নিয়মীয়া বাৰ্তা ৫ ছেপ্টেম্বৰঃ আগন্তুক বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যজুৰি আৰম্ভ হৈছে ৰাজনৈতিক কুচকাৱাজ৷ শাসক–বিৰোধী সকলোৱে নির্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে৷ শুকুৰবাৰে ১০০ প্লাছ আসন দখলৰ সংকল্পৰে নির্বাচনী ৰণডংকা বজালে ৰাজ্যিক বিজেপিয়ে৷ নৱনির্বাচিত ৰাজ্যিক কার্যনির্বাহকৰ প্রথমখন বৈঠক অনুষ্ঠিত কৰি আগন্তুক নির্বাচনত বর্তমান শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰে গ্রহণ কৰা উন্নয়নমূলক আঁচনিসমূহ ৰাইজৰ মাজলৈ লৈ যোৱাৰ ৰূপৰেখা তৈয়াৰ কৰে৷ গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ আন্তর্জাতিক প্রেক্ষাগৃহত অনুষ্ঠিত ৰাজ্যিক কার্যনির্বাহকত ১০০খন আসন দখলেৰে পুনৰ শাসনৰ গাদীলৈ বিজেপিক ওভতাই অনাৰ সংকল্প গ্রহণ কৰে বিষয়ববীয়াসকলে৷ এই সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বিগত সময়ছোৱাত ৰাজ্য চৰকাৰখনে গ্রহণ কৰা বিভিন্ন উন্নয়নমূলক কাম–কাজৰ বিষয়ে উল্লেখ কৰি কয় যে বিগত সময়ছোৱাত টীম আছাম হিচাপে সকলোৱে কাম কৰি আহিছে৷ ১০০ প্লাছ আসন দখল কৰাৰ বাবে সংকল্প লোৱা হৈছে৷ এই সংকল্পত উপনীত হ’বলৈ সকলোৱে কষ্ট কৰিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয়– ‘ৰাজ্যৰ ৭০ লাখ পৰিয়ালৰ দুৱাৰডলিত আমাৰ কার্যকর্তা উপস্থিত হ’ব লাগিব৷ চৰকাৰে গ্রহণ কৰা উন্নয়নমূলক আঁচনিসমূহৰ বিষয়ে ৰাইজৰ মাজত চর্চা হ’ব লাগিব৷ আজিৰ দিনটোৰ পাছত আৰু পিছলৈ ঘূৰি চোৱাৰ সময় নাই৷ সকলো কার্যকর্তাই দিনে–নিশাই দলৰ সতীর্থসকলক লগত লৈ নিজ নিজ স্থানত কাম কৰিব লাগিব৷ বিগত চাৰে চাৰি বছৰীয়া কার্যকালত যথেষ্ট উন্নয়নমূলক কাম–কাজ হৈছে৷ কিন্তু বিৰোধীয়ে এনে এখন ছবি দাঙি ধৰিব বিচাৰে যে ৰাজ্যত কোনো কামেই হোৱা নাই৷ ইয়াৰ জৰিয়তে বিৰোধীয়ে সস্তীয়া ৰাজনীতিৰে চৰকাৰক বদনাম কৰাৰ ষড়যন্ত্র কৰিছে৷ ইয়াৰ বিৰুদ্ধে কর্মকর্তাসকল থিয় দিব লাগিব৷ চৰকাৰে কৰা কাম–কাজ ৰাইজৰ মাজলৈ লৈ যাব লাগিব৷ এই চৰকাৰখনে বহু প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷ কিন্তু এই প্রত্যাহ্বান নেওচি চৰকাৰে উন্নয়নমূলক কাম–কাজৰ ধাৰা অব্যাহত ৰাখিছে৷’ আগন্তুক নির্বাচনত বিজেপি শ্রেষ্ঠ বুলি প্রমাণ কৰিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে অসমৰ ৰাইজক এইখন চৰকাৰে কোনোদিনে ফাঁকি দিয়া নাই৷ সকলো কাম স্বচ্ছতাৰে কৰা হৈছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সবল নেতৃত্বত অসম উন্নতিৰ পথত আগবাঢ়িছে বুলি উল্লেখ কৰি সোণোৱালে কয়– ‘মুখ্যমন্ত্রী হিচাপে শপত লোৱাৰ সময়ত দুর্নীতিমুক্ত, প্রদূষণমুক্ত, বিদেশীমুক্ত আৰু সন্ত্রাসবাদমুক্ত অসম গঢ়াৰ সংকল্প লৈছিলোঁ৷ এই সকলো সংকল্প পূৰণ কৰিবলৈ আমি সক্ষম হৈছোঁ৷ ইতিমধ্যে ৪৫ হাজাৰ লোকক প্রদান কৰা হৈছে ভূমি