নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীৰ দৃষ্টিশক্তি হেৰুওৱা মাজনীৰ চিকিৎসাৰ বাবে বিতোপন দলেৰ আৰ্থিক সাহায্য

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰী : আজিৰ পৰা দুমাহৰ আগলৈকে দেখি থকা এই ধুনীয়া পৃথিৱী খন যদি কিবা কাৰণত ঘপকৈ নেদেখা হৈ যায় আপোনাৰ মানসিক অৱস্থা কি হব পাৰে এবাৰ কল্পনা কৰকচোন ৷ ঠিক তেনে এক অৱস্থাই সৃষ্টি হৈছে মাজুলী কাৰ্কিচুকৰ এইগৰাকী কিশোৰীৰ। ১৬ বছৰীয়া কিশোৰী গৰাকীৰ নাম মাজনী নৰহ ৷ ভাগ্যৰ বিড়ম্বনাই অকালতে দৃষ্টি শক্তি হেৰুৱাই পেলোৱা মাজনী নৰহৰ দুই চকুৰ উন্নত চিকিৎসাক লৈ চিন্তিত দুৰ্ভগীয়া দুখীয়া পৰিয়ালটো । মাজনী নৰহৰ চিকিৎসাৰ বাবদ ইতিমধ্যে দৰিদ্ৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ নামত থকা ঘৰৰ প্ৰায়বোৰ স্থাৱৰ সম্পত্তি বিক্ৰী কৰিছে যদিও সম্ভাৱনাপূৰ্ণ ছাত্ৰী গৰাকীক সুস্থ কৰিব নোৱাৰি মানসিক ভাৱে ভাগী পৰিছে৷ বৰ্তমান মাজনীৰ উন্নত চিকিৎসাৰ বাবে লক্ষাধিক টকাৰো প্ৰয়োজন হৈছে। ইঘৰ-সিঘৰত হাজিৰা কৰি দুবেলাদুমুঠি পেতেভাতে খাই থকা পৰিয়ালটোলৈ হথাৎ অমানিশা নামি অহাত জুৰুলা হৈ পৰিছে পৰিয়ালটো৷ সামাজিক মাধ্যমত বিভিন্ন জনে মাজনীৰ চিকিৎসা সাহায্য বিচাৰি পোষ্ট দিয়াৰ পিছত আজি মাজনীৰ ঘৰত উপস্থিত হয় মাজুলীৰ যুৱ নেতা তথা সমাজকৰ্মী বিতোপন দলে সহ এটি সজাতি দল৷ মাজনীৰ চিকিৎসা বাবে যুৱ সমাজকৰ্মী গৰাকীয়ে আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে চিকিৎসাৰ বাবে নেপাল পৰ্যন্ত নিয়াত সহায় কৰিব বুলি পৰিয়ালটোক আস্বাস প্ৰদান কৰে ৷ ইফালে দুৰ্ভগীয়া পৰিয়ালটোৱে ৰাজ্যৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্ণ সহায়- সহযোগিতাৰ কামনা কৰিছে৷ আনহাতে মাজনী নৰহক সদাসয় লোকে সহায় কৰিব বিচাৰিলে মাজনীৰ মাতৃ ৰূপালী নৰহৰ নামত অসম গ্ৰামীণ বিকাশ বেংক একাউন্ট 7209026014160 IFSC CODE: PUNB0RRBAGB ত আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ কাতৰেৰে অনুৰোধ জনাইছে ৷

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like