নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ বছৰে বিটিচিক ভেঞ্চাৰ স্কুল কৰি ৰাখিলে মহিলাৰীয়েঃ ড০ শর্মা, হাগ্রামাৰ ভেটি কঁপাই বিজেপিত বিশ্বজিৎ–ইমানুৱেল

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ বিটিচি নির্বাচনলৈ মাজত মাত্র কেইটামান দিন বাকী থকা অৱস্থাতে হাগ্রামা মহিলাৰীৰ বৰঘৰৰ ভেটি কঁপাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে বি পি এফৰ দুই হাইপ্রফাইল নেতা বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মুছাহাৰীয়ে৷ ৩০ সহস্রাধিক কর্মী–সমর্থকৰ হর্ষোল্লাসৰ মাজত বি পি এফৰ কার্যকৰী সভাপতি তথা ৰাজ্যসভাৰ সদ্যপদত্যাগী সাংসদ বিশ্বজিৎ দৈমাৰী আৰু দলটোৰ প্রতিষ্ঠাপক সাধাৰণ সম্পাদক তথা তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে বিজেপিৰ নীতি–আদর্শৰ প্রতি আকৃষ্ট হৈ আনুষ্ঠানিকভাৱে গেৰুৱা বসন পৰিধান কৰে কালি৷

ৰাজ্যিক বিজেপিৰ উদ্যোগত বড়োভূমিত ৰাজনীতিত ইতিহাস গঢ়ি তামুলপুৰ মহকুমাৰ কুমাৰীকাটাত আয়োজিত বিশাল যোগদান সমাৰোহত ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তথা মঙলদৈৰ সাংসদ দিলীপ কুমাৰ শইকীয়া, মন্ত্রী ভবেশ কলিতাই বি পি এফৰ দুয়োগৰাকী নেতাক বিজেপিলৈ উষ্ম আদৰণি জনায়৷

সমাৰোহখনত ভাষণত মন্ত্রী ড০ শর্মাই কয় যে বিশ্বজিৎ দৈমাৰী, ইমানুৱেল মুছাহাৰীৰ দৰে নেতাৰ বিজেপিত যোগদান দলটোৰ এক বৃহৎ ৰাজনৈতিক সাফল্য আৰু এক ইতিহাস৷ বিশ্বজিৎ দৈমাৰী এজন অকল ব্যক্তি নহয়, বড়ো সমাজৰ এজন আগশাৰীৰ প্রতিষ্ঠিত নেতা৷ ডাঃ ৰণোজ পেগু, বিশ্বজিৎ দৈমাৰীৰ দৰে নেতাৰ ভাৰতীয় জনতা পার্টীত যোগদানে বিজেপিৰ জাতি–মাটি–ভেটিৰ যি সংকল্প, তাক সুদৃঢ় কৰিলে আৰু অসমীয়া সমাজৰ প্রতিবিম্বখন ভাৰতীয় জনতা পার্টীৰ মঞ্চত প্রতিষ্ঠা কৰিলে৷

ভাষণত ড০ শর্মাই কয় যে বিজেপিয়ে বিটিচি চৰকাৰ গঠন কৰাৰ ১৫ দিনৰ পৰা ৩০ দিনৰ ভিতৰত মাটি বেচা–কিনাৰ অনুমতি প্রদান কৰা হ’ব৷ বিটিচিত সকলো জাতি–জনগোষ্ঠীৰ লোকে মাটি কিনা–বেচা কৰাৰ অধিকাৰ লাভ কৰিব৷ আমাৰ মাটি আমাৰ অধিকাৰ৷ হাগ্রামা মহিলাৰীয়ে বিটিচিৰ মানুহক দ্বিতীয় শ্রেণীৰ নাগৰিক কৰি ৰাখিছিল৷ বিজেপিয়ে বিটিচি পৰিষদ দখল কৰিলে সকলো শ্রেণীৰ ৰাইজ প্রথম শ্রেণীৰ নাগৰিক হিচাপে থাকিব৷ ৰাইজে বিটিচিত পৰিৱর্তন আনিব আৰু ৰাইজেই বিটিচিত বিজেপিৰ চৰকাৰ আনিব৷ এইবাৰ ৰাইজ বিজেপিৰ হৈ উৎসাহেৰে ওলাই আহিছে৷

