৰ সত্ৰাধিকাৰ প্ৰমূখ্যে বৈষ্ণৱ সকলৰ ।আমি নিমিত্ত মাত্ৰ। সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ সিদ্ধান্তক নটশীৰে গ্ৰহণ কৰিছো”। অনুষ্ঠানৰ লগত সংগতি ৰাখি বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে দিনজোৰা কাৰ্যসূচীৰ অন্ত পৰে ।ইয়াৰ পূৰ্বে সমাৰোহৰ প্ৰথম কাৰ্যসূচী হিচাপে বিশ্ববিদ্যালয়ৰ ছাত্র ছাত্ৰীসকলৰ দ্বাৰা উলিওৱা বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাই সকলোকে মুগ্ধ কৰে।
প্ৰেৰক জীৱন বৰুৱা
You might also like