পট্টা৷ বিদেশীমুক্ত অসম গঢ়াৰ বাবে আন্তৰিকতাৰে পদক্ষেপ লোৱা হৈছে৷ ভাৰত–বাংলা সীমান্ত পূর্বে উন্মুক্ত হৈ আছিল৷ ব্রহ্মপুত্রৰ বুকুত ৪৯ কিলোমিটাৰ সীমা ছীল কৰাক লৈ কংগ্রেছে অসম্ভৱ বুলি প্রকাশ কৰি আহিছিল৷ কিন্তু প্রধানমন্ত্রী মোদীৰ নির্দেশত ইজৰাইলী প্রযুক্তি ব্যৱহাৰ কৰি এই জলপথ ছীল কৰা হৈছে৷’ আনহাতে, প্রতীক হাজেলাৰ নেতৃত্বত প্রকাশ পোৱা এন আৰ চি বিসংগতিপূর্ণ বুলি উল্লেখ কৰি তেওঁ কয় যে এই এন আৰ চিক লৈ ৰাইজৰ বহু অভিযোগ আছে৷ ইতিমধ্যে পুনৰীক্ষণ বিচাৰি ৰাজ্য চৰকাৰে শপতনামা দাখিল কৰিছে৷ এই শপতনামা এতিয়াও খাৰিজ হোৱা নাই৷ ইপিনে, অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে গঠন কৰা উচ্চ পর্যায়ৰ কমিটীৰ প্রতিবেদন সদৌ অসম ছাত্র সন্থাই ৰাজহুৱা কৰা প্রসংগত প্রতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয়– ‘৬নং দফা ৰূপায়ণ কৰিবলৈ উচ্চ পর্যায়ৰ কমিটী গঠন কৰা হ’ল৷ এই কমিটীত ছাত্র সন্থাক অন্তর্ভুক্ত কৰা হয়৷ সময়ত কমিটীৰ প্রতিবেদন প্রস্তুত হ’ল৷ কমিটীৰ অধ্যক্ষ প্রাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাই মুকলিমূৰীয়াকৈ প্রকাশ কৰিলে যে এই প্রতিবেদন কার্যকৰী কৰিবলৈ দুবছৰ সময় চৰকাৰক দিয়া হৈছে৷ তৎসত্ত্বেও মাজভাগতেই সমগ্র বিষয়টোত আউল লগাবলৈ কিয় এনেধৰণৰ পদক্ষেপ লোৱা হ’ল, সেয়া এতিয়াও ৰহস্যৰ আৱর্তত৷ কিন্তু আমি আন্তৰিকতাৰে জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে কাম কৰি যাম৷’ আনহাতে, কংগ্রেছ আৰু এ আই ইউ ডি এফে গঠন কৰা মিত্রজোঁট সন্দর্ভত সোণোৱালে কয় যে এইবাৰ নির্বাচনত বিদেশী আৰু স্বদেশীৰ মাজত যুদ্ধ হ’ব৷ মোগলৰ আক্রমণ প্রতিহত কৰিব লাগিব৷ প্রতিগৰাকী কর্মকর্তাই বীৰ লাচিত আৰু বীৰ চিলাৰায় হৈ মোগলৰ আক্রমণ প্রতিহত কৰিব লাগিব৷ কার্যনির্বাহকত ভাষণ প্রদান কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসেও কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রজোঁটক সমালোচনা কৰি কয় যে কংগ্রেছ আৰু এ আই ইউ ডি এফ এটা মুদ্রাৰে ইপিঠি আৰু সিপিঠি৷ পূর্বে এই মিত্রতা গোপনে কৰা হৈছিল৷ এইবাৰ মুকলিমূৰীয়াকৈ তেওঁলোকে মিত্রতা কৰিছে৷ ইয়াৰ পৰা ৰাজ্যিক বিজেপি লাভান্বিত হ’ব৷ এই মিত্রজোঁটৰ বাবে ৰাজ্যিক বিজেপিৰ আসন হ্রাস নাপায়৷ বৰঞ্চ বৃদ্ধিহে পাব৷ তিনিটা ‘চি’ ক্রমে কংগ্রেছ, কমিউনেল আৰু কমিউনিষ্টে অসমৰ সর্বনাশ আনিব বুলি উল্লেখ কৰি দাসে কয়– ‘কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাক আমি প্রত্যাহ্বান হিচাপে গ্রহণ কৰিছোঁ৷ পুনৰ বিজেপি চৰকাৰ গঠন কৰিম বুলি আমি সংকল্প গ্রহণ কৰিছোঁ৷ অসমত বিজেপিৰ ৪২ লাখ সদস্য আছে৷ এই সদস্যসকলে পৰিয়াল অথবা বন্ধুবর্গৰ পৰা এটা ভোট আনিবলৈ সক্ষম হ’লেও আমি ৮৪ লাখ ভোট লাভ কৰিবলৈ সক্ষম হ’ম৷ ইয়াৰ জৰিয়তে আমি জয়ী হোৱাটো