সেইদৰে দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নিজকে ৰাইজৰ সেৱক বুলি কোৱাৰ বিপৰীতে হাগ্রামা মহিলাৰীয়ে নিজকে বিটিচিৰ চীফ বুলি কোৱা কথাক কটাক্ষ কৰি ড০ শর্মাই কয় যে হাগ্রামা কিহৰ চীফ? বিটিচিত চীফ নহয়, ৰাইজৰ সেৱক আহিব লাগিব৷ বিজেপি সদায় ৰাইজৰ সেৱক হৈ থাকিব৷ ৰাজনীতি কৰা ব্যক্তিসকল সদায় ৰাইজৰ তলত৷ বিগত ১৫ বছৰে বিটিচিখনক হাগ্রামাই ভেঞ্চাৰ স্কুল কৰি ৰাখিলে৷ যেনেকৈ ভেঞ্চাৰ স্কুলৰ শিক্ষকে দৰমহা নাপায়, তেনেকৈ বিটিচিতো ৰাইজে হাগ্রামাৰ দিনত পেন্সন নাপায়, ঘৰ নাপায়৷

আনহাতে, হাগ্রামা মহিলাৰীয়ে বিটিচিত ড০ শর্মা আৰু ৰঞ্জিত দাসক প্রৱেশ কৰিবলৈ নিদিওঁ বুলি কৰা মন্তব্যক উভতি ধৰি মন্ত্রীগৰাকীয়ে কয় যে এইখন বিটিচি আমাৰ বিটিচি৷ এইখন অসম আমাৰ অসম৷ গতিকে আমাৰ বিটিচিত আমাক প্রৱেশ কৰিবলৈ মানা কৰা হাগ্রামা মহিলাৰী কোন? যি মানুহে বিধৱা মহিলাৰ টকা খায়, সেই মানুহক ভয় কৰাৰ কথা নাই৷ হাগ্রামা মহিলাৰীৰ বিৰুদ্ধে অধিক আক্রমণাত্মক হৈ ভাষণত মন্ত্রী ড০ শর্মাই কয় যে নিযুক্তিৰ ক্ষেত্রত বিগত সময়ছোৱাত মেধাৰ ভিত্তিত নিযুক্তি নহ’ল৷

নিযুক্তিৰ তালিকা হাগ্রামাৰ পকেটত থাকে৷ হাগ্রামাৰ পকেটত থকা তালিকাত নাম থাকিলেহে আমাৰ ল’ৰা–ছোৱালীয়ে চাকৰি পায়৷ কিন্তু বিজেপিয়ে বিটিচি চৰকাৰ গঠন কৰিলে মেধাৰ ভিত্তিত নিযুক্তি দিয়া হ’ব৷ বি পি এফৰ লগত থকা মিত্রতাৰ প্রসংগত তেওঁ কয় যে অহা বিধানসভা নির্বাচনত বিটিচিৰ ১২টা বিধানসভা সমষ্টিতে বিজেপিয়ে নিজাববীয়াকৈ প্রার্থী প্রক্ষেপ কৰিব৷ লাফিকুল হত্যাৰ প্রসংগ টানি মন্ত্রী ড০ শর্মাই কয় যে বিটিচিত লাফিকুলৰ যি ৰাজনৈতিক হত্যা হ’ল, তেনে ৰাজনৈতিক হত্যাকাণ্ড অসমৰ কোনো ঠাইতে বিজেপি চৰকাৰে কেতিয়াও হ’বলৈ নিদিয়ে৷

