ডিজিটেল ডেস্ক, ২৬ জুন : ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াই সম্প্ৰতি বিশ্বনাথ ঘাট-পাণপুৰ মথাউৰিলৈ ভাবুকি কঢ়িয়াই আনিছে। বিশ্বনাথৰ দক্ষিণাঞ্চলৰ ৰক্ষাকৱচস্বৰূপ এই মথাউৰিটোৰ বিস্তৰ ক্ষতিৰ শংকা কৰা হৈছে।
শিঙিমাৰী-কালাকাটি অংশত অব্যাহত থকা খহনীয়াৰ ফলত মথাউৰিৰ পৰা ব্ৰহ্মপুত্ৰৰ দূৰত্ব মাত্ৰ ১৫-২০ মিটাৰলৈ সংকুচিত হৈছে। স্থানীয় ৰাইজৰ আশংকা- এনেদৰে খহনীয়া চলি থাকিলে কেইদিনমানৰ ভিতৰতে মথাউৰি ছিগি সমগ্ৰ অঞ্চলটো প্লাৱিত হ’ব পাৰে। ব্ৰহ্মপুত্ৰৰ এই আগ্ৰাসী ৰূপে নৈপৰীয়া ৰাইজৰ নিদ্ৰাহৰণ কৰিছে।
পৰিস্থিতিৰ গুৰুত্বসাপেক্ষে বিশ্বনাথৰ জিলা দণ্ডাধীশ লক্ষীনন্দন চহৰীয়াই ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩ৰ ধাৰা ১৬৩ৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। মথাউৰিৰ সংলগ্ন দুৰ্বল অংশ আৰু খহনীয়াপ্ৰৱণ অঞ্চলত সকলো ৰাজহুৱা, ধৰ্মীয়, সাংস্কৃতিক সভা, মেলা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। খহনীয়া প্ৰভাৱিত অঞ্চল আৰু মথাউৰিৰ দুৰ্বল অংশত সাধাৰণ জনতাৰ প্ৰৱেশ নিষিদ্ধ। কেৱল স্থানীয় বাসিন্দা আৰু জৰুৰীকালীন, সাহায্য, উদ্ধাৰ বা ৰক্ষণাবেক্ষণৰ কামত নিয়োজিত বিষয়াকহে অনুমতি দিয়া হ’ব। জিলা প্ৰশাসনৰ পূৰ্বৰ লিখিত অনুমতি অবিহনে ক্ষতিগ্ৰস্ত অঞ্চলত কোনো অনুষ্ঠানৰ আয়োজন কৰিব নোৱাৰিব।
যোৱা শতিকাৰ শেষৰফালৰ পৰাই এই মথাউৰি খহনীয়াত আক্ৰান্ত হৈ আহিছে। ইতিমধ্যে জলসম্পদ বিভাগে জিঅ’ বেগৰ জৰিয়তে খহনীয়া নিয়ন্ত্ৰণৰ প্ৰচেষ্টা চলাইছে যদিও মথাউৰিটো ৰক্ষা কৰিব পৰা যাব নে নাযায়, সেয়া এতিয়া লাখটকীয়া প্ৰশ্ন হৈ পৰিছে।