নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানত ডি পি এছত বিষ্ণুপ্ৰসাদ ৰাভাক স্মৰণ

নিয়মীয়া বাৰ্তা, ২১ জুন : কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস দুলীয়াজানৰ দিল্লী পাব্লিক স্কুলতো উলহ-মালহেৰে পালন কৰা হয়। আৰম্ভণিতে বন্তি প্ৰজ্বলন আৰু ৰাভাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে বিদ্যালয়ৰ অধ্যক্ষ এছ কে শ্ৰীপাদ, উপাধ্যক্ষ তাপস কুমাৰ বৰা আৰু প্ৰধান শিক্ষয়িত্ৰী জেনিফা চোভানে। ইয়াৰ পিছতে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হয়। অনুষ্ঠানটিত ৰাভাৰ গীত, গীতৰ আধাৰত নৃত্য, কবিতা আবৃত্তি আৰু ৰাভা সংগীতৰ সুৰ সমলয় পৰিৱেশন কৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে। ৰাভাৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰতো এক মননশীল আলোচনাৰ মাজেৰে বিদ্যালয়ৰ উপাধ্যক্ষ আৰু প্ৰধান শিক্ষয়িত্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক ৰাভাৰ আভাৰে আলোকিত হৈ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনক আগুৱাই নিয়াৰ আহ্বান জনায়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এখনি চিত্ৰ প্ৰদৰ্শনীৰো আয়োজন কৰা হয়। ইয়াত ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা নিৰ্মিত ৰাভাৰ জীৱন দৰ্শন প্ৰতিফলিত হোৱা বিভিন্ন চিত্ৰৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন মাধ্যমেৰে অংকন কৰা কলাগুৰুৰ কেইবাখনো চিত্ৰ প্ৰদৰ্শন কৰা হয়। দিৱসটিৰ লগত সংগতি ৰাখি দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে এখনি প্ৰাচীৰ পত্ৰিকাও প্ৰস্তুত কৰি উলিয়ায়। ইয়াৰ পিছতে বিদ্যালয়ৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীৰ উপস্থিতিত দ্বিতীয়লানি সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ হয়। এই অনুষ্ঠানতো শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে কৰ্মচাৰীসকলৰ ফালৰ পৰাও কেইবাটাও গীত পৰিৱেশনৰ লগতে মনোজ্ঞ বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। শেষত জাতীয় সংগীত পৰিৱেশনেৰে বিষ্ণু ৰাভা দিৱসৰ সফল সামৰণি পৰে।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like