নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথত লকডাউন ভংগ কৰি ৰাজপথত শ শ জনতাৰ ভিৰ

নিয়মীয়া বাৰ্তা ৪ মেঃ   লকডাউনৰ শিথিলতাৰ নামত এইবাৰ বিশ্বনাথৰ ৰাজপথলৈ ওলাই আহিল শ শ লোক৷ সামান্য অজুহাতত গৃহবন্দী লোকৰ এনে সমাগমে লকডাউনৰ ধাৰণা অর্থহীন  কৰি তুলিছে৷

বিশ্বনাথ নগৰত আনকি লগালগিকৈ থকা দোকান খুলি লকডাউন উলংঘা কৰে একাংশ ব্যৱসায়ীয়ে৷ ই–ৰিক্সা চলাচলত বাধা আৰোপ কৰাৰ পিছতো বিশ্বনাথৰ ৰাজপথত আজি ই–ৰিক্সাৰ ভিৰ পৰিলক্ষিত হয়৷ জিলা প্রশাসনে আনকি মাইকযোগে ই–ৰিক্সাসমূহ ওভতাই পঠাবলৈ ঘোষনা কৰিবলগা পৰিস্থিতিৰ সৃষ্টি হৈছে৷

তদুপৰি ঘৰৰ বাহিৰলৈ ওলাওঁতে মাস্ক পিন্ধাতো বাধ্যতামূলক যদিও বহু সংখ্যকলোকে এনে কঠোৰ নির্দ্দেশ মানি চলা নাই৷ আজি মটৰ চাইকেলত লকডাউনৰ শিথিলতাৰ নামত চালকসহ পুৰুষ আৰোহী উঠোৱা দেখা গৈছে৷

ইফালে জিলা প্রশাসনে বিশ্বনাথৰ ব্যৱসায়ীসকলক দিনৰ ১২ বজালৈকে ব্যৱসায়িক প্রতিষ্ঠান বন্ধ ৰাখিবলৈ জনোৱা আহ্বানৰ প্রতি সহাৰি নিদি দোকান খোলাত ব্যস্ত হৈ পৰে৷ব্যৱসায়ীৰ প্রতিনিধি, পৌৰসভা আৰু চৰকাৰী বিষয়াৰ বৈঠকতে দোকান খোলাৰ গাইড লাইন প্রস্তুত কৰা হৈছে যদিও এইসমূহলৈ কর্ণপাত নকৰা ব্যৱসায়ীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ দাবী উঠিছে৷

You might also like