নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পানেৰীৰ বান কবলিত এলেকা পৰ্যবেক্ষণ বিধায়ক বিশ্বজিৎ দৈমাৰীৰ

নিয়মীয়া বাৰ্তা, ১৯ জুন : পানেৰী সমষ্টিৰ অন্তৰ্গত ২নং ৰৌমাৰীৰ মানকাছাৰ চুবাৰ ৩২টাকৈ পৰিল বুৰ গৈছে পানীত। বিগত কেইবা দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বানৰ কবলত পৰি আলৈ-আথানিৰ সীমা নোহোৱা হৈ পৰিছে পৰিয়ালকেইটাৰ। চুবুৰীটোৰ ৩২টা পৰিয়ালৰ ১৪৯গৰাকী লোক হৈ আছে জলবন্দী। ঘৰৰ ভিতৰত প্ৰবেশ কৰা জলপৃষ্ঠ একঁকাল পৰ্যন্ত বৃদ্ধি পাইছে। আজি সমষ্টিটোৰ বিধায়ক তথা বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বান পৰিস্থিতি আৰু বানাক্ৰান্ত ৰাইজৰ দুখ-দুৰ্দশাৰ বুজ লয়। অৱশ্যে যাতায়ত ব্যাহত হৈ পৰা বাবে মানকাছাৰলৈ যাব নোৱাৰিলে বিধায়কগৰাকীয়ে। ঠাকুৰীয়াপাৰাতে ৰাইজৰ সৈতে মত বিনিময় কৰি উভতি আহে বিধায়ক দৈমাৰী। উক্ত পৰিয়ালকেইটাৰ বাবে বিধায়কগৰাকীয়ে কিছু খাদ্য সামগ্ৰীও যোগান ধৰে। বিধায়কগৰাকীৰ হৈ খৈৰাবাৰী মণ্ডল বিজেপিৰ সভাপতি নৃপেন দেৱনাথ, যুৱ মৰ্চাৰ উপ সভাপতি নাৰায়ণ দাসৰ নেতৃত্বত দলীয় কাৰ্যকৰ্তাসকলে আজি চিৰা, মৰি, বিস্কুট, চেনী, মেগী ইত্যাদি খাদ্য সামগ্ৰী উক্ত বানাক্ৰান্ত পৰিয়ালকেইটাৰ মাজত বিতৰণ কৰে। ইপিনে আশ্ৰয় শিবিৰ, ৰিলিফকে ধৰি পৰিয়ালকেইটাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে বিভাগীয় বিষয়া-কৰ্মচাৰীসকলকো সষ্টম কৰি দিছে বিধায়কগৰাকীয়ে।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like