নিশ্চিত৷’ ইপিনে বিজেপিৰ ৰাষ্ট্রীয় সাংগঠনিক সাধাৰণ সম্পাদক ৰামমাধৱে কার্যনির্বাহকত ভাষণ প্রদান কৰি আগন্তুক ছমাহ অত্যন্ত গুৰুত্বপূর্ণ সময় বুলি অভিহিত কৰে৷ ২০১৬ চনৰ বিধানসভা নির্বাচনৰ পূর্বৰ পৰিস্থিতি আৰু বর্তমানৰ পৰিস্থিতিৰ মাজত পার্থক্য আছে বুলি উল্লেখ কৰি তেওঁ কয়– ‘অগপ আৰু বি পি এফক লগত লৈ ২০১৬ চনত আমি নির্বাচনত অৱতীর্ণ হৈছিলোঁ৷ সেই সময়ত মিত্রজোঁটে ৮৬খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল৷ তেতিয়াৰ পৰা পাঁচ বছৰ অতিক্রম কৰিলে৷ এতিয়া আমি পুনৰ ৰাইজৰ ওচৰলৈ যাম৷ এইবাৰ ৮৬খন আসনৰ বাবে নহয়, ১০০ প্লাছ আসনৰ বাবে আমি যুঁজ কৰিম৷ বিৰোধীয়ে আমাক প্রতিহত কৰিবলৈ মিত্রজোঁট বনাইছে৷ বহু ৰাজনৈতিক বিশ্লেষকে কংগ্রেছ–এ আই ইউ ডি এফ লগ হোৱাৰ বাবে আমাৰ যুঁজ কঠিন হ’ব বুলি ক’ব বিচাৰিছে৷ কিন্তু নির্বাচন অংক নহয়৷ নির্বাচন হৈছে কেমেষ্ট্রী৷ আমাৰ দলৰ কেমেষ্ট্রীৰ সন্মুখত কোনো মিত্রজোঁট থিয় হৈ থাকিব নোৱাৰে৷ ভ্রষ্টাচাৰী কংগ্রেছ আৰু অনুপ্রৱেশকাৰী এ আই ইউ ডি এফৰ মিত্রজোঁট হৈছে৷ আমাৰ সর্বানন্দ সোণোৱাল, ড০ হিমন্ত বিশ্ব শর্মা আৰু ৰঞ্জিত দাসৰ ত্রিবেণী নেতৃত্ব তথা বিজেপি, অগপ আৰু বি পি এফৰ ত্রিকোণী মিত্রজোঁটৰ সমুখত ভ্রষ্টাচাৰী আৰু অনুপ্রৱেশকাৰীৰ মিত্রজোঁট তিষ্ঠিব নোৱাৰিব৷’ অসমৰ আগন্তুক নির্বাচন বিজেপিৰ বাবে মহত্ত্বপূর্ণ৷ নির্বাচনৰ পূর্বৰ ছমাহ অত্যন্ত গুৰুত্বপূর্ণ সময়৷ এই সময়ছোৱাতে পাঁচবছৰীয়া চৰকাৰৰ কাম–কাজক ভোটলৈ পৰিৱর্তন কৰিব লাগিব৷ উল্লেখ্য যে দিনজোৰা কার্যসূচীৰে অনুষ্ঠিত এই কার্যনির্বাহকত থলুৱাৰ স্বার্থৰ সুৰক্ষা সুনিশ্চিতকৰণেৰে সকলোকে লগত লৈ এখন আত্মনির্ভৰশীল, বিকশিত আৰু নতুন অসম গঢ়াৰ দিশত গ্রহণ কৰা সবল পদক্ষেপৰ বাবে বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰৰ প্রতি আস্থা আৰু সহযোগিতাৰ প্রস্তাৱ গ্রহণ কৰা হয়৷ আনহাতে, ৰাজনৈতিক প্রস্তাৱৰ জৰিয়তে কংগ্রেছ–এ আই ইউ ডি এফৰ পৰিকল্পিত ষড়যন্ত্রই যাতে পুনৰ অসমৰ ক্ষতি কৰিব নোৱাৰে, তাৰ বাবে সজাগ আৰু সচেতন হৈ থাকিবলৈ অসমবাসীক আহ্বান জনায়৷ ৰাজ্যিক কার্যনির্বাহক বৈঠকখনত নতুন দিল্লীৰ পৰা ভার্চুৱেল ভাষণযোগে কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণীয়ে কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে৷ কর্মকর্তাসকলক উৎসাহ যোগাই তেওঁ ৰাজ্যিক বিজেপি আৰু ৰাজ্য চৰকাৰৰ সবল নেতৃত্বৰ কথাও উল্লেখ কৰে৷ আজিৰ সভাখনত ‘নেডা’ৰ আহ্বায়ক তথা বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, উত্তৰ–পূর্বাঞ্চলৰ পর্যবেক্ষক অজয় জামৱাল, প্রাক্তন সাংসদ ৰমেন ডেকা, কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী, ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র শর্মাকে ধৰি বহুসংখ্যক নেতা উপস্থিত থাকে৷