এতিয়া সেই ৰামো নাই, অযোধ্যাও নাই৷ তামুলপুৰবাসীলৈ আশাৰ বার্তা কঢ়িয়াই মন্ত্রী ড০ শর্মাই কয় যে তামুলপুৰত ট্রেজাৰী অফিচ, চিকিৎসা মহাবিদ্যালয়, কলা–বিজ্ঞান–বাণিজ্য শাখাক সামৰি এখন ডিগ্রী কলেজ স্থাপন কৰা হ’ব৷ সেইদৰে পাগলাদিয়া নৈৰ ওপৰত দলং নির্মাণ কৰাৰ লগতে অহা ৫ বছৰৰ ভিতৰত তামুলপুৰ মহকুমাক জিলালৈ উন্নীত কৰা হ’ব৷

আজিৰ এই যোগদান সমাৰোহতেই বিটিচি নির্বাচনৰ বাবে জনপ্রিয় কণ্ঠশিল্পী সীমান্ত শেখৰে কণ্ঠদান কৰা ‘বিটিচিত এইবাৰ বিজেপিৰ চৰকাৰ’ শীর্ষক নির্বাচনী গীতটো আনুষ্ঠানিকভাৱে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে উন্মোচন কৰে৷ বাক্সা জিলা বিজেপিৰ সাধাৰণ সম্পাদক ৰাজেশ বড়োৱে আঁত ধৰা যোগদান সমাৰোহখনত আদৰণী ভাষণ দিয়ে বাক্সা জিলা বিজেপিৰ সভাপতি ৰাম দাহালে৷ আজিৰ এই সমাৰোহতে ২৪নং দৰঙাজুলি সমষ্টিৰ বিজেপি প্রার্থী দেৱেন বড়ো, ২৭নং নাগ্রীজুলি সমষ্টিৰ বিজেপি প্রার্থী ধর্মনাৰায়ণ দাস, ২৮নং গয়বাৰী সমষ্টিৰ বিজেপি প্রার্থী হেমন্ত কুমাৰ ৰাভা, ২৯নং ছেৰফাং সমষ্টিৰ বিজেপি প্রার্থী ৰণেন্দ্র নার্জাৰীকে ধৰি জিলাখনৰ বিভিন্ন পৰিষদীয় সমষ্টিৰ দলীয় প্রার্থীসকলে ৰাইজৰ ওচৰত আঁঠু লৈ আশীর্বাদ বিচাৰে৷

ইফালে উক্ত সমাৰোহৰ পাছতেই মন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত সাংসদ প্রদ্যুৎ বৰদলৈ আৰু অজিত ভূঞাৰ মূৰৰ বিকৃতি ঘটিছে বুলি মন্তব্য কৰে৷ তেওঁলোকে মন্ত্রী ড০ শর্মাক বেছি অসমীয়া বুলি কৰা মন্তব্য সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰি কয় যে অসমীয়াৰ সংজ্ঞা কি তেওঁলোকে প্রথমে জানিব লাগিব৷ অসমীয়াৰ সংজ্ঞা যিয়ে নাজানে, তেনে কথা ক’বই৷ যদি তেওঁলোকে আনতকৈ বেছি অসমীয়া, তেন্তে তেওঁলোকে কৰিবলগীয়া বহু কাম আছে৷

তেনে কামবোৰ প্রথমে কৰি দেখুৱাওক৷ সেইদৰে মন্ত্রী ড০ শর্মাক বিটিচিত সময়ে সময়ে ক’লা পতাকা প্রদর্শন কৰাৰ প্রসংগত কয় যে হাগ্রামা মহিলাৰীয়ে চাৰি–পাঁচজন ল’ৰাক লগাই এখন ক’লা পতাকা দেখুৱায়৷ দিল্লী–দিছপুৰৰ পৰা অহা টকাৰ অপব্যয় কৰি নিশাৰ ভিতৰতে তথাকথিত নামধাৰী দল–সংগঠন খুলি ভয়–ভাবুকিৰে বিটিচি শাসন কৰিব বিচাৰে৷ কিন্তু এইবাৰ ৰাইজ উৎসাহেৰে ওলাই আহিছে আৰু বিটিচিত বিজেপিৰ চৰকাৰ হ’ব৷

You might also like