নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৬ জুন : আজিৰ দিনটোৰ ৰাশিফল

আজি  ২৬ জুন, আহাৰ মাহৰ ১১ তাৰিখ

শুকুৰবাৰ : তিথি–শুক্লা দ্বাদশী, নক্ষত্র : বিশাখা, যাত্রা : নাই

মেষ : আজি চাকৰিৰ ক্ষেত্রত উন্নতিৰ যোগ৷ বিদ্যাত বাধা৷ অযথা খৰচ-পাতিৰ বিষয়ে সতর্ক হ’ব৷ ভ্রমণত মধ্যম৷ নিজৰ প্রিয়জনৰ কাৰণে চিন্তা৷ প্রেমত মধ্যম ফল৷ শুভ ৰং– বগা, শুভ সংখ্যা– ৬।

বৃষ : আজি কিবা বিষয় লৈ পাৰিবাৰিক মতবিৰোধ দেখা যায়৷ শুভ কামত বাধা পৰিব পাৰে৷ মানসিক চাপ বৃদ্ধি পাব৷ বিদ্যাত উন্নতি৷ দাম্পত্যত মতবিৰোধ দেখা যায়৷ শুভ ৰং– ৰঙা, শুভ সংখ্যা– ২।

মিথুন : আজি দৈনন্দিন কর্মত শুভ৷ অসম্পূর্ণ কাম সমাপ্ত হ’ব পাৰে৷ নতুন যোগাযোগৰ ক্ষেত্রত দিনটো শুভ৷ ব্যৱসায়-বাণিজ্যত জটিলতা দেখা যায়৷ শৰীৰৰ প্রতি লক্ষ্য ৰখা উচিত৷ বিদ্যাত শুভ৷ শুভ ৰং–ক্রীম, শুভ সংখ্যা– ৯।

কর্কট : আজি শৰীৰ-স্বাস্থ্য সম্পর্কে সতর্ক হোৱা উচিত৷ বিশেষ কোনো কাৰণত কিছু অর্থ ঋণ ল’ব লগা হ’ব পাৰে৷ বিদ্যাত মধ্যম৷ প্রেমত সমস্যা বৃদ্ধি৷ সন্তানৰ শুভ৷ শুভ ৰং– সেউজীয়া, শুভ সংখ্যা–৫।

সিংহ : আজি পাৰিবাৰিক মতবিৰোধ দেখা দিব পাৰে৷ কর্মক্ষেত্রত পৰিৱর্তনৰ যোগ৷ শুভ সংবাদৰ ফলত মনত আনন্দ লাভ৷ পৰিশ্রম অনুযায়ী ফল নাপাব৷ শুভ ৰং– বেঙুনীয়া, শুভ সংখ্যা– ৮।

কন্যা : আজি নিজৰ কোনোবাই হিংসা কৰিব পাৰে৷ নিজৰ ভুলৰ কাৰণে সন্মান হানি হ’ব পাৰে৷ ঘৰত মাংগলিক অনুষ্ঠানৰ যোগ৷ দাম্পত্যত অশুভ৷ শুভ ৰং– কমলা, শুভ সংখ্যা– ১।

তুলা : আজি সন্তানৰ বেয়া ব্যৱহাৰে পিতৃ–মাতৃৰ মনত আঘাত দিব৷ বিশিষ্ট কোনোবা ব্যক্তিৰ সান্নিধ্য লাভ কৰিব৷ গাড়ী ব্যৱসায়ীসকলে সতৰ্ক থাকিব৷ বিদ্যাত সুনাম বৃদ্ধিৰ যোগ৷ শুভ ৰং– সোণালী, শুভ সংখ্যা– ৩।

বৃশ্চিক : আজি চাকৰি ক্ষেত্রত সহকর্মীৰ সহায়-সহযোগ লাভ কৰিব৷ নতুন কামত হাত নিদিব৷ মাটি বাৱসায়ীসকলৰ আর্থিক উন্নতিৰ যোগ৷ পাৰিবাৰিক কাজিয়া-পেচাল হ’ব পাৰে৷ শুভ ৰং– কলা, শুভ সংখ্যা– ৬।

ধনু : আজি কর্মত বাধা৷ বিবাহৰ যোগাযোগত সাফল্য আহিব৷ ভ্রমণ নকৰাই ভাল হ’ব৷ ব্যৱসায়ীসকলৰ উন্নতিৰ যোগ৷ শৰীৰত আঘাত পাব পাৰে৷ প্রেমত ভুল বুজাবুজি৷ শুভ ৰং– হালধীয়া, শুভ সংখ্যা– ৪।

মকৰ : আজি পাৰিবাৰিক শান্তি বজাই থাকিব৷ কাৰোবাৰ লগত অযথা বিবাদ হ’ব পাৰে৷ শৰীৰৰ কাৰণে চিন্তা৷ কিবা বেয়া সংবাদ প্রাপ্তিৰ ফলত মানসিক আঘাত পাব পাৰে৷ প্রেমত শুভ৷ শুভ ৰং– নীলা, শুভ সংখ্যা– ২।

কুম্ভ : আজি শত্রুৰ পৰা সতর্ক থাকিব৷ নিজৰ ভুলৰ কাৰণে ক্ষতি হ’ব পাৰে৷ আর্থিক ক্ষতিৰ সম্ভাৱনা৷ বিদ্যার্থীসকলে ভবা মতে ফল নাপাব৷ প্রেমত বিবাহৰ যোগ৷ শুভ ৰং– মেৰুণ, শুভ সংখ্যা– ৯।

মীন : আজি নিবনুৱাৰ কর্মপ্রাপ্তিৰ যোগ৷ পুৰণি সমস্যা সমাধান হ’ব৷ গুৰুজনাৰ লগত কিবা কাৰণত বিৰোধ দেখা যায়৷ বিদ্যাত শুভ৷ প্রেমত অশান্তি৷ শুভ ৰং–গুলপীয়া, শুভ সংখ্যা– ৫৷

You might also like