নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোডার্নাৰ প্রতিটো ভেকচিনৰ মূল্য হ’ব ১,৮৫৫ৰ পৰা ২,৭৫৫ টকা

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ ভাৰতত আমেৰিকান কোম্পানী মোডার্নাৰ প্রতিটো ক’ভিড ভেকচিনৰ মূল্য হ’ব ১,৮৫৫ টকাৰ পৰা ২,৭৫৫ টকা৷ আমেৰিকাত এই ভেকচিনৰ মূল্য হ’ব ২৫ ডলাৰ পৰা ৩৭ ডলাৰ৷ মোডার্নাৰ মুখ্য কার্যবাহী বিষয়া (চি ই অ’) ষ্টেফান বানছেলে উল্লেখ কৰিছে এই তথ্য৷ পৃথিৱীৰ কোনো দেশে ৩৭ ডলাৰতকৈ অধিক মূল্য ল’ব নোৱাৰিব প্রতিটো ক’ভিড ভেকচিনৰ বিনিময়ত৷ জার্মান সাপ্তাহিক ৱেল্ট এম ছ’ণ্টাগৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই কথা উল্লেখ কৰিছে মোডার্নাৰ চি ই অ’গৰাকীয়ে৷

